Sunday, 17 February 2013

এখন প্ৰেমৰ চিঠি



এখন প্ৰেমৰ চিঠি
মৰমৰ মনীষা,
বছৰৰ শেষ চিঠিখনৰ মৰমখিনি গ্ৰহন কৰিবা | কি লিখিম ভাবিছোঁ | ছেগা-চোৰোগাকৈ বহু কথাই মনলৈ আহিছে | এখন চিঠিৰ কথাৰে আৰম্ভ কৰোঁ |

এখন কিতাপ, এটি আশা..... এখন চিঠি :
১৯৯২ চনৰ কোনো এটি মধুৰ দিন | মনত আছেনে তোমাৰ ? বহুদিনৰ পোহপাল দি ৰখা এটি আশা আৰু এখন আলোচনীৰ (বিস্ময়) বছা বছা ঠিকনা | ঠিকনাৰ সমাহাৰত মোৰ কলমৰ পৰা শৃষ্টি হৈছিল এখন চিঠি আৰু বহুতো | মিছ..... শিলসাকো, শিৱসাগৰ; মিছ মনীষা আৰু বহুতো | বহুদিনৰ মূৰত লিখিলো তোমালৈ | পত্ৰবন্ধুত্ব আছিল মোৰ হবি | তোমাৰো | মৰমৰ অচিনাকী বান্ধবীৰে আৰম্ভ কৰি প্ৰান্তত ম‍ই থাকি প্ৰথমখন চিঠি তোমালৈ পঠালোঁ | মিছ মনীষা বৰা | এখন চিঠিৰ জন্ম | এটী মৰমৰ সম্বন্ধৰ জন্ম | চিঠিখনত মৰম বেছি মৰম নাছিল, আছিল বহুতো আশা | এমাহ বিৰতিৰ পাছত তোমাৰ চিঠিখন পালোঁ | পৰীক্ষা দি ৰিজাল্ট দিয়ালৈ ৰৈ থকাৰ নিচিনা এটা উগুল-থুগুল অৱস্থাত তোমাৰ চিঠিখন আছিল ভাল ৰিজাল্ট | হেই, তুমি মোৰ অচিনাকি নেকি ? বা ম‍ই তোমাৰ | নহয়, ম‍ই তোমাক চিনি পাইছোঁ | তুমি এজনী মস্ত বেয়া ভাল ছোৱালী | হয় নে নহয় ? আহা আমি অলপ আগবাঢ়ি যাওঁ |

মৰমৰ অনা-নিয়া : ্তাৰ পাছত ইখনৰ পাছত সিখন চিঠি | মৰমৰ চিঠি | বন্ধুত্বৰ আদান প্ৰদান | অধীৰ আগ্ৰহেৰে বাট চাওঁ তোমাৰ চিঠিৰ বাবে | সময়ত মৰমবোৰ পাওঁ | চিঠিবোৰ বিচাৰি চাওঁ, তুমি কেনেকুৱা ওখ নে চাপৰ, বগী নে ক’লী, মৰম লগানে ? নে দেখিলে বাঘ যেন লগা ? শাৰীৰিক অবয়ৱ চিঠিখনে দিব পৰা নাছিল, দিছিল তুমি মৰমিয়াল | ম‍ই তোমাক কল্পনা কৰিছিলোঁ, এজনী মৰমলগা সৰু ছোৱালী | দেখিলেই মৰম লগা ধুনু ধুনু ছোৱালী | ইছ, তাইৰ লাজটো চোৱা | দিম এক থাপৰ | মোক মৰম দিব পৰা মৰমিয়াল নে ? চিঠিবোৰত বিচাৰি চাওঁ তোমাৰ মৰমিয়াল মনটো | কৰবাত দেখা পোৱা হ’লে | যাম নেকি এবাৰ | নাই পাছত যাম | নগ’লোঁ | এনেকৈ ভাবৰ বুৰবুৰণি উঠি থাকোতে তোমাৰ পৰা মৰমেৰে লুতুৰি-পুতুৰি হৈ অহা চিঠি একোখন পাওঁ | কেতিয়াবা “ভালপাওঁ” টো থাকে সহজে | অচিনাকি ল’ৰা এজনক ( অঘাইতঙো হ’ব পাৰে ) ইমান সহজে ভালপোৱা দিব পাৰিনে ? ম‍ই মনটোক সোধোঁ | মনটোৱে বেঙা ল’ৰাটোৰ দৰে কৰে | জুমনে দিগদাৰ কৰিছে নেকি ? এই জুমন, তোমাক কিটকাট দিম |

গোলাপ : এতিয়া পোৱা হ’লে ক’লোঁহেঁতেন- চিঠিখন প্ৰেগনেন্ট হৈছে, ইমান পেটুৱা | সেইদিনা ডিচেম্বৰৰ আবেলি তেনেকৈ ভবা নাছিলোঁ | ভাবিলোঁ গ্ৰীটিংছ কাৰ্ড | আখৰকেইটাই ক’লে- ম‍ই মনীষা | ৰূমলৈ আহি অধীৰ আগ্ৰহেৰে চিঠিখন খুলিলোঁ | দুপাহ গোলাপ ফুলে মোক নতুন বছৰৰ শুভেচ্ছা জনালে | এটি হাঁহি বিৰিঙি গ’ল | মোৰ ভাল লাগিল, হাঁহিও উঠিল | আচৰিত হ’লোঁ | এতিয়া হোৱা হ’লে ক’লোঁহেঁতেন, দুষ্ট ছোৱালী, গোলাপ ফুল দি ডেকা ল’ৰাক প্ৰেম নিবেদন কৰিবলৈ আহিছে ? খং উঠিছে নেকি ? মোৰ উঠা নাই দেই | তুমি মোক ভাল পাইছিলা নেকি ? ভালপোৱাজনকহে গোলাপ ফুল দিয়ে- ৰঙা গোলাপ |
        মনীষাই মোক ভাল পায় ? ম‍ই পাওঁনে ? ম‍ই ভালপাওঁ জানো ? মোৰটো তেনেকুৱা অনুভৱ হোৱা নাই | ৰঙা গোলাপৰ অৰ্থ ম‍ই বুজিলোঁ | বগা গোলাপৰ অৰ্থ ? এখন সুবাসিত চিঠি | মন পৰশা | তাত বাৰু হৃদয়ৰ সুবাস আছিল নেকি ? প্ৰেমৰ সুবাস থাকিলেহে কিজানি সুবাসিত গোলাপ অধিক মধুৰ হয় | সিদিনা গোলাপৰ সুগন্ধত ম‍ই পাইছিলোঁ প্ৰেম-ভালপোৱাৰ চিকমিকনি | সঁচাই | কি উত্তৰ দিওঁ ? পাছত ম‍ই যি লিখিলোঁ তাত চাগে প্ৰকাশ পাইছিল মোৰ অন্তৰৰ খু-দুৱনি | তোমাৰ অভিমানৰ মিঠাবোৰ বহুদিন উপভোগ কৰিছিলোঁ | গোলাপ দুপাহ আজিও আছে | ভাবি ভাল লাগে | 

মুখামুখি : আমাৰ বন্ধুত্ব‍ই দুয়োকো ওচৰ চপাই আনিলে | তোমাৰ অনুৰোধত (“আমাৰ ঘৰলৈ কেতিয়া আহিবা ? ”) আৰু মোৰ মনৰ তীব্ৰ আকৰ্ষণৰ তাগিদাত এদিন ওলালো | এটি মিঠা পুৱা | কিনকিনীয়া বৰষুণ | গাড়ীত মনটো উৰিছে | মোৰ টেনচন হৈছিল | এছোৱা খোজকাঢ়ি তোমালোকৰ ঘৰ পালোগৈ | ড্ৰয়িঙ ৰূমত তোমাৰ অপেক্ষাত |..... মনীষা আহি মোৰ সমুখত | ধুনীয়া | এটি নমস্কাৰেৰে যে তুমি মোৰ লগত চিনাকী হৈছিলা মনত আছেনে ? লাহে লাহে সহজ হ’লো | দেউতাৰ এটি প্ৰশ্নত থত্‌মত  খালোঁ | “অহাৰ বা উদ্দেশ্য কি ? ” “ম‍ই মনীষাৰ পত্ৰবন্ধু ” | উত্তৰটো কিজানি যথাযথ নাছিল | অন্য কি ক’ব লাগে ম‍ই ভাবি পোৱা নাছিলোঁ | এই প্ৰসংগটো লৈ আজাদে মোক বহুদিন জোকালে | চিনেমাত এনে দৃশ্যৰ অৱতাৰণা হ’লে মনত পৰে তোমালোকৰ ঘৰৰ প্ৰথম দিনটোৰ কথা | চাহ একাপ খাই লোৱা | তোমাক ম‍ই সিদিনাই ভাল পাই পেলাইছিলোঁ, কিন্তু ক’ব পৰা নাছিলোঁ | হৃদয়ৰ বহু কথাই নোকোৱাকৈ থাকি যায় কিজানি |

আৱৰ্তন : পূৰা এমাহ নোহোৱাতেই আকৌ গ’লোঁ | দ্বিতীয়বাৰ | তৃতীয়বাৰ | মোৰ মনৰ কথা তোমাক ক’লো | তুমি মোক বিয়াৰ কথা কৈছিলা | ম‍ই মোৰ সমস্যাৰ কথা কৈছিলো | তুমি মোৰ সৈতে একাত্ম হ’ব পাৰিলানে ক’ব নোৱাৰিলোঁ | কিছুমান অনাহক তুলনাই মোক হতাশ কৰিছিল | ম‍ই ভাবিছিলোঁ – প্ৰেম ভালপোৱা আমাৰ বাবে নহয় | বেয়া লগিছিল |

এখন কাজিয়া : তোমাৰ এখন চিঠিৰ প্ৰত্যুত্তৰত ম‍ই দুখেৰে, ক্ষোভেৰে লিখিছিলোঁ- কথাবোৰ পাহৰি যাবলৈ | তুমি বহুত চিঠি দিছিলা | ম‍ই দিলোঁ | চুটি চুটি | ম‍ই নাযাও বুলি ক’লো | ডুলীয়াজানলৈ গ’লো | মোৰ ওচৰত ৰৈ গ’ল তোমাৰ দুদিনৰ মৰম | মনত সদায় দোলা দি যায় | তুমি সদায় চকুপানী মচা বুলি কৈছিলা | চকুপানী বাকী আছেগৈ নে ? ঘৰলৈ গ’লে তোমালোকৰ ঘৰখনলৈ চাওঁ | ভাল লাগে | তুমি কি কৰি আছা ভাবো | আহোঁ, যাওঁ | তোমাৰ পৰা চিঠি নোপোৱা হ’লোঁ | তোমাক কেতিয়াবা লগ পাম বুলি ভাবো | চিঠিৰে আৰম্ভ কৰা মৰম-ভাল্পোৱা ইমান সোনকালে শেষ হৈ যাবনে ? ম‍ই বৰ আশাবাদী আছিলোঁ | এই সময়ত মোৰ হৃদয়ত কাকো স্থান দিয়া নাছিলোঁ | কোনোবাই আহিলেও বাধা দিছিলোঁ | এই বছৰকালত কোনোবা মৰম আকলুৱা তোমাৰ হৃদয়ত সোমাইছিল নেকি ? ম‍ই নাজানো | বেয়া নোপোৱা যদি আৰু অলপ লিখোঁ | 

অগ্নিপৰীক্ষা নাছিল : আমাৰ এবছৰ এৰা-এৰি হ’ল | এয়া চাগৈ অসময়ত বিয়াৰ কথাৰ ফলশ্ৰুতি আৰু মোৰ অঁকৰামিৰ ফল | এদিন তুমি পুনৰ আহিলা | মোৰ হৃদয়ত তোমাক নতুনকৈ বিচাৰিব লগা নহ’ল | তোমাৰ পুনৰাগমনে মোক আশা দিলে, মৰম দিলে | আগতকৈ বেছি | ম‍ই পুনৰ হাহিলোঁ | তোমাৰ চকুপানী হাঁহিলৈ ৰূপান্তৰিত হ’লনে ? গোলাপ দুপাহে হাঁহিয়েই আছে |

হৃদয়ৰ পৰা হৃদয়লৈ – অভিমান : “অভিমানৰো এটা সীমা আছে ”- ক’ম বুলি ভাবিও নকোৱা যেন লাগে | কিমান যে খং কৰো, কাজিয়া কৰো তোমাৰ সৈতে | বুজিলো ম‍ই অলপ বেছি জেদী, অভিমানী | ভাল মানুহ হ’বলৈ যত্ন কৰো | - এই ভাল মানুহ কাক কয় ? তুমিও অভিমানী হ’লা | এই বিষয়ত ম‍ই তোমাৰ শিক্ষক | মোৰ গুৰু দক্ষিণা নিদিয়া কিয় ? দিবাদেই | আচলতে মোৰ ভালপোৱাৰ বাবে বাবে ম‍ই অভিমানী | তোমাৰ ওচৰত | তুমিও | প্ৰেমৰ অভিমান খিনি মিঠা | চাহত চেনি নিদিলেও হ’ব | অলপ অভিমান কৰি দিবা |

দৌলৰ পূৱ-প্ৰান্ত- এন. আই . চি. এম : দৌলৰ বেৰবোৰে, গছলতিকাই তোমাক-মোক চিনি পোৱা হ’ল | যদিও আমি ভালকৈ চিনা নাই | বহি থকা মুহুৰ্তবোৰ ভাল লাগেনে ? মোৰ লাগে | আগগুৰি নোহোৱা কথাবোৰ | নীৰৱ মূহুৰ্তবোৰ | সবতে কিবা এক মাদকতা আছে | এন.আই.চি. এমৰ পৰা দৌললৈ মিঠা জোকাৰণিবোৰ,... ছ’ৰি, জাৰ্নিটো | ভাল লাগেনে ? আহি বহিবলৈ ঠাই নাপালে সমানেই বেয়াও লাগে | 

মনৰ বেমাৰ- দেহাৰ বেমাৰ : আকৌ কাজিয়া | আজিৰ পৰা আৰু এমাহ তোমাৰ ওচৰত নবহোঁ | বহা নাছিলোঁ | আৰু শূন্য দিন বাকী আছিল | তোমাৰ অসুস্থতাই মোক এজন প্ৰেমিক হিচাবে নহলেও এজন ডাক্তৰ হিচাবে ওচৰত বহিবলৈ বাধ্য কৰিলে | হৃদয়ৰ ওচৰলৈ তুমি আহিলানে ?

হৃদয়ে নুবুজে : এদিনো কেতিয়াবা বহু দীঘল যেন লাগে | যেতিয়া হৃদয়ৰ প্ৰতি হৃদয়ৰ আকৰ্ষণ থাকে | যিকোনো সময়ত তোমাক লগ পাবৰ মন যায় | সমাজলৈ ভয় নলগা হ’ল | সদায় গ’লো | তোমাৰ খবৰ লবলৈ | কিবা কথা শুনিব লাগিব বুলি ভাবিছিলোঁ | সেয়ে হ’ল | এদিন গধুৰ মন লৈ উভতি আহিলো | কিছুদিন নাযাও বুলি ঠিক কৰিছিলোঁ | .... তোমাৰ অনুৰোধত আকৌ গ’লো | চিনাকি পৰিবেশটো মোৰ অসহজ যেন লাগিছিল | ড্ৰয়িৰূমত তোমাৰ সৈতে আৰু  “বিস্ময়” কেইখনৰ সৈতে কথাপাতি উভতি আহিলো | হাঁহি উঠা কোতুক পঢ়িও হাঁহি নুঠিল | অনুমান কৰিছিলো এটা ভাল নলগা পৰিবেশৰ সৃষ্টি হৈছিল | এতিয়া কিছু সহজ | আকৌ যাবলৈ ল’লো | মৰম বিচাৰি , মৰম দিবলৈ | মোৰ হৃদয়ত থকা তুমি জনীয়ে যেন বাৰে বাৰে কয়- আহিবানে ? তোমাক ভাল পাও বাবে আকৌ গ’লো | তুমি কৈছিলা পাহৰি যাবলৈ | এতিয়া ভাবো- যাম, গালি খালেও ভাবি লম এয়া আমাৰ প্ৰেমৰে ফচল |

বিশ্বাস- সাহস : ইজন-সিজনৰ প্ৰতি বিশ্বাস থাকিলেহে মানুহ সাহসী হয় আগবাঢ়ি যোৱাৰ বাবে | অকলে লগ পালেও বেয়া নালাগে | অন্য মানুহৰ উপস্থিতি অসহজ নলগা হ’ল | অকলে আহিবলৈ সাহস পালা | মোৰ প্ৰতি তোমাৰ বিশ্বাস থকা বাবেই পাৰিছা বুলি ভাবিছো | বিশ্বাস, ভালপোৱা, আৰু পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা হ’ব লাগে প্ৰেমৰ মূলমন্ত্ৰ | অবিশ্বাস, অশ্ৰদ্ধাই প্ৰেমক নাৰকীয় কৰি তুলিব পাৰে | আমনি লাগিছে নহয়; আৰু অকন মান লিখো |

নতুন বছৰলৈ শুভেচ্ছাৰে : পূৰণি বছৰটিৰ বিদায় সমাগত | এটি নতুন বছৰ বাটচ’ৰা পাইছেহি | এই বছৰটিৰ তিতা-মিঠাবোৰ গ্ৰহন কৰিছোঁ | এয়া থাকিব‍ই | সংঘাত থাকিব‍ই | আগত বছৰটো হওক আশাৰ, ৰঙৰ আনন্দৰ- তাৰেই কামনা কৰিছো | ভগৱান হওক আমাৰ সাৰথি | আহা, দুয়ো হাতে হাত ধৰি আগবাঢ়ি যাওঁ এটি নতুন প্ৰভাতলৈ | শুভেচ্ছাৰে সামৰিছোঁ-
ইতি,
তোমাৰ দীপুল,
৩০/১২/৯৮