Monday, 7 June 2021

মাই এইম ইন লাইফ

 মাই এইম ইন লাইফ


কি লিখিছিলোঁ- কি লিখিছিলোঁ

হয় লিখিছিলোঁ : টু বিকাম এ ডক্তৰ

টু চাৰ্ভ দা ছ’চাইটি.......


হৈছিলো ডক্তৰ এদিন 

ডিঙিত ষ্টেথ’ ওলোমাই যোৱাৰ দিনা 

কিমান যে লাগিছিল আনন্দ লগতে লাজ৷

ৰাতিপুৱা আবেলি সন্ধিয়া ৰাতি 

সকলো সময়তে আৰ্তজনক চুইছিলোঁ

কথা পাতিছিলোঁ চিকিৎসা দিছিলোঁ 

দৰব দিছিলো, দেহৰ অসুখবোৰ আতঁৰিছিল

কেকাই অহা জন  হাঁহিৰে ঘৰলৈ গৈছিল৷


মনৰ আনন্দতে গামোছা এখন দি যায়

কলম এটা উপহাৰ দি যায় ৷

অথবা ঘৰতে বনোৱা আচাৰৰ বটল 

ডায়েৰিত এইবোৰো লিখা থাকে ৷


মানুহৰ মৃত্যুত আমাৰো দুখ লাগিছিল৷

আত্মীয়ৰ কান্দোনত আমাৰো চকলো ওলাইছিল৷


যেতিয়া মেডিকেলৰ পৰা ওলাই গ’লোঁ

তেতিয়া ৰোগী মৰিলে আমাক মাৰিব খোজে

ৰোগী ক্ৰিটিকেল হ’লে 

আমাক মাৰি পিটি ক্ৰিটিকেল কৰে

শান্ত হস্পিটালখন আশান্ত হৈ পৰে

শান্ত ডাক্তৰবোৰৰ শান্তি শেষ হয়

মোবাইলত ঘনে ঘনে ফোনবোৰ আহে৷


ডাক্তৰ দেবেন দত্তক মৰিয়াই মাৰিলে

ডাক্তৰ সেউজ কোভিদ যোদ্ধাক 

মাৰি পিটি পিটি কোলাজ আঁকিলে৷


মই নকওঁ মোৰ ছোৱালীজনীক ডাক্তৰ হ

মই আগবঢ়াই নিদিওঁ তাইক মাৰ খাবলৈ৷


ডিচি হ ভিচি  হ যি হ হবি

নহবি ডাক্তৰ নাখাবি মাৰ৷


জন্ম মূহুৰ্তটো ডাক্তৰক লাগে

মৃত্যুৰ সময়তো ডাক্তৰ থাকে

তেজে তুমুৰালি হ’লেও ডাক্তৰৰ চিকিৎসা

মনৰ পথাৰত ছন পৰিলে লাগে ডাক্তৰ৷


বাতৰিৰ শিৰোনামত ডাক্তৰৰ ভুল চিকিৎসাৰ ৰায়

ডাক্তৰে সততে নাম পায় ডকাইত কিম্বা কচাই!


টাইলচ লগোৱা মাৰ্বল লজোৱা মজিয়া বিল্ডং

সজালেই হস্পিটাল নহয়

ডাক্তৰ নাৰ্চ নাথাকে যদি তাত 

অন্যথা সেয়া মাথো এটা আলয়

নহয় কেতিয়াও চিকিৎসালয়৷


মেডিকেল কলেজত ছাত্ৰৰ অভাৱত ছিটবোৰ খালী থাকে

ফেকাল্টিৰ বিহিন ভাবে বিভাগবোৰ চলে৷


ডাক্তৰ ভাগৱতী চাৰক গাঁৱলৈ বেমাৰী চাবলৈ আহোঁতে

কাঁহৰ বটাত মাননি দিছিল: সেয়া এতিয়া সাধু হ’ল,

সৰু বৰ ডাক্তৰৰ পিঠিখন ৰাজহুৱা হ’ল !


ডাক্তৰৰ দুৰ্গতিৰ কথা ইমানতে থলোঁ

ভুল ভ্ৰান্তি হ’লে ক্ষমিয়োকো মোক ৷ 🙏


ডা: দীপুল হালৈ৷

৬৷০৬৷২০২১

Saturday, 29 May 2021

 কৰোণা 


মুকুল, নাৰ্চাৰী, প্ৰথম শ্ৰেণীৰ কনমানীয়েও জনা এটা 

ভাইৰাচৰ নাম৷


সকলোক মাক্স পিন্ধিবলৈ বাধ্য কৰোৱা এটা

ভাইৰাচৰ নাম৷


সামাজিক ব্যৱধান , হাত ধুৱাই থকা এটা ভাইৰাচ কৰোণা৷

লকডাউন, কোৱাৰেণ্টাইন, ছেনিটাইজেছন, এছ ও পি আদি 

শিকোৱা এটা ভাইৰাছ কৰোণা


ৱাৰ্ক ফ্ৰম হম, অন লাইন ক্লাছৰ কাৰক

কৰোণা


জাত পাত ধনী দুখীয়া সকলোকে সমান কৰা 

ভাইৰাছ কৰোণা 


স্কুল কলেজ, জীম, থিয়েটাৰ , চিনেমা মাহৰ পাছত মাহ বন্ধ

কাৰণ - কৰোণা ৷


 ডাক্তৰ নাৰ্চ বা আন চিকিৎসা কৰ্মীক কৰোণাই নাম দিলে

কোভিদ ৱাৰিয়ৰ বা কোভদ যোদ্ধা৷


ঠাৰ্মেল স্কেনাৰ, প্লাচ অক্সমিটাৰ ঘৰে ঘৰে আনি দিলে

কৰোণাই৷


মৃতজনকো আত্মীয়ৰ পৰা আতৰাই ৰাখিলে কোনে ?

কৰোণাই৷


 ঘন্টা পাচত ঘন্টা পিপিইৰ বৰ্ম পিন্ধাই ৰাখিলে 

কৰোণাই৷


নামঘৰ, নাটঘৰ, মন্দিৰ, মছজিদতকৈ বেছিকৈ লাগে

হস্পিটাল, অস্কিজেন প্লান্ট ৷ বুজালে কোনে: কৰোণাই ৷


স্কুল নগলেও শিকিব পাৰি, অফিছ নগলেও কাম হয় ৷

কৰোণাই শিকাই গ’ল৷


পুৰোহিততকৈ ডাক্তৰ বেছি প্ৰয়োজন৷

হিৰোইনতকৈ নাৰ্চ৷ কৰোণাই প্ৰমান কৰিলে৷


নগৰতকৈ গাঁৱবোৰ বেছি সুৰক্ষিত৷

কৰোণাৰ কালত আকৌ বুজিলে৷


চাবোন পাৰফিউতকৈ বেছি প্ৰয়োজনীয়৷

মাস্ক লিপষ্টিকতকৈ ৷ শিকালে কোনে : কৰোণাই৷


উহানত জন্মি বিনা ভিছা পাছপোৰ্টেৰ সমগ্ৰ বিশ্ব ভ্ৰমিলে কোনে ?

কৰোণাই৷


ও পাহৰিছিলোয়েই : ডালগোনা কফিক বিখ্যাত কৰিলে কোনে ? কৰোণাই৷


( কবিতা নহয়)


ডা: দীপুল হালৈ ৷

২৮৷০৫৷২০২১

Thursday, 4 March 2021

ম‍ই জয় আই অসম বোলো কিয়

 জীৱনৰ প্ৰথম কবিতাটোঃ

"ম‍ই জয় আই অসম বোলো কিয়?"
ডাঃ দীপুল হালৈ
মোৰ জীৱনৰ প্ৰথম কবিতাটো লিখিছিলো ১৯৮৩ চনত | তেতিয়া অসম আন্দোলনৰ ভৰপক | বিদ্যালয়ত শ্ৰেণী বৰ্জন হৈয়েই থাকে | আমি স্কুললৈ গৈ কাৰ্য্যালয়ৰ সমুখত বহি দিও যাতে চাৰ সকলে সোমাব নোৱাৰে | এনেকৈ এবাৰ শ্ৰেণী বৰ্জন কৰোতে বৰমা থানাৰ পৰা বহুতো পুলিছ আহি আমাৰ ওপৰত লাঠি চালনা কৰিছিল | প্ৰথমে বহুত ঘটনা কৈ আমাক ভয় খুৱাইছিল | কিন্তু কোনো উঠি নোযোৱাত আমাৰ ওপৰত লাঠিৰে কোবাবলৈ লৈছিল | আমি দুই একোব খাই পলাই সাৰিছিলো | পুলিছ অনাত আমাৰ অঞ্চলৰ এজন ছাত্ৰনেতাই আগভাগ লৈছিল যিজনে আন্দোলনৰ ঘোৰ বিৰোধিতা কৰিছিল |

সেই সময়ত অসমত কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন জাপি দিছিল | সদৌ অসম ছাত্ৰ সন্থাই এই নিৰ্বাচনৰ তীব্ৰ বিৰোধিতা কৰিছিল | নিৰ্বাচন যাতে হ’ব নোৱাৰে তাৰ বাবে ঠায়ে ঠায়ে বহুতো দলঙ কোনোবাই জলাই দিছিল | এনেয়ে ৰাস্তা ঘাটৰ অবস্থা নাই তাতে দলঙবোৰ জ্বলাই দিছিল | .. কিন্তু নিৰ্বাচন হৈছিল | এয়াই জুয়ে পোৰা ৮৩ৰ নিৰ্বাচন | হাতৰ আঙুলিত লিখিব পৰা ভোটাৰে ভোট দি নিৰ্বাচন "সফল" কৰিছিল | যিবিলাকে অসম আন্দোলন বৰ্জন কৰিছিল সেই মানুহবিলাকে ভোট দি এখন অবৈধ চৰকাৰ গঠন কৰাত সহায় কৰিছিল | তেতিয়া “জয় আই অসম” এই বাক্যটোৱে গাত শিহৰণ তুলিছিল | সকলোতে জয় আই অসম | যিটো লোৱা হোছিল বেজবৰুৱা দেৱৰ এটি কবিতাৰ পৰা | “অসম আকৌ উন্নতি পথত জয় আই অসম বোল” | হয় আমি জয় আই অসম বুলিছিলো |

ছাত্ৰ সন্থাই উলিওৱা সোভাযাত্ৰাত “জয় আই অসম” বুলি টেটু ফালি চিঞৰিছিলোঁ | দোকান, ঘৰ, চাইকেল, ৰিক্সা ,গাড়ী- মটৰ সকলোতে “জয় আই অসম” বুলি ছাত্ৰ সন্থাৰ স্বেচ্ছাসেৱকে লিখি দিছিল | আমাৰ ঘৰৰ চাইকেলখনৰ চেইন কভাৰটো “জয় আই অসম” বুলি বগা ৰঙেৰে সুন্দৰকৈ লিখি দিছিল | মোৰ মনকো এই জয় আই অসম বাণীয়ে বৰকৈ আন্দোলিত কৰিছিল | কোনোবা এখন স্কুলৰ আলোচনীত মোৰ বয়সৰ ছোৱালী এজনীয়ে এটা কবিতা লিখিছিল – “মই কবিতা লিখো কিয় ?” | মোৰ মনতো কবিতা লিখাৰ হেঁপাহ জাগিছিল | মনতে ভাবিলোঁ – ম‍ইও চোন লিখিব পাৰো “ মই জয় আই অসম বোলো কিয় ?” লিখিছিলোঁ জীৱনৰ প্ৰথম কবিতা – “মই কবিতা লিখো কিয় ?”ৰ আৰ্হিত | সেই ছোৱালীজনীৰ নাম ধাম এতিয়া একো মনত নাই | তথাপিতো সেই “অনামিকা”ৰ ওচৰত ম‍ই আজিও কৃতজ্ঞ | আচলতে শৈশৱত লোকৰ আৰ্হি লবলৈ মন যায় | কাৰোবাৰ ভাল হাতৰ আখৰ দেখিলে তেনেকৈ লিখিবলৈও চেষ্টা কৰিছিলোঁ | এতিয়া মোৰ স্মৃতিৰ গৰ্ভৰ পৰা তুলি দিলো মোৰ শৈশৱৰ প্ৰথম কবিতা বা পদ্যটো

ম‍ই জয় আই অসম বোলো কিয় ?:

ম‍ই জয় আই অসম বোলো কিয় ?
অসম মাতৃক মনত পেলাবলৈ |
ম‍ই জয় আই অসম বোলো কিয় ?
বিদেশীৰ বুকু কঁপাবলৈ |
ম‍ই জয় আই অসম বোলো কিয় ?
অসমীয়া ডেকাক জগাবলৈ |
ম‍ই জয় আই অসম বোলো কিয় ?
বিদেশী বহিস্কাৰ কৰিবলৈ |
ম‍ই জয় আই অসম বোলো কিয় ?
দেশপ্ৰেম জাগ্ৰত কৰিবলৈ |
ম‍ই জয় আই অসম বোলো কিয় ?
অসমী আইক পূজিবলৈ...।

এই কবিতাটো আমাৰ বিদ্যালয়ৰ আলোচনী “জ্যোতি”ত প্ৰকাশৰ বাবে দিছিলো | সেইবাৰ আমাৰ প্ৰথম আলোচনী ওলাব | দি মনত এক উগুল ঠুগুল ভাব – ওলাব নে নোলাব | আৰু মোক আচৰিত কৰি দি কবিতাটো “জ্যোতি”ৰ প্ৰস্তাবনা সংখ্যাত প্ৰকাশ পাইছিল | সিদিনা নামটো “শ্ৰী দীপুল চন্দ্ৰ হালৈ, সপ্তম শ্ৰেণী...”-- প্ৰথম ছপা আখৰত দেখি কিমান আনন্দ লাগিছিল সেই কথা মই ভাষাৰে বুজাব নোৱাৰিম |

Wednesday, 3 March 2021

আবেগ

 

আবেগ


: মা, আহিলে গাড়ী - বুলি চিঞৰী আনন্দতে জাপ দুটামান মাৰি পৰীয়ে ক’লে : নতুন ডাইনিঙ আহি গ’ল৷ পৰীৰ আনন্দ৷ নতুন বস্তু দেখিলেই তাইৰ ফূৰ্তি৷ সেয়া লাগিলে বেলুনেই হওঁক বা চকী মেজেই হওঁক৷ শিশু মন৷

সংসাৰ আৰম্ভ কৰাৰ পাছৰে পৰা বিপুল আৰু বিনীতাই বহু ঠাই ঘুৰি ফুৰিলে৷ লাম লাকতু এগালমান যোগ হয়৷ কেইটামান কাৰোবাক দি আহে৷ হেতা, কেৰাহি , চকী টেবুল, ৰেকৰ এখন দীঘলীয়া লিষ্ট৷ মধ্যবিত্তীয় পৰিয়াল এটাৰ এইবোৰ সুখৰ দুখৰ লগৰি৷ ইঠাইৰ পৰা সিঠাইলৈ কঢ়িয়াই ফুৰিব লাগে৷ সকলো মৰমৰ বস্ত ৷ গেঞ্জীটো যিমান মৰমৰ কোটটোও সিমান মৰমৰ৷ বিয়াৰ পাচত বিপুলৰ কোৱাটাৰটোত বিশেষ একো নাছিল বুলিলেই হয়৷ এটা হিটাৰ, থাল দুখন, বাতি দুটা, কেৰাহি এখন , গিলাছ এটা- ইমানেই৷ এবছৰমান পাছত ইনষ্টলমেন্টত এটা টিভি আৰু এটা ফ্ৰীজ ললে৷ এই দুপদ বস্তু লোৱাৰ দিনা কিমান যে আনন্দ লাগিছিল৷ বিনীতা অহাৰ পাছত লোৱা দুপদ ডাঙৰ সামগ্ৰী৷

: ডাইনিং এখন লব লাগিছিল৷ কিমান আৰু বিছনাত কাগজ পাৰি ভাত খাবা৷ - বিনীতাই ক’লে৷
: লব পাৰি চেট এটা৷ ভাত এগৰাহ মুখত লৈ বিপুলে ক’লে, “ এইবাৰ দৰমহা পালে লম দিয়া এটা ৷ “ কোনোবা চাহ খোৱা আলহী আহিলেও কাপটো থবলৈ ঠাই অকন লাগে৷

এদিন লৈ আহিল চেট এটা ৷ এখন টেবুল ছখন চকী৷ দাম দৰ কৰি প্লাষ্টিকৰ চেটটো পচিছ শ টকা দি আনিলে৷
বিনীতাৰো ভাল লাগিল৷ অনন্ত: এতিয়া খোৱাৰ সময়ত বাতৰি কাগজ বিচনাত পাৰিব নালাগে৷ প্ৰথম দিনাই মাছ ভাতেৰে ডাইনিঙৰ আৰম্ভণি হৈ গ’ল৷

জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত খবৰটো আহিল৷ বিপুলৰ বদলি হৈছে অৰুণাচললৈ৷ বস্তু বাহিনী বান্ধি সাতবছৰৰ আত্মীয়তা এৰি অন্য এখন পাহাৰীয়া ৰাজ্যলৈ ঢাপলি মেলিলে৷ ডাইনিং চেটটোও ভালকৈ পেক কৰি সৰু ট্ৰাকখনত বোজাই কৰি দিলে৷ “ তাত গৈ আকৌ কিনাতকৈ লৈয়ে লোৱা৷“ ল’লে৷ প্ৰথম কিনা বস্তুত মোহ বেছি৷ এটা চোলাকে বছৰ বছৰ ধৰি ধুই মেলি পিন্ধে সি৷ গতিকে সি ভালেই পালে৷ ই এম আই, ঘৰ খৰচ, ঘৰলৈ টকা পঠাই তাৰ একাউন্টত মাহৰ শেষত শতকৰ ঘৰত পইচা থাকে৷ বহু টানি টুনি চলিব লগা হয়৷ অভাৱত ডাঙৰ হোৱা তাৰ কাৰণে এইবোৰ সৰু কথা৷ সুখটো ডাঙৰ৷ টকা পইচা আজি আছে কাইলৈ নাই৷

অৰুণাচলত প্ৰথম থকা কোৱাটাৰটো প্ৰথম কেইমাহমান ফুৰিবলৈ আৰু চিনাকী হবলৈ বহুতো কলনিৰ মহিলা আহিল৷ ডাইনিঙত বহি গল্প গুজব কৰিলে৷ চাহ মিঠাই পিঠা পনাৰ পৰ্ব চলিয়ে থাকে৷ বিনীতাৰ দেউতাকহঁত এবাৰ আহিল৷ প্ৰথম ভাত খোৱা আলহি৷ ডাইনিঙৰ চকীত বহি বিপুলে আলুৰ বাকলি গুচায়৷ মাংসৰ বাবে নহৰু, পিয়াজৰ বাকলি গুছায়৷ দেউতাকে শিক্ষকতা কৰা স্কুলৰ কাহিনী কৈ থাকে৷ “... ৰাতিপুৱাই হাল লৈ পথাৰলৈ যাওঁ৷ বৌতিয়ে ভাত ৰান্ধে৷ খাই চিধাই স্কুল৷ চাইকেল মাৰি যাওঁ৷ হাৰকিউলিছ চাইকেল৷ ৰবলৈ তৰণি নাই৷ চাইকেলখন এতিয়াও ভালে আছে৷“

: এই খিনি চোৱাচোন ৷ নিমখ হৈছে নেকি৷ বিনীতাই বিপুলৰ হাতত এবাতি মাংসৰ আঞ্জা দি গ’ল৷ শ্ৰীমতীৰ কথাত দেউতাকৰ জীৱনৰ গল্পত যতি পৰিল৷
: ও, বঢ়িয়া ৷ নমাব পাৰা৷ - বিনিতাক ক’লে৷

বহুত আলহি প্লাষ্টিকৰ এই ডাইনিঙটোত বহি বিনীতাৰ হাতৰ ৰন্ধা আহাৰ খালে৷ কোডাক কেমাৰাটোত তোলা ফটোবোৰে স্মৃতিবোৰ সজীৱ কৰি ৰাখিছে৷

: বিনী তুমি বহুত শকত আছিলা দেই৷ মোটি লাগিছে৷ এইখন অৰুণাচলৰ প্ৰথম ফটো৷ দুহাজাৰ সাতৰ ন ?- বিপুলে শুধিলে৷ বিনীতাক মৰমতে বিনী বুলি মাতে৷
: হয়৷ দেউতাহঁত অহাৰ সময়ৰ ৷ ক্ষীণাবলৈ ফিল্ডৰ চাৰিওফালে কিমান চক্কৰ লগালোঁ তেতিয়া৷
: আৰু এয়া নামৰূপৰ খুড়ীহঁত অহাৰ সময়ত তোলা৷ কি কি ৰান্ধিছিলা ! ঢেৰ আইটেম দেখোন ৷
: চিতল মাছ আৰু চিকেন৷ বাকীবোৰ পাহৰিলোঁ৷
: এইখন বিনোদ দা আহোতে তোলা৷ চিল্লি চিকেন৷
এই ডাইনিঙটোত বহুত আলহিক আপ্যায়ন কৰিলোঁ৷ বিনীতাই ক’লে৷
: বহুতদিন মই অকলে খাব লগাও হৈছিল৷ দুই তিনিদিন যে কেতিয়াবা মেঘ দি থাকে ৷ বিপুলৰ কথা শুনি বিনীয়ে পেন্দোৱাকৈ চালে৷
: ও এইখন তুমি ষ্টাইল মাৰি উঠা ফটো ৷ ইয়াৰ এখন চকীত বহি তুলিছিলা৷ সময়বোৰ ধৰি ৰাখিব পৰা হ’লে৷ বিপুলৰ কথাত বিনীয়ে হয়ভৰ দিলে, “ ফটোবোৰ আছে নহয়৷“
: ফটোবোৰটো এটা সময়ত বেয়া হৈ যাব!

পৰীৰ প্ৰথম জন্মদিনটো ডাইনিঙখনতে কেকটো কাটিছিল৷ বাৰ্বি কেক৷ পৰী চাৰি বছৰ হওঁতেই আকৌ বদলি৷ অন্য এখন পাহাৰীয়া ৰাজ্যলৈ৷ দুখে ভয়ে এদিন বিনিতাহঁত আকৌ এখন নতুন ঠাইৰ আলহি হ’ল৷ পিছে মানুহে কোৱাৰ দৰে ঠাইখন আৰু মানুহবোৰ ইমান বেয়া নহয়৷ ডাইনিঙ চেটটোৰ মোহ এৰিব নোৱাৰিলে৷ নতুন ঠাই বস্তু বাহিনী কি পাই গম পোৱা নাযায়৷ আন বস্তু বাহিনীৰ লগত ডাইনিং চেটও লৈ গ’ল৷

প্ৰতিবেশী সুমীতৰ পৰিয়ালটোক এদিন খাবলৈ মাতিলে৷ বিনীতাৰ হাতৰ ৰন্ধা খাই বেয়া পোৱা মানুহ পোৱা নাই৷ ইমান ভাল পালে যে চুজি মাজি খালে৷ তাইৰ মন ভৰি গ’ল ৷
: মই এনেকৈ খোৱা মানুহেই ভাল পাওঁ৷ একো এটা লোকচান কৰা নাই৷ বিনীতাই ক’লে৷
: মোৰো ভালকৈ খালে ভাল লাগে৷ কিছুমান আলহিয়ে আধা খায় আধা নাখায়৷ অপব্যয় কৰে ৷ বিপুলেও ভাল পালে৷
: অংশে কেলেই চামুচেৰে খাই মা ? - পৰীৰ প্ৰশ্ন৷
: দেউতাকে তেনেকৈ শিকাইছে৷ তুমিও হোটেলত চামুছেৰে খাবা৷ আৰু ঘৰত হাতেৰে খাবা৷ মাকে পৰীক ক’লে৷
: হব মা৷

প্লাষ্টিকৰ ডাইনিঙ চেটটোৰ কুৰি বছৰৰ বেছি হ’ল৷ পাহাৰে ভৈয়ামে বগাই গৃহষ্ঠ আলহী অতিথিক ভোজন গ্ৰহন কৰিবলৈ দি আহিছে৷ নিৰামিষ, আমিষ, মাছ, মাংখ, পনীৰ, হটকেছ, হেতা, থালৰ গোন্ধ আৰু ভৰ সহি এতিয়াও চলি আছে৷ বিপুলহঁতে গাঁৱৰ খেৰৰ ঘৰত পীৰাত বহিয়ে ভাত খাই ডাঙৰ হ’ল৷ কলেজলৈ যাওঁতেহে হোষ্টেলত ডেস্কত ভাত খাইছিল৷ সেয়াই আৰম্ভণি৷ বেঞ্চত বহি ডেস্কত ভাত খাইছিল৷ ঘৰলৈ গ’লে আকৌ পীৰা৷ মাটিৰ মজিয়াত পীৰা পাৰি দিয়ে বায়েকে৷ মাকে পাকঘৰৰ পৰা কাহৰ কাহি বাতিত ভাত আঞ্জা লৈ ভাগে ভাগে দি যায়৷ আটায়ে একেলগে খায়৷ মাক বায়েকহঁত পাচত বহে৷ পীৰাত বহি মাকে ৰন্ধা ভাত আঞ্জাৰ সোৱাদ হোষ্টেললৈ আহিলেও পাহৰিব পৰা নাছিল৷ হোষ্টেলত বহুত মছলা দি ৰন্ধাবোৰো সোৱাদ লগা নাছিল৷

এই ডাইনিঙটোতে বিপুলৰ শ্ৰীমতীয়ে কিমান থালি ৰান্ধি খালে আৰু খুৱালে হিচাপ নাই৷ ফেচবুকত ফটোবোৰ ভৰি আছে৷ লাইক কমেন্টেৰে ভৰি আছে৷ ফটো উঠিবলৈ লাজ কৰা ছোৱালীজনীয়ে নিজেই ৰন্ধাৰ ফটো ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটচাপত আপলোড দিয়া হ’ল৷ বিশেষ ৰান্ধিবলৈ মাথো এটা অজুহাত লাগে৷ মূহূৰ্ততে বিবিধ ব্যঞ্জন ৰান্ধি সজাই পৰাই ফটো তুলি আপলোড দিয়ে৷ ৰন্ধন ,পৰিবেশন , আৰু তাৰ ফটোগ্ৰাফীত বিনীতা পাকৈত ৷ কিছুমান থীম কেনেকৈ জীৱন্ত কৰি তোলে বিপুলৰ ভাবি আচৰিত লাগে৷ আৰু বাপেক আৰু পৰীয়ে টকালি টকালি পাৰি খায়৷ কেতিয়াবা এই বিশেষ ব্যঞ্জন ফেঞ্চিং পাৰহৈ প্ৰতিবেশীৰ ঘৰো পায়৷ ধুনীয়া ধুনীয়া কোমেন্ট বতাহ উৰি আহে৷ বিনীতাৰ মুখত এক আনন্দ আৰু সন্তুষ্টি ফুটি উঠে৷ এয়াইতো জীৱনৰ সুখ৷

হঠাৎ বিনীতাই নতুন ডাইনিঙ চেট লোৱাৰ কথা কোৱাত বিপুলে প্ৰথম আচৰিত হ’ল৷
: কি হ’ল৷ একো নকোৱা দেখি বিনিতাই প্ৰশ্ন কৰিলে: :
: একো নকলা যে !
: এইখন দেখোন ভালেই আছে৷ বিপুলৰ উত্তৰ৷
: হব এইখনতে বহি থাকিবা তুমি৷ ভেকাহি মাৰি বিনীতাই আতৰি গ’ল৷

এখন লোৱাই ভাল৷ ফ্লিপকাৰ্টত চালে সি ৷ তাৰ ঠাইলৈ নাহে৷ অহা কেইটা আকৌ পচন্দ নালাগে৷ তাৰ বন্ধুৰ এজনৰ পৰা যোৰহাটৰ দোকান কেইখনমানৰ ফোন নম্বৰ লৈ ফোন কৰিলে৷ হোৱাটচাপত কেইটামান ছখন চকীৰ ছেটৰ ফটো পথাই দিলে৷ চালে ৷ দুওৰো এটা পচন্দ হ’ল৷ একাউন্টত টকাৰ সংখ্যাটো চালে৷ শ্ৰীমতীৰ একাউন্টটো টকা অলপহে আছে৷ তাৰেই অলপ ধাৰে লৈ যেনেতেনে ছেটৰ দামটো যোগাৰ কৰিলে৷ ফ্ৰেব্ৰুৱাৰী মাৰ্চ মাহত টকাৰ টনাটনি প্ৰতিবছৰেই হয়৷ জীৱন বীমাৰ প্ৰিমীয়াম, ইনকাম টেক্স আদি পৰিশোধ কৰোতেই খাতা খালী হৈ যায়৷ মধ্যবিত্তীয় সংসাৰৰ এইবোৰ দৈনন্দিন পাটিগনিত৷ কেতিয়াবা উত্তৰ বিয়োগত ওলায় , কেতিয়াবা অংক আধাতে সামৰিব লগা হয়৷ বয়সত স্বৰ্ণজয়ন্তী পাৰ কৰা বিপুলে জীৱনৰ এই যোগ বিয়োগৰ গনিতবোৰ বহুত কৰিল৷ তথাপিও তাৰ মাজতেই সুখবোৰ বিচাৰি লয়৷

: তোমাৰ ইমান সোনকালে পচন্দ হ’ল যে!
: ভাল বস্তু এবাৰতেই ভাল লাগে৷ বিপুলৰ প্ৰশ্নত বিনীতাৰ চমূ উত্তৰ ৷

বিল অনলাইন পৰিশোধ কৰি ডাইনিঙ ছেট লৈ আহিল৷ ড্ৰাইভাৰ আৰু লগত অহা ল’ৰাজনক বিনীতাই নিজে বনোৱা কেকেৰে চাহ একাপ খুৱালে৷

পৰীৰ নতুন গ্লাছ আৰু কাঠৰ ডাইনিঙ ছেটটো দেখি আনন্দৰ সীমা নাই৷ কোন কোনখন চকীত বহিব তাই কৈ গ’ল৷ নিজক হিচাপ কৰিবলৈ পাহৰিলে৷ দেউতাকে তাইক শুধিলে , “ তুমি কোনখন চকীত বহিবা?“
তাই ক’লে, “ এই খনত“ বহি থকা চকীখন দেখুৱাই তাই ক’লে৷

এইখন ডাইনিঙ চেটতে মাকে পৰীক তাই জনা হোৱাৰ পৰাই পঢ়াইছিল৷ আফটাৰ নাম্বাৰ, বিফোৰ নাম্বাৰ, মিডিল নাম্বাৰ আদি কিমান পঢ়াব লগা হৈছিল৷ পৰীৰ সদায় বিফোৰ নাম্বাৰটোত খেলিমেলি লাগে৷ সৰু হাতৰ বি আৰু ডি আখৰদুটাত লিখোতে গোণ্ডগোল লগায়৷ মাকৰ এটা সময়ত খং উঠে৷ দুই এঠাপৰ দিয়ে৷ পৰীৰ কন্দা কটা৷ “ হেহ, অলপ মৰমেৰে পঢ়াব নোৱাৰা নেকি ! কিয় মাৰি পিটি পঢ়াইছা৷“ - বিপুলে অইনটো কোঠাৰ পৰা চিঞৰে৷ “ এনেকুৱা কৰে তাই যেন আই এ এছ পৰীক্ষাহে দিব“- বিপুলে ভোৰভোৰাই উঠে৷ “ হব, আজিৰ পৰা তুমি পঢ়াবা৷ মই নপঢ়াওঁ৷ পৰীক্ষাত শূণ্য পাই যি পায় পাব৷ নিজে পঢ়াব নোৱাৰে লেকচাৰ দিয়ে৷“ - বিনী উঠি যায়৷ “ মা বহা না৷ হাঁহাঁ না প্লিজ৷“ - পৰীয়ে মাকৰ হাতত ধৰি জোকাৰি দিয়ে৷ ... কভিডৰ বাবে লকডাউনৰ পৰা স্কুল কলেজ বন্ধ৷ ইয়াৰ চকী এখনত বহিয়ে তাই সকলো হোম ৱৰ্ক কৰিলে, ঘৰতে পৰীক্ষা লিখিলে ৷ মাকে লিখাবোৰ ফটো তুলি মিছলৈ হোৱাটচ্আপত পথাই দিয়ে৷ ৰূমটোত ভালকৈ পোহৰ পৰে বাবে ফটো ভাল হয়৷

পূৰণা ডাইনিঙ খন খুলি বিপুলে পাছফালৰ ৰূমটোত থলেগৈ৷
“ কেতিয়াবা বাৰ্থ দে বা পাৰ্টিত কামত আহিব“ বিনিতাই ক’লে৷
“ হয়“ ৷ চকীকেইখন দাঙি নিওঁতে বিপুলৰ ক্ষনিকৰ বাবে মনটো বেয়া লাগিল৷


মধ্যবিত্তীয় আবেগ এটাই তাক হেঁচা মাৰি ধৰিলে৷

ডা: দীপুল হালৈ৷


MONISHA BORAH'S RECEIPE PHOTO