Sunday, 7 October 2012
প্ৰতীক্ষা
Saturday, 6 October 2012
গুৱাহাটীৰ কেইটামান স্নেপশ্বট
Thursday, 4 October 2012
.মেডিকেল কলেজৰ হাঁহি চকুলো.............
আমাৰ নতুন ছাত্ৰাবাসত দেৱাল আলোচনী “কোৰাচ”ৰ নতুন সংখ্যাৰ যোজা
চলিছে | তাতেই এই এ এম চি কাইনেজৰ বিষয়ে লিখিবলৈ লৈছিলোঁ | আপুনি চাগে আচৰিত হৈছে- এইটো আকৌ কি ! হয় , এইটো কোনো শাষ্ট্ৰত নথকা এটা অত্যন্ত
কৰ্মথ এনজাইম | মেডিকেলৰ কোনো “কাইনেজ ”, “এজ”, বা “মুটেজ ”–ই নহয় | কিন্তু ইয়াৰ
কৰ্মপটুতা অত্যাধিক | ই বিভিন্ন বিক্ৰিয়াত ভাগ লয় | যেনে- প্ৰেম বিক্ৰিয়া, অপ্ৰকৃত
(চিউড’) বিক্ৰিয়া, শৈক্ষিক বিক্ৰিয়া | প্ৰেম বিক্ৰিয়া আটাইতকৈ উল্লেখযোগ্য |
যেতিয়া কোনো ল’ৰা মেডিকেল শাস্ত্ৰ পঢ়িবলৈ আৰু যাৰ বয়স ১৮-২২ বছৰৰ ভিতৰত সেই সকলক
এই এনজাইমে ক্ৰিয়া কৰিবলৈ মানে লম্ভিবলৈ আৰম্ভ কৰে | প্ৰথমতে ক্ৰিয়াৰ বৰ এটা
বহিৰ্প্ৰ্কাশ নাথাকে | পাচত কিন্তু ইয়াৰ একচন সদৰি হয় | যি সকলক ঘৰৰ পৰা প্ৰেম-
প্ৰতিষেধক দি পঠোৱা নাই প্ৰথমেই তেওঁলোকে ইয়াৰ চিকাৰ হয় | এই কাইনেজৰ দ্বাৰা
বয়োজেষ্ঠসকল ইতিমধ্যে আক্ৰান্ত হয় | আৰু তেখেতসকলৰ বিক্ৰিয়াৰ বৰ্হিপ্ৰকাশ দেখি
শুনি কনিষ্ঠ সকলো ৰোগত আক্ৰান্ত হয় | প্ৰথম বাৰ্ষিক অহাৰ পাচত বহুতে নতুন ছোৱালীক
ভন্তী পাতে | দুই একে বিফলো হয় | সময় গৈ থাকে | লেডিজ হোষ্টেলত যোৱাটো ঘন হয় | আৰু
এদিন হোষ্টেলত চিঞৰ শুনা যায় : অমুকে অমুকিক পতালে বা অমুক অমুকিৰ লগত পতিল বে |
মন কৰিব এনজাইমৰ ক্ৰিয়া চলিয়েই আছে | পতাৰ পাচত লগ-বন্ধুৰ লগত ফুৰাটো কম হয় | বন্ধুৰ ঠাই দখল কৰি লয় “ মৰমৰ জীৱনৰ বান্ধবীয়ে
| খোজৰ গতিবেগ কমি আহে | আগতে যদি পল্টন পাওতে আধা ঘন্টা লাগিছিল এতিয়া বান্ধবীৰ
লগত এঘন্টা লাগে |কথা কওতে আগতে দাঙৰকৈ চিঞৰি কৈছিল এতিয়া দুফুট আতৰত থকাজনেও
নুশুনে; শুনে মাথো প্ৰেয়ষীয়েহে | লেডিজ হোষ্টেললৈ যাবলৈ লাজ নলগা হয় | অডিটোৰিয়ামৰ
কাষৰ চকীত বহআ গৰাকী নিৰ্দিষ্ট হ’ল | সন্ধিয়াবোৰ ভাল লগা হ’ল | দেখিলে এ এম চি
কাইনেজৰ মাহাত্য |
২১//
জখলাবন্ধা তোমালৈ
মনত পৰে :
নতুন ছাত্ৰাবাসৰ
৫নং হোষ্টেললৈ উঠি যোৱা চিৰি কেইটাৰ কাষৰ বেৰখন এঙাৰেৰে লিখা আছে “ Welcome to JAKHALABANDHA’’ – জখলাবন্ধালৈ স্বাগতম | মনত প্ৰশ্ন জাগিছিল হোষ্টেলত আকৌ জখলাবন্ধা !
জখলাবন্ধাটো এখন চহৰৰ নাম | তাতেই পৰিচয় শেষ নহয় – সদা ব্যস্ত সংগীতময় চঞ্চলা এখন
চহৰ | য’ত দিন নাই ৰাতি নাই সকলো সময়তে বাজি থাকে শেহতীয়াৰ পৰা পূৰণা গীত |
কেতিয়াবা যদি জুবিন গাৰ্গৰ কেতিয়াবা কুমাৰ ভবেশৰ গীত | ভূপেনদাৰ গীতৰ কথাটো কবই
নালাগে | দুখৰ গীত কেতিয়াও পাচে বজা নুশুনোঁ | যেতিয়া নাইট চুপাৰত ডিব্ৰুগড়ৰ পৰা
ঘৰলৈ গৈছিলোঁ এই গীতিময় জখলাবন্ধাতেই গাড়ীবোৰ ৰৈছিল| সকলো যাত্ৰীয়ে ভাত চাহ খায় |
বজাৰ কৰে | কেছেট কিনে | আমিও ইয়াতেই প্ৰায়েই ভাত খাইছিলো- ধোৱাই থকা মোটা
চাউলৰ গৰম ভাত | গাড়ীবোৰ ৰ’লে হোটেলৰ
ল’ৰাবোৰৰ গাত তত নাইকিয়া হয় | ভাত দিয়াই ভাত দিয়ে টেবুল মোছাই টেবুল মছে আৰু বাছন
ধোৱাই বাছন ধোৱে | মালিকে নিৰ্বিকাৰ ভাবে পইছা লয়- যেন বেংকৰ কেচিয়াৰহে | বাহিৰত
বাজি থাকে উত্তাল সংগীত | বাজি থকা গীতৰ কেছেট বিচাৰি যাত্ৰীয়ে দোকানীক ফৰ্মাইছ
দিয়ে | চিলঙৰ কঙেও ইয়াত চাহ ভাত খায়
মিজোৰামৰ মামিয়েও ভাত খায় আপেল চোবায় আৰু নগা পাহাৰৰ নাগিনীয়ে পেট পুৰায় |
এয়াই জখলাবন্ধা | ভাল লাগিছিল এই উত্তাল গতিময়তা | নিশাও নুশুৱা এয়াই জখলাবন্ধা |
আমাৰ হোষ্টেলৰ ওপৰত কোৱা লিম্বটোৰো এক মিল আছে জখলাবন্ধাৰ লগত কাৰণ তাত কোনো
আবাসীৰ ৰুমত অহৰহ বাজি থাকে গীত | সেয়ে চাগে কোনোৱে লিখি দিলে -জখলাবন্ধালৈ
স্বাগতম |
২২/
চাওতে চাওতে
দেৰটা বছৰ কেনেকৈ পাৰ হ’ল কবই নোৱাৰিলোঁ | ৰেগিঙেৰে আৰম্ভ হোৱা হোষ্টেলৰ জীৱন
লাহে লাহে ৰেগিঙ নাইকিয়া হৈছিল | এতিয়াচোন ভাবিলেও ভাল লাগে | প্ৰথম প্ৰ’ফেছনেল
পৰীক্ষাৰ ৰুটিন দিলে | ভয় লাগিলেই নহয় | কেনেবাকৈ গেৰা মাৰিব লাগিলে ছমাহ বহিব
লাগিব | সকোলো বিষয় শেষ কৰিবলৈ চাৰ সকলে ওপৰঞ্চি ক্লাছ লৈছে | আমাৰ শ্ৰেণীৰ
প্ৰতিনিধি প্ৰদীপ হাতীমতাও ব্যস্ত | চাৰৰ কোৱাটাৰলৈ গৈ ক্লাছ ঠিক কৰা তেওঁৰ কাম |
প্ৰেক্টিকেলবোৰো শেষ হ’ল প্ৰায় | সকলো বহীতে চহী লবলৈ চাৰ-বাইদেওৰ ৰূমত আমাৰ
হেতাওপোৰা | মাজতে আমাৰ লগৰ এজনৰ শৰীৰস্থানৰ ব্যৱহাৰিক বহী এখন হেৰাইছিল | বহু কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি সেইখনৰ
সকলো ছবি পুনৰ আঁকিলে | সকলো বহীতে সম্পূৰ্ণ হোৱাৰ চহী পোৱাৰ পাচত মনটো ইমান পাতল
পাতল লাগিল নহয়, যেন মূৰৰ পৰা ডাঙৰ বোজা এটাহে আঁতৰি গ’ল এনে লাগিছিল | বহুতে
মক্কেলৰ হতুৱাই এই প্ৰেক্টিকেলৰ বহীৰ বহু কাম কৰোৱালে | মই পিছে সকলো নিজে আকিলো,
লিখিলো | মক্কেলক একোৱেই নিদিলো | আগে পিছে কৰাৰ দৰে বিষয়বোৰৰ বাবে সময় ভাগ কৰি
লৈছিলো; একোটা বিষয়ৰ বাবে অন্তত পাঁচ দিন | তথাপিও পঢ়ি শেষ নহয় | কেতিয়াবা বহু
ৰাতিলৈ পঢ়ো | কিন্তু প্ৰায়ে ১১ বাজিলেই মোৰ হামি আহিবলৈ ধৰে | যেনে তেনে বাৰমান
বজালৈ থাকি শুই পৰো | ৰাতিপুৱা আকৌ পাচ মান বজাত উঠি পঢ়ো | আমাৰ লগৰ বেছিভাগ ল’ৰাই
বহু ৰাতিলৈ হেনো | আমাৰ হোষ্টেলৰ আমি কেইজনমানে সোনকালে শুইছিলো | আমাৰ লগৰ
মৃণালেও সোনকালে শুইছিল; সি মোৰ বিপৰীত লিম্বত আছিল | বেছি ৰাতিলৈ নপঢ়া বাবে মনত
ভয় লাগিছিল ! মাত্ৰ তিনিটা বিষয়(Anatomy,
Physilogy আৰু Bio-chemistry) যদিও পঢ়িব লাগে ঢেৰ | কিছুমান ল’ৰাই অবস্যে আগত নপঢ়া বাবে নিশাচৰ হব লগা
হৈছিল | সকলোৰে পাছ কৰাৰ ইচ্ছা যদিও এইটো ধুৰূপ যে আমাৰ মাজৰ পৰাই এটা অনিয়মিত বেটচ(Irregular Batch) ওলাব আৰু মেডিকেল কলেজত থকা সুদীৰ্ঘ সময়ত অনিয়মিত বুলি নেদেখা লেবেল পিঠিত
লাগি থাকিব | সেই লেবেলখন লাগি থকাটো কোনেও নিবিচাৰে | গতিকে মেডিকেলৰ প্ৰথম
ফাইনেল (First Professional) ৰ মহাৰণখন জিকিবলৈ অহৰহ প্ৰচেষ্টা | দিন ৰাতি একাকাৰ | এনেকুৱা অনুভৱ হয় যেন পৰীক্ষাত গৈ একো এটা
লিখিব নোৱাৰিম | মৌখিক পৰীক্ষাটো আৰু ভয় লগা | কাৰণ আমি অসমীয়া মাধ্যমত পঢ়ি অহা
বাবে ফৰফৰাই ইংৰাজী কব নোৱাৰো | মনতে প্ৰথমে জুকিয়াই লৈ পাছত কব লগা হৈছিল | কোনো
পধ্যেই অসমীয়াত কব নোৱাৰি |
এনেকৈ ভয় শংকাৰ
মাজেৰে পৰীক্ষা দিছিলো | লিখা আৰু মৌখিক ভালকৈয়েও দিছিলো | দুই এটা হাস্যকৰ ঘটনাও
হৈছিল | আমাৰ লগৰে এজনে ফৰফৰাই ইংৰাজী কয় - হায় , হেল্লো মুখত লাগি থাকে | তাৰ
ইংৰাজী শুনি পৰীক্ষকৰো খোকোজা লাগিছিল | এজন বুধিয়ক পৰীক্ষকে ভাইভাত হঠাত্ সুধি
দিলে : What is the lymphatic
drainage of brain ? | সিও ফটাফট ক’লে : Anteriorly … Posteriorly…. | পৰীক্ষকে গম পালে ই গাজা মাৰি আছে | আচলতে মগজুত
কোনো লিম্ফেটিক ড্ৰেইনেজ নাথাকে | শেষত তাক ছাৰে হেনো ক’লে ,- Come after six months | বেচেৰা অনিমিয়ত বেটচৰ এজন হ’ল | আৰু এজনে হেনো জৈৱ ৰসায়নৰ ব্যৱহাৰিক পৰীক্ষাত
এটা যন্ত্ৰৰ নাম গৰৌ মাছ ইৰিওমিটাৰ বুলিয়ে কৈ কৈ পাছ কৰিলে | গৰৈ মাছ নহয়
যন্ত্ৰটোৰ নাম দোৰেইমছ ইৰিওমিটাৰহে | বায়’কেমৰ পেটৰ ভিতৰত লুকুৱাব পৰা বা পকেটত
ল’ব পৰা অকনমানি কিতাপখনৰ(Practical
Manual) কথা নকোলেই বা |
তেইশ
পৰীক্ষাৰ ৰিজাল্ট ওলাল বুলি ঘৰতে ৰেডিওৰ বাতৰিত গম পাইছিলোঁ | মনত উগুল থুগুল
ভাব |এদিন পৰীক্ষাৰ খবৰ নোপোৱাকৈ ডিব্ৰুগড়লৈ যাবলৈ ওলালোঁ | নলবাৰীৰ পৰা নিশাৰ
বাছত যাত্ৰা কৰিলোঁ | বাটত জখলাবন্ধাত ভাত খাবলৈ গাড়ী ৰখালে | গীত মাতেৰে সংগীতময়
হৈ আছিল জখলাবন্ধা | ভাত খাওঁতে লগ পালো আমাৰ লগৰ কেইজনমানক | গম পালো পাছ কৰিছো |
জখলাবন্ধাতে প্ৰথম এম বি বিছৰ খবৰ পালো | মনটো আনন্দেৰে ভৰি পৰিল | মনৰ আনন্দত ভাত
মাছ সৰহকৈ খালো | ৰাতিপুৱা হোষ্টেলে টোপনিয়াই থাকোতেই পালোগৈ | মুখ হাত ধুই এঘুমতি মাৰি ললো | ক্লাছত বহুতক
পালো | বহুতো ল’ৰা-ছোৱালী এতিয়াও ঘৰৰ পৰা পোৱাহি নাই |
আমি তৃতীয় বাৰ্ষিক পালো | সান্মাষিক
হিচাপে চতুৰ্থ | শৰীৰস্থান, শৰীৰবৃত্ত আৰু জৈৱ ৰসায়ণ(Anatomy, Physiology, Biochemistry) গৈ আমাৰ পাঠ্য হ’লগৈ- ৰোগবিদ্যা, সামাজিক আৰু প্ৰতিষেধক চিকিত্সা বিজ্ঞান,
অপৰাধ বিজ্ঞান, অনুজীৱবিজ্ঞান আৰু ভেষজ বিজ্ঞান (Pathology, SPM, FSM, Microbiology, Pharmacology)| আমাৰ চিৰপৰিচিত ডিচেকচনলৈ আৰু যাব নালাগে | এতিয়া আৰু এপ্ৰনৰ পোকেটত ডিচেকচন
সজুলিয়ে শোভা নকৰে ; কৰে ষ্টেথ’স্ক’প , হামাৰ আদিয়ে | হাতত থাকে কানিঙহামৰ সলনি
হাটচিচন ক্লিনিকেল মেথডচ | ক্লিনিকচৰ ক্লাছবোৰ কৰি ভাল লাগিছে | ৰোগীসকল যেন
একোখন খোলা কিতাপ | আমি ৰোগীৰ বুৰঞ্জী(History) ল’ব লাগে | এই বুৰঞ্জীত থাকে ৰোগীৰ নামৰ পৰা খোৱা বোৱাৰ লগতে বেমাৰৰ সকলো বিবৰণ | এইটো এটা নিয়মিত কাম | বহুতো ৰোগীয়ে এই
হিষ্ট্ৰী লোৱা কামটোত বৰ আমনি পাইছিল | কিয়নো পুৱা গধুলি বিভিন্ন গ্ৰুপত অহা
ছাত্ৰ-ছাত্ৰীক একেবোৰ কথা কৈ থাকিব লাগিছিল; লগতে পৰীক্ষাবোৰটো আছেই | ৱাৰ্ডত দীঘল
হ’ল ঘৰ একোটাত আমাৰ ক্লাছ হয় | এঘন্টা সময় ঠিয় হৈ থাকিব লাগে | শিকিব লাগে, দেখুৱাব লাগে, মাজে মাজে চাৰসকলৰ
গালিও খাব লাগে | আমাক গালি খোৱা দেখি বেমাৰীসকলে মিচিক মাচাক হাঁহে | এই গালি
খোৱা কথাটোতে বৰ লাজ লাগে | এদিন ক্লিনিক্সৰ ক্লাছত হঠাত্ মোৰ মনটো উৰি গ’ল
বাহিৰলৈ ; বছুমতাৰী চাৰে চাৰ্জাৰীৰ ক্লাছ লৈ আছিল | মোক ফটকৈ সুধি দিলে : What is the cause of oedema in renal failure. মই সহা বেঙা লগিলো কাৰণ ছাৰৰ ক্লাছত মোৰ মনটো নাছিল | মোক “Get out” বুলি ধমকি দিলে |
মই নোযোৱাত আকৌ এবাৰ ক’লে | মই ওলাই গ’লো | প্ৰায় ৩০জন ৰোগীৰ দৃষ্টি মোৰ ওপৰত |
মোৰ অৱস্থা- ফাট মেলা বসুমতী পাতালে লুকাও | চাৰে হেনো আন গ্ৰুপৰো ল’ৰা-ছোৱালীক
ইতিমধ্যেই Get Out কৰি থৈছেই | কাৰণ একেই | সিদিনাৰ পৰা সাৱধান হ’লো | ইমান ক্লাছ কৰি আহিলো
কলেজত কতো গেট আউট নহলো মেডিকেলত আহি হব লগা হ’ল | লাজ লাজ ভাব এটাই বহুদিনলৈ মোক
ক্ৰিয়া কৰি আছিল |
চাওঁতে চাওঁতে ভোগালি বিহু পালেহিয়েই | বিহুত ডিব্ৰুগড়তেই থাকিম বুলি ঠিক
কৰিলোঁ | উৰুকাৰ দিনা সৰু মুৰ্গী পোৱালী এটা আনিলোঁ | মছলা আদিও আনিলোঁ | বিহু
বুলি বহুতো ল’ৰা গৈছে বাবে মেছ চলা নাছিল | গতিকে ৰুমতে হিটাৰত ৰন্ধাৰ দিহা কৰিলো
| মুৰ্গীৰ মাংসত মছলা ইমানেই দিলো যে মাংস অলপ তিতা হৈ গ’ল | জীৱনত প্ৰথম মূৰ্গী
ৰান্ধিলো ; সেয়াও হ’ল তিতা | ৰুমমেটৰ লগত খালো | এনেকৈয়ে সেইবাৰ ডিব্ৰুগড়ৰ অসম
চিকিত্সা মহাবিদ্যালয়ৰ ৬নং ছাত্ৰাবাসত উৰুকাৰ ভোজ খাইছিলো |
চৌবিশ
লাহে লাহে ল’ৰা-ছোৱালীবোৰ ঘৰৰ পৰা আহিবলৈ লৈছে | ছাৰ সকলো
দীঘলীয়া ছুটি কটাই ক্লাছলৈ আহিছে | বহুদিনৰ পাচত ক্লাছকৰি ভাল লাগিছে | আমাৰ
শ্ৰেণী প্ৰতিনিধি নতুন হ’ল | প্ৰদীপ হাতীমতাক এইবাৰ প্ৰতিনিধি পাতিলে | মাজুলীৰ
ল’ৰা | আমাৰ গ্ৰুপৰে | আগতকৈ ব্যস্ততা বাঢ়িল | আগতে সন্ধিয়াটো মুক্ত আছিলো | এতিয়া
ৱাৰ্ডত ক্লিনিকছৰ ক্লাছ থাকে | কেতিয়াবা স্নাতোকত্তৰ দাদা বা বাইদেউৱে কোনো
এটা বিষয়ৰ ওপৰত ৱাৰ্ডত ক্লাছ লয় | পঞ্জীয়কেও ক্লাছ লয় | আমাৰো আদ্দা জমে | এদিন
আমাৰ লগৰ ছোৱালী এজনীয়ে ৱাৰ্ডৰ ৰোগী এগৰাকীক বুৰঞ্জী লওঁতে শুধিলে : আপোনাৰ
ল’ৰা-ছোৱালী কেইটা ? “ ৫-৬টা মান হ’ব বাইদেউ ” | আমি হাঁহি ৰখাব নোৱাৰিলো |
মানুহজনে বৰ লাজ পালে আৰু ক’লে, : যিটো সঁচা তাকেহে কৈছো.. | আচলতে ৰোগীগৰাকীয়ে কি
ভুল কৰিছে ধৰিব পৰা নাই | বেয়া লাগিল; মানুহজনে বেয়া পালে | এটা কম বয়সৰ ল’ৰা
মেডিকেল -২ ত বহুদিন আছিল | আমাৰ লগত প্ৰায় চিনাকী হৈ গৈছিল | লগৰ ছোৱালীবিলাকৰ
লগত হাঁহি ধেমালি কৰি কথা পাতিছিল; কেতিয়াবা বদমাছিও কৰিছিল | ৰাউন্ডৰ সময়ত পলায় |
সেয়েহে তাক এদিন দলে বাইদেৱে ধমকি দিলে | তাৰ তেজৰ সমস্যা- এপ্লাষ্টিক এনিমিয়া
আছিল | তেজৰ হিমোগ্ল’বিন কমি গৈ থাকে | কিছুদিনৰ অন্তৰে অন্তৰে তেজ দিব লগা হয় |
এই মিছিং চেমনীয়াজন মেডিকেল-২ ৰ প্ৰায় নিয়মীয়া আলহী আছিল | প্ৰথমে নাকৰ পৰা তেজ
ওলোৱা সমস্যা লৈ মেডিকেললৈ আহিছিল আৰু ৰক্তৰ পৰীক্ষাত ধৰা পৰিছিল এই ৰোগটো |
মেডিকেলত
সাহিত্য চোৰা এটাও আছিল | মাজে মাজে কবিতাৰ গধুলি একোটা হয় | নিজৰ আনৰ কবিতা পাঠ
হয় | ভাল লাগিছিল | সাহিত্যক ভালপোৱা বন্ধু-বান্ধবীখিনি এক গোট হৈছিল | এবাৰ তেনে
এক “কবিতাৰ গধুলী”ত মইও এটা স্বৰচিত
কবিতা পাঠ কৰিছিলো | পাঠৰ অন্তত সকলোৱে হাত চাপৰি বজাইছিল- নাজানো ভাল হোৱা বাবে
এই চাপৰি নে এনেয়ে বজাব লাগে কাৰণে বজাইছে | মোৰ কিন্তু বৰ লাজ লাগিছিল কিয়নো
কবিতাটো প্ৰেমৰ কবিতা আছিল | সকলোৱে মোৰ ফালে বৰকৈ চাইছিল | তেতিয়ালৈ পিচে মোৰ
কোনো প্ৰেমিকা নাছিল ! লগৰ হককো এটা প্ৰেমৰ কবিতা লিখি দিছিলো | সি কবিতাটো দেখি
ক’লে : হালৈ, বেছি প্ৰেম আছেহে এইটোত অলপ কমাব নোৱাৰিনে | মইও অলপ টানি টুনি
প্ৰেম কমাই দিছিলো | সি আচলতে ছোৱালী এজনীক ইম্প্ৰেছ কৰিবলৈহে এই কবিতাৰ আশ্ৰয়
লৈছিল | হায়াৰ চেকেন্ডাৰীত আদা এটুকুৰাৰ ছবি আঁকিব নোৱাৰা এইজনা প্ৰেম গুৰুৱে
প্ৰেমিকাৰ বেক ভিউৰ ছবি আঁকিছিল ক্লাছৰ বহীত ! বাহ , প্ৰেমৰ কি শক্তি !
২৫//
সাহিত্যচোৰাৰ সৰুকৈ এটা পুথিভঁৰালো আছিল | তাৰপৰা দুই এখন
কিতাপ আনি পঢ়িছিলোঁ | তাৰোপৰি গেটত থকা একমাত্ৰ কিতাপৰ দোকানখনৰ পৰা দুই এখন কিতাপ
আলোচনী আনি পঢ়িছিলোঁ | প্ৰান্তিক , বিস্ময়, ৰহস্য আদি মাজে মাজে পঢ়া হৈছিল |
নিয়মীয়াকৈ পঢ়িবলৈ টকাৰ অভাৱ | মাহৰ শেষত ঘৰৰ পৰা পথোৱা ৫০০/- টকাৰে টানি টুনি মাহটো
চলেহে | কেতিয়াবা ধাৰো হয় | আমাৰ অসম সাপ্তাহিক খনো মোৰ বৰ প্ৰিয় আছিল | আদিৰ পৰা
অন্তলৈ সকলো পঢ়োঁ | অৱশ্যে কোনো এজনে এখন আলোচনী কিনি আনিলে সেইখন আৰু হোষ্টেলত
এটা ৰূমতে নাথাকে ; প্ৰথম বাৰ্ষিকৰ পৰা ইনটাৰ্নিলৈ বহুতেই পঢ়ে | বেছি ভাগৰেই একে
সমস্যা | কিতাপৰ দোকান খনত ঠিয় হৈও ইটো সিটো, বাতৰি আদি পঢ়িছিলোঁ | পাছত কিছুমান
বাতৰি, আলোচনীত ষ্টেপল মাৰি থোৱা কৰিছিল | বিস্ময়খন আমাৰ বৰ প্ৰিয় আছিল | তাৰ
প্ৰিয়বন্ধু শিতানটোলৈ সকলোৰে চকু | বহুতৰ নামো তাত ওলাইছিল| মইও এবাৰ কুপনখন
পূৰাই পথাইছিলো, পিচে প্ৰকাশ নহ’ল | যি কেইজনৰ নাম বিস্ময়ৰ প্ৰিয়বন্ধুত প্ৰকাশ
হৈছিল সিহঁতৰ চিঠি পঢ়ি হেনো আমনি লাগি গৈছিল | আচৰিত ভাবে প্ৰায় সকলো চিঠি আছিল
বোলে ছোৱালীৰ | বেছি ভাগ চিঠি পেন পেনিয়া | মইও লগৰ এজনৰ নামত অহা কেইখনমান চিঠি
পঢ়িছিলো তাৰ পৰা লৈ | এদিন লগৰ ৰূপজ্যোতিৰ পৰা এখন বিস্ময় পঢ়িবলৈ আনিলোঁ | প্ৰিয়
বন্ধু শিতানত চকু ফুৰাই কেইটামান উজনীৰ ছোৱালীৰ ঠিকনা বাচিলো| মই নামনিৰ যেতিয়া
উজনীৰ শিৱসাগৰৰ এজনী ছোৱালীৰ ঠিকনা লৈ চিঠি এখন লিখিলোঁ – পত্ৰবন্ধু হোৱাৰ ইচ্ছা
প্ৰকাশ কৰি | এইখিনিতে এটা কথা কৈ থওঁ- নৱম শ্ৰেণীত পঢ়ি থাকোতেও মোৰ এজন পত্ৰবন্ধু
আছিল | নাৰায়ণপুৰৰ ওচৰৰ হাৱাজানৰ – সনজীৱ মহন্ত , নেৰিষ্টত চিট পাইছিল | বহুদিন
চিঠি পত্ৰৰো আদান প্ৰদান হৈছিল পাছত যোগাযোগ নাইকিয়া হ’ল | কোনোবাই যদি ইঞ্জীনিয়াৰ
সঞ্জীৱ মহন্ত বিষয়ে জানে মোক জনাই যেন | পত্ৰবান্ধৱীৰ চিঠিলৈ আশাৰে বাট চাই
ৰৈছিলোঁ | উত্তৰ দিয়ে নে নিদিয়ে ; ছোৱালীলৈ প্ৰথম চিঠি লিখিছোঁ | সদায় হোষ্টেলৰ
ডাক বাকচটো চাওঁ | নাই মোৰ নামত অচিনাকী হাতৰ আখৰৰ কোনো চিঠি অহা নাছিল | ইপিনে
আমাৰ লগৰ এজনে পত্ৰবান্ধবী পাতিলেই | সিহঁতৰ চিঠিৰ আদান প্ৰদান চলি আছে | সি মোক
কথাবোৰ কয় |
হোলি বা ফাকুৱাৰ ৰঙ এ এম চি ত বাৰুকৈয়ে
পৰিছিল | হোলিৰ দিনা আমি সকলো ওলাই যাও হাতে হাতে ৰঙৰ টোপোলা | প্ৰথমে মহিলা আবাসৰ
গেটলৈ যাও | সকলো ওলাই আহে | ৰঙ সানো , আমাকো দিয়ে আৰু আমাৰ লগত হোলি খেলিবলৈ যোগ
দিয়ে | প্ৰায় ৫০-৬০ জনৰ একোটা গ্ৰুপ হৈ আমি ছাৰ বাইদেউ সকলৰ কোৱাটাৰলৈ য়াও | ৰঙ
সানো আমাকো সানে আৰু মিঠাই খাবলৈ দিয়ে ; বেছ ফূৰ্তি হৈছিল | কেইগৰাকীমান ছাৰৰ
ল’ৰাবোৰক ৰঙ সনাৰ ধৰণে আমাক বেছ আমোদ দিছিল; লাজো লাগিছিল | হাঁহি হাঁহি কৈছিল , “
হে.. এনেকৈ হে ৰঙ লগাব লাগে |” ছাৰ সকলে আমাক আলিংগন কৰি শুভেচ্ছা জনাইছিল | আমিও
| “ হোলি ৰে ভাই হোলি ৰে .... ছা ৰা ৰা
... ছা ৰা ৰা.... ” - কলেজৰ বাট-পথ ৰঙীন হৈ গৈছিল | লগতে বাটৰ কাষৰ গছবোৰত
কুঁহিপাত, ফুলৰ মেলা – ঋতুৱে যেন আমাৰ লগতে ৰঙীন হৈছিল ফুলেৰে পাতেৰে | এটা দিনৰ
ৰঙৰ আনন্দত সকলো মতলীয়া হৈছিল | কিছুমানে আকৌ হোলি বুলি আলেঙে আলেঙে মহাদেৱৰ
প্ৰসাদতো এহোপা মাৰিছিল | হোলি খেলি আহি গা ধুৱোতে আবেলি হৈছিল |
হোলিৰ আনন্দত চিঠি পত্ৰৰ কথা পাহৰিয়ে
গৈছিলো | এদিন সন্ধিয়া ছাহিদুলে এখন আনি চিঠি দিলে | ইনলেন্ড কাৰ্ডত অহা চিঠি |
ক’ৰ পৰা আহিছে লিখা নাই | আখৰকেইটাও চিনাকী নহয়চোন | মস্ত মস্ত আখৰেৰে ঠিকনা লিখিছে
| কাৰ চিঠি বাৰু ?!(আগলৈ)
২৬//
হয়, এয়া মনীষা বৰাৰেই চিঠি আছিল | খুলি
চাই মনটো ভাল লাগি গ’ল | প্ৰথম কোনো অচিনাকী ছোৱালীয়ে মোলৈ লিখা চিঠি | ভিতৰৰ আখৰ
কেইটাও বৰ ডাঙৰ ডাঙৰ | চিঠিখন বহু কেইবাৰ পঢ়িলোঁ | সাধাৰণ পৰিচয় চিঠিখনত লিখিছে |
মই দ্বিতীয় খন চিঠি লিখিবলৈ সাজু হ’লো | এখন চিঠি লিখি পথালো | আকৌ এখন চিঠি পোৱাৰ আশাৰে | এমাহমানৰ
পাচত আকৌ এখন চিঠি আহিল | পঢ়ি উঠি মইও এখন লিখিলো |
এদিন সন্ধিয়া এখন চিঠি পঢ়ি থাকোতে হক
সোমাই আহিল | মই চিঠিখন চম্ভালিবই নাপালো | সি গম পালে মোৰ পত্ৰ বান্ধবীৰ চিঠি |
তাৰ পৰাই লগৰ খিনিয়ে গম পাই গ’ল মোৰ চিঠি পত্ৰৰ কথা |
আমাৰ মানসিক চিকিত্সা বিভাগৰ ক্লাছো হৈছিল | এটা দুটা ক্লিনিক্সৰ ক্লাছো হৈছিল |
ৱাৰ্ডত গৈ বেলেগ এখন জগত দেখিছিলোঁ | পুৰুষ মহিলা বহুতো ৰোগী ভৰ্তী হৈ আছে |
ৰুগীয়াসকলৰ প্ৰায় বিলাকৰেই ভাৱালেশহীন | কোনো ফালে চালে চাইয়েই থাকে ; কথাৰ উত্তৰো
ভালকৈ নিদিয়ে | বিভিন্ন ধৰণৰ মানসিক ৰোগত আক্ৰান্ত হৈ আছে এই লোকসকল | ডায়জেপাম, ইচিটি আদি শব্দবোৰ প্ৰথম শুনিছো |
প্ৰথম ইচিটি দিয়া দেখি ভয় গৈছিলো | থকা
ঠাইৰ পৰা অজানিতে এখোজ পিচুৱাই আহিছিলো | কিবা আসুৰীক চিকিত্সা যেন লাগিছিল |
কিন্তু তাত কাম কৰি থকা গৃহ চিকিত্সক দাদাসকলৰ বাবে সেয়া তেনেই সাধাৰণ কথা | আমাৰ
নতুন ছাত্ৰাবাসৰ সমুখতে এই চিকিত্সা বিভাগটো | কোঠালৈ আহি ৰোগীসকলৰ কোৱা কথাবোৰ,
ক্লাছৰ কথাবোৰ লগতে কিতাপৰ দুই এটা পাঠ পঢ়ি নিজৰো কিবা মানসিক ৰোগ হোৱা যেনহে
লাগিছিল | কিছুমান লক্ষণচোন মোৰো আছে | অকল এই অনুভৱ মোৰেই নহয়, বহুতৰে | দাদা
সকলৈ কৈছিল : এয়া হেনো থাৰ্ড ইয়েৰ চিন্ড্ৰ’ম | প্ৰায় সকলেই নিজৰ লগত কিছুমান লক্ষণ
বিছাৰি পায় |
অৱশ্যে দুই এজনৰ মানসিক ৰোগ হৈছিল | আমাতকৈ
জেষ্ঠ এজন দাদাৰ মেনিক ডিপ্ৰেচিভ চাইক’ছিছ
নামৰ ৰোগত আক্ৰান্ত হৈছিল | তেখেতে ইতিমধ্যে ডাক্তৰ হৈছিল | এদিন ঘৰৰ পৰা চিকিত্সাৰ
বাবে মেডিকেললৈ আহিছিল | কিন্তু এদিন
ৰাতিপুৱা ৰুটি দিয়া মিনুৱে ক’লে ১৬ নম্বৰ ৰুমত দাদা এজনে ফাঁচী লগালে | গ’লো | হয়
দত্তদা নিথৰ দেহটো ওলমি আছে | ভয় আৰু দুখত থৰ লাগিছিলোঁ | হোষ্টেলবিলাকৰ
ল’ৰা-ছোৱালী আহি শোকত ভাগি পৰিছিল | অধ্যক্ষচাৰ, চুপাৰচাৰো আহিছিল | পুলিছ আহি
দেহটো নমাইছিল | আমাৰ লগৰ সিঙৰ বেডকাভাৰ এখনেৰে কামটো কৰিছিল | সিং ৰূমত শুইয়েই
আছিল | সিঙৰ মানসিক অৱস্থাও বেয়া হৈ গৈছিল
| শুই উঠি প্ৰথম তেওঁৱেই প্ৰথম দেখিছিল দত্তদাৰ ওলমি থকা নিথৰ দেহটো | দুপৰীয়া
যেতিয়া যোৰহাতৰ পৰা মাক- দেউতাক আহিছিল তেতিয়া কাৰো সান্তনা দিবলৈ ভাষা নাছিল |
নতুন ছাত্ৰাবাসত ওপৰ মহলাৰ এটা ৰুমতো হেনো এজনে এনেকুৱা কৰিছিল | সেই ৰূমটো সদায়
তলা বন্ধ আছিল | কোনোৱে থাকিবলৈ সাহস গোটাব পৰা নাছিল |
২৭// অসম
চিকিত্সা মহাবিদ্যালয়ৰ গীত
পূৰ্ব-ভাৰতীৰ
তীৰ্থ প্ৰাংগনত
পূজাৰী আমি
জনতাৰ,
প্ৰাণৰ শকতিৰে,
সেৱাৰ জেউতিৰে
ঢালি দিওঁ পোহৰৰ
ধাৰ |
আমাৰ পৰশত জীৱন
জাগে
মৰণৰ পৰাজয়,
ক্লান্তিৰ শেষ
হয়, অৱসাদ মহাভয়
দীনতাৰ ম্লানিমাৰ
|
মানুহৰ সেৱাতেই
পাওঁ ভগবান
জীৱন ভৰি গাওঁ
মানুহৰ জয়গান
প্ৰীতিৰ
মন্ত্ৰেৰে তুমি মই বলীয়ান
শান্তিৰ উপচাৰ ||
-শুনিলেই ভাল লগা এটি গীত | আমাৰ
চিকিত্সা মহাবিদ্যালয়ৰ প্ৰতিটো উত্সৱ, সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণীতে এই গীতটো
গোৱা হয় | এই বিশেষ গীতটোৰ ৰচনা আৰু সুৰ : ডা: দ্বিজেন্দ্ৰ নাথ বৰুৱা, ৰচনাকাল :
১৯৫২চন | তেখেত ৪ মাৰ্চ ১৯৯২ত স্বৰ্গগামী হয় | গীতটোৰ তাল কাহৰবা (৮ম মাত্ৰা) | এই
মহা বিদ্যালয় গীতটোৰ স্বৰলিপি লিখিছিল প্ৰদীপ কুমাৰ ব্ৰহ্ম ডাঙৰীয়া | গীতটো যেতিয়া
প্ৰেক্ষাগৃহত যেতিয়া বাজে এক পুলকত সকলো সিহৰিত হৈছিল | আজিকোপতি এই গীতটো
শ্ৰদ্ধাৰে গোৱা হয় |
কলেজ সপ্তাহত এই
গীতটো গোৱা হৈছিল | কলেজ সপ্তাহ আৰম্ভ হৈছিল মাৰ্চ পাষ্টেৰে | ৰাতিপুৱাই আমি পূৰণি
ছাত্ৰাবাসৰ পাচফালে থকা ফিল্ডলৈ গৈছিলোঁ | ৮ বজাত পতাকা উত্তোলনেৰে কলেজ সপ্তাহ
আৰম্ভ হৈছিল | লগতে এই গীতটো গোৱা হৈছিল | অধক্ষ্য চাৰৰ চমূ ভাষণৰ পাচতেই মাৰ্চ
পাষ্ট আৰম্ভ হৈছিল | প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম বাৰ্ষিকৰ মাৰ্চ পাষ্ট
| সকলোৰে আগত গৈছিল সেনা বাহিনী বা অসম ৰাইফলচৰ পৰা এটা বেন্ড | বৰ ভাল লাগিছিল |
সুন্দৰ ইয়ুনিফৰ্ম পৰিহিত বিভিন্ন ক্লাছৰ মাৰ্চ পাষ্ট | যিটো শ্ৰেণীৰ মাৰ্চ পাষ্ট
সকলোতকৈ ভাল হৈছিল সেইটোক প্ৰথম পুৰস্কাৰ দিছিল | এবাৰ আমাৰ ক্লাছেও প্ৰথম হৈছিল |
মাৰ্চ পাষ্টৰ কথা ওলাওতে মনত পৰিছে : মোৰ এটা ধুনিয়া বগা চোলা আছিল | এই চোলাটো
বহু কেইবছৰ ছোৱালী হোষ্টেলৰ বাইদেউসকলে পিন্ধিছিল | আমাৰ হোষ্টেলৰ দাদাহঁতে এই
চোলাটো মোৰ পৰা নি বাইদেউহঁতক মাৰ্চ পাষ্টত পিন্ধিবলৈ দিছিল | এনেকুৱা শুদ্ধ বগা
চোলা হোষ্টেলত কেইটামানহে আছিল | পিন্ধা বাইদেউ গৰাকীয়ে পাচত বৰ ধুনিয়াকৈ ধুই মেলি
ইষ্ট্ৰী কৰি ওভোটাই দিছিল | চোলাটোৰেই ভাগ্য ভাল আছিল | মাৰ্চ পাষ্টৰ পাচত ফিল্ডত
বিভিন্ন খেলা ধূলা হৈছিল | আমি মাত্ৰ দৰ্শকহে আছিলোঁ | তাৰপাচত পিজি হলত ফটোৰ
প্ৰদৰ্শনি হৈছিল | তেতিয়াই কিছুমান সুন্দৰ ফটো কিছুমান এই প্ৰদৰ্শনিত দিছিল | উদিত
সূৰ্য, অস্তগামী সূৰুয, মকৰাৰ বিউটি পাৰ্লাৰ, লুইতৰ নাৱৰীয়া আদি কিছুমান এতিয়াও
মনত পৰা কিছুমান ফটো | সাহিত্যৰো প্ৰতিযোগীতা হৈছিল | মইও কবিতা, গল্প আদিত ভাগ
লৈছিলোঁ | বেছি ভাগতেই আমাৰ লগৰ শ্ৰী মন্ত মাধব বৰুৱাই বটা বুটলিছিল |
সন্ধিয়া মুকলি আকাশৰ তলত এটা আকৰ্ষণিয়
প্ৰতিযোগীতা হোছিল | সেয়া হ’ল – বক্সিং প্ৰতিযোগীতা | বৰ ভাল লাগিছিল | বেৰী
হোৱাইট অডিটোৰিয়ামৰ বাকৰিত এই প্ৰতিযোগীতা হৈছিল | বক্সিঙত কেতিয়াবা দুই এজন
তেজেৰে ৰাঙলীও হৈছিল | কিছুমানে ব্যক্তিগত আক্ৰোশ হেনো বক্সিঙত পূৰাইছিল | বহু
কেইজন দাদাৰ বক্সি অছিল অতি সুন্দৰ | চাইন্টিফিক বক্সাৰ | এই খিনিতে মনত পৰিছে –
বক্সা দীনেশ সিং দালৈ , অজয় দালৈ, আমাৰ লগৰ দিগন্ত দাসলৈ | এই বক্সিঙত যিমান দৰ্শক
হৈছিল আন কোনো প্ৰতিযোগিতাতে হোৱা নাছিল | দিনৰ ভাগত হোৱা গীত-মাতৰ প্ৰতিযোগীতা
কিছুমানত দৰ্শকৰ সংখ্যা আছিল আঙুলিৰ মূৰত লেখিব পৰা | অৱস্যে নাটকৰ প্ৰতিযোগীতাত
চাওঁতা বহুত হৈছিল | অমুকাইও এবাৰ একক অভিনয় প্ৰতিযোগিতাত ভাগ লৈছিল | আৰু এটা ভাল
লগা কাৰ্যসূচী আছিল বিহু হুচুৰিৰ প্ৰতিযোগীতা | আমাৰ শ্ৰেণীত বহু কেইজন বিহুৱা
বিহুৱতী আছিল | বিপুল বৰুৱাৰ বিহু নাচ আৰু গীত মেডিকেলৰ কোনে পাহৰিব পাৰে | বিপুলৰ
উপৰিও- লোকজীত, পাৰ্থ, শ্যামন্ত, তগৰ, সুৰজিত, অঞ্জনো পাকৈত বিহুৱা আছিল আৰু
প্ৰতিবছৰে আমাৰ শ্ৰেণীৰ দলত আছিল | ছোৱালীৰ ভিতৰত নীভাৰাণী, শুভলক্ষ্মী, বৰ্ণালী,
ৰীতাৰ বিহু নৃত্য আজিও মনত পৰে |
কলেজ সপ্তাহৰ সামৰণি পৰিছিল সাংস্কৃতিক
সন্ধিয়াৰ কাৰ্যসূচীৰে | সেই দিনা বেৰী হোৱাইট প্ৰেক্ষাগৃহ প্ৰাণ পাই উঠিছিল | ভৰি
গৈছিল প্ৰেক্ষাগৃহতো | প্ৰেমিক-প্ৰেমিকাৰ বাবে সেই সন্ধিয়াটো আছিল এক বিশেষ
সন্ধিয়া | গীত, নাটক, ব্যংগাভিনয় আদি বিভিন্ন কাৰ্যসূচী | আৰু একেবাৰে শেষত ৰখা
হৈছিল – আলহী শিল্পীৰ গীতৰ অনুষ্ঠান | সঁচাই এক উপভোগ্য সন্ধিয়া আছিল |
২৮//
নতুনকৈ নাম ভৰ্তী
হোৱা ল’ৰা-ছোৱালী আহিবলৈ লৈছে | এইবাৰ ভৰ্তীহোৱা বেটচৰ ওপৰত কলেজৰ ল’ৰা-ছোৱালী
নাৰাজ | কাৰণ তেওঁলোকৰ নামভৰ্তীত হোৱা আন্দোলনত লাঠি চালনাত বহুতে আহত হ’ব লগা
হৈছিল | ৰেগিঙো হৈছে | ১৯৯৩ ৰ ২৬ ফেব্ৰুৱাৰীৰ
ডায়েৰিত লিখিছিলো : ৰেগিং – নিৰ্দোষ ধেমালি | নিৰ্দোষ ধেমালি হোৱাহেঁতেন কথা নাছিল
| কিন্তু সেয়া হৈ থকা নাই নেকি ?... আমি যেতিয়া হোষ্টেললৈ আহিছিলো- আমিও ৰেগিং
খাইছিলোঁ | তাৰ ভালেখিনিয়েই আছিল মধুৰ নিৰ্দোষ ধেমালি সদৃশ – ভাবিলে এতিয়াও ভাল
লাগে | অৱস্যে দুই এটা তিক্ত ঘটনাও নঘটা নহয়- ঘটিছিল | আমিও পলাইছিলোঁ ৰেগিঙৰ পৰা
হাত সাৰিবলৈ- ব্ৰহ্মপুত্ৰৰ পাৰলৈ | হোষ্টেলৰ পৰা পলাব লগীয়া হোৱা নাছিল, বেডিং লৈ
ঘৰলৈ যাব লগা হোৱা নাছিল | ... কিন্তু এইবাৰ গ’ল | ল’ৰাই হোষ্টেললৈ বেডিং আনি
দুদিনমান থাকি আকৌ গ’ল গৈ | কাৰণ এইবাৰ হেনো ৰেগিঙৰ স্বৰূপেই বেলেগ | সাবধান সূচক
ওফিছিয়েল জাননী ওলাইছে | মই ৰেগিং নকৰো | দুই এটা কথা সুধো | ইমানেই | ল’ৰা
ৰেগিঙৰ ফলত আহত হ’ল | হস্পিতালত ভৰ্তী হ’ব লগা হ’ল | ... ব্যক্তি বিশেষৰ দৰ্জাত
সাবধানসূচক জাননী আঁৰিলে অফিছৰ পৰা | হোষ্টেলত নতুন ল’ৰা নাইয়েই | সম্ভবত আন্দোলন
সম্পৰ্কীয় কথাৰ বাবে | এই ক্ষেত্ৰত ক’ব পাৰি যে নামভৰ্তী কৰা সকল নিৰ্দোষী | কাৰণ
সিঁহতক মতা হৈছে নামভৰ্তীৰ বাবে | দোষী বিভাগীয় কৰ্তৃপক্ষ | ছাত্ৰ সংগঠনৰ কথাত
কাণসাৰ নিদি নামভৰ্তী দিয়ালে | সংঘতিত হ’ল বাধা প্ৰদান ... আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত
বাহিনীৰ লাঠি চাৰ্জ , মাৰ ধৰ | তাৰেই ফলশ্ৰুতি যেন এইবোৰ |
এইবোৰ কথাকেই পাতি পাতি আবেলি বিপুল, আজাদ,
ছাহিদুল আৰু অনিলৰ লগত পল্টন বজাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰ পালোগৈ | বিপুলৰ কথাবোৰ
সাহিত্যিকৰ দৰে , ছাহিদুল এটা মস্ত জমনী | সন্ধিয়া অডিটোৰিয়ামলৈ গ’লো | প্ৰি
ফ্ৰেচাৰ্চ | চিনিয়ৰ বিলাকে মক্কেল বিলাকক বেৰি ধৰি ৰেগিং কৰিছে | নানা প্ৰশ্ন |
হাঁহিৰ ৰোল | আমিও চা-চিনাকি হোৱাৰ চলেৰে এজনী এজনীকৈ মাতি সমুখত বহুৱাই নানা
প্ৰশ্ন কৰিলো | কিছুমানে জমায় | কিছুমান ৰাম ব’ৰ | মূৰ তুলিয়ে নাচায় | এনেকৈ
ধেমালি কৰি থাকোতে ৯ বাজি গ’ল | আহি হোষ্টেলত ভাত পানী খাই অলপ পঢ়িবলৈ ল’লো | অলপ
পাচত চাহিদুল ৰূমলৈ সোমাই আহিল | আহিয়ে অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে | আৰু ক’লে “
প্ৰপোজটো দি দিয়াহে” | মই ক’লো , “ ধেত্ , এইবোৰ মোৰ ইচ্ছা নাই দেই | হাজৰিকাক কোৱাৰ নিচিনা
আইনাত মুখখন চাই আহিবলৈ ক’লেতো হ’ল আৰু | আগতে MBBS পাছ কৰি ডাক্তৰ হওঁ, পাছত
ভাবিম সেইবোৰ | ” সি আৰু কিবা কিবি ক’লে | হক যোৱাৰ পাছত আৰু অলপ পঢ়ি শুই পৰিলোঁ |
তেতিয়া বাহিৰা কিতাপ দুই এখন মাজে মাজে
পঢ়োঁ | মেডিকেলৰ কিতাপৰ কথাবোৰ পঢ়ি আমনি লাগিলে বাহিৰা কিতাপ এখন হাতত তুলি লওঁ |
বাতৰি কাগজো মাজে মাজে পঢ়োঁ | এখন বাতৰি কাকতত কেইটা উক্তি ভাল লাগি ডায়েৰীত লিখি
থৈছিলোঁ | “ আমাৰ দেশত কৃষক আৰু লেখক সদায় শোষিত | কৃষকে পেটৰ খোৰাক যোগায়, লেখকে
মনৰ খোৰাক যোগায় | দুয়ো শ্ৰেণী মাতৃ স্বৰূপা | মাতৃক অৱহেলা কৰা কোনো লোকৰে ভবিষত্
শুভ নহয় |”- লক্ষ্যধৰ চৌধুৰী | “ সাহেই সাহিত্য |”- সূৰ্য কুমাৰ ভূঞা | “ সঁচা কথা
সাহসেৰে সোৱাদ লগাকৈ ক’ব পৰাটোৱেই সাহিত্য | ”- লক্ষ্যধৰ চৌধুৰী | কিন্তু এই কথা
কেইষাৰ কোন খন বাতৰিৰ পৰা লিখি ৰাখিলোঁ তাক নিলিখিলোঁ | কেতিয়াবা এই সাহসতেই দুই
এটা কবিতা লিখো- পিছে সেয়া কবিতা নহয় চাগে | কাৰণ এবাৰ কলেজৰ আলোচনী “এমকল”ত এটা
কবিতা লিখি প্ৰকাশৰ বাবে পথালোঁ | প্ৰকাশ নহ’ল | আশা এৰি দিয়া নাছিলোঁ | আৰু এদিন
মোৰ এটা কবিতা এমকলত প্ৰকাশ হ’ল | মনটো আনন্দেৰে ভৰি পৰিল | পিছৰ বছৰ প্ৰকাশ হ’ল –
এক পৃষ্ঠা লিমাৰিক | বহুতে ভাল লাগিছে বুলি শলাগিলে | মনতে ভাবিলো : প্ৰকাশ হৈছে
যেতিয়া অলপ ভাল হৈছে চাগৈ |
২৯//
মই থকা ছাত্ৰাবাসটো হ’ল নতুন ছাত্ৰাবাস | ওপৰ মহলা নিউ হোষ্টেল ৫ আৰু তলৰ মহলাক নিউ হোষ্টেল ৬ |তৃতীয় বাৰ্ষিকৰ পৰা ওপৰ মহলালৈ ছাত্ৰ সোঁত বয় | আৰু ডাক্তৰ হোৱাৰ পাচত তলৰ ৰূমলৈ বা আন হোষ্টেললৈ গৈছিল |আগতে কাৰ ৰূমত যাব তাক ঠিক কৰি লৈ তাৰ আবাসী দাদা সকলক গৈ অনুৰোধ কৰিব লাগে | বহুত বাৰ | নিজৰ আগৰ ৰূমমেট, নিজৰ ঠাইৰ, বা সম্পৰ্কীয় হ’লে এই অনুৰোধৰ বাট মুকলি হয় | ওপৰৰ ৰূমবোৰ এজনীয়া আৰু দুজনীয়া | ওপৰ মহলাৰ ৰূম কেতিয়াও অফিছৰ পৰা এলোট নকৰে | অৱস্যে ওপৰত কোৱা ধৰণৰ চিনাকী নাথাকিলেও কেতিয়াবা দাদাসকলৰ পৰা ৰূম কিছুমানে পায় | মইও তেনেকৈ ওপৰৰ ৰূমটো পাইছিলো | এদিন ওপৰত এনেয়ে পাক এটা মাৰো বুলি উঠি গৈছিলোঁ | দেখিলো, মৃগাংক দা আহি আছে | মই ক’লো, “ মৃগাংকদা, আপোনাৰ ৰূমটো দিব নেকি ? ” মৃগাংকদা(Mriganka Sekhar Chaliha)ই লগে লগেই দিম বুলি ক’লে | তেতিয়া তেখেতে ইনটাৰ্ণশ্বিপ কৰি আছিল | আৰু এপ্তাহ পাচত মই ওপৰৰ মহলাৰ ৮২নম্বৰ ৰূমৰ আবাসী হ’লো | এই ৰূমটো দুজনীয়া আছিল | ৰূমমেট আছিল শিৱসাগৰৰ আমতকৈ ওপৰ বেটছৰ জয়ন্ত দা | ওখ খীন হাঁহি মুখীয়া | তলৰ মহলাতকৈ ইয়াত হাই-উৰুমী কম | পঢ়িবলৈ ভাল পৰিবেশ | ৰূমমেট প্ৰায়ে নাথাকে | থাকিলেও পঢ়া-শুনা বৰকৈ কৰা নেদেখো | কেতিয়াবা ৰাতি ভাত খোৱাৰ পাচত লগৰ দুই এজন আহে , আদ্দা মাৰে | এজনে আহি এদিন ৰাতি ক’লে , “ ঐ, নতুন কিবা আনিছ নেকি ? ” “ হাঁহি ক’লে- নাইও |” বুলি কৈ বিচনাৰ তলৰ বাকছটো টানি আনি কিবা এখন আলোচনী উলিয়াই আনিলে | মই আলেঙে আলেঙে চাই আছো | তাৰপাচত দুয়ো কিতাপখনৰ পাত লুতিয়ালে | আৰু কিছুমান মন্তব্য দিলে | মোৰ মনটোৰ অনিসন্ধিত্সু বাঢ়িল | মাজে মাজে প্ৰায়ে এই বাকছ চোচৰাই অনা, খুলা, আলোচনী উলিয়াও, হাহি-ধেমালি –এইবোৰ চলি থাকিল | জয়ন্তদাই মোক একো কোৱা নাই | এদিন তেখেত ঘৰলৈ যাওতে, তেখেতেৰ টেবুলখনত কি কি কিতাপনো আছো চালো | কিতাপ বেছি নাই | অতিপাত বিশৃংখল টেবুলখন | কেইখন মান আলোচনীও আছে | চালো | India
Today, Frontier আদি | আৰু এখনৰ বেটুপাতখন দেখি বুজিলো- এইখন কিবা যৌন আলোচনী | ভিতৰৰ পৃষ্ঠাবোৰ লুটিয়াই গ’লো | বাপৰে, কি ফটো | প্ৰায়ে অৰ্ধ উলংগ ফটো পুৰুষ মহিলাৰ কিছুমান উত্তেজক ফটো আৰু কিছুমান লেখা | আগতে দেখা নাছিলো | আলোচনীখনৰ নাম আছিল – Debonair | তেতিয়া আলোচনীখন প্ৰথম দেখি যি মনোভাব হৈছিল আজি আলোচনীখন সম্পৰ্কে ধাৰণা বহু খিনি সলনি হ’ল | তেতিয়াহে বুজিলো কিয় এই আলোচনীখন ট্ৰাংকত থৈ দিয়ে , পাত লুটিয়াই হাঁহি ধেমালি কৰে | পাচত অৱস্যে তেখেতে নিজে দেৱোনেইৰ দেখুৱাইছিল | কৈছিল , “ হালৈ, শাষ্ট্ৰ চাবা নেকি ?” চালো | ফটোবোৰ চাইছো বেছ নিখুত | সেয়েহে চাগে কোনোবাই কৈছিল “Nudity in photography is Z , not A” অৰ্থাত্ এজন ফটোগ্ৰাফাৰ পাকৈত হোৱাৰ পাচত হে তেওঁ Nudity বা উলংগতাক ফটোৰ বিষয় হিচাপে লৈ ফটোগ্ৰাফী কৰিব পাৰে | কথাষাৰ সঁচা | তাৰ পাচত দেখাইছিল তেখেতেৰ তেনে আলোচনীৰ সংগ্ৰীহিত ফটোৰ এটা ফাইল | মই ভেবা লাগি চাই ৰ’লো | এনেকুৱা ফটো সংগ্ৰহো কাৰোবাৰ হবি হব পাৰেনে !
মেডিকেল কলেজৰ হাঁহি চকুলোত হোষ্টেলৰ খানা পিনা বা মেছৰ বিষয়ে নিলিখিলে আধৰুৱা হ’ব | আমাৰ হোষ্টেলৰ মেছ তিনিটা আছিল | এই মেছতেই কেতিয়াবা হঁহা কন্দাও হৈছিল | মকেল্লৰ বাবে এক সন্ত্ৰাশৰ ঠাই | মকেল্ল বিলাকে খাবলৈ আহিলে জ্বাৰে জহে জোতা এজোৰ পিন্ধি আহিবই লাগিব | ইয়াৰ পৰাই ৰাতি মক্কেলবোৰক ধৰি নি ৰাতি এপৰলৈ কোনো ৰূমত ৰেগিং কৰিছিল | সেয়েহে কিছুমান চতুৰ নতুন ল’ৰাই নিশা বহু পলকৈ হাতত সাৰে ভৰিত সাৰে গৈ ভাত খাই আহিছিল | মই দুই নম্বৰ মেছত খাইছিলো | ইয়াৰ ৰান্ধনি বাহাদুৰ কাইৰ হাতৰ কণী ভুজিয়া, আলুৰ চিপচ্ আৰু দেওঁবৰীয়া ছাগলী মাংসৰ পানী দিয়া আঞ্জাৰ সোৱাদেই বেলেগ আছিল | বাহাদুৰ কাইৰ উপৰিয়াও এইটো মেছত কৃষ্ণ, হৰকান্ত আৰু ৰমনীও আছিল | এওঁলোকৰ বয়স কম বাবে আমি নাম কাঢ়িয়েই মাতিছিলোঁ | কৃষ্ণ মেছ চলোৱাত ভাল | যেনে তেনে মেছটো চলাই দিয়ে | ল’ৰাই চলালে প্ৰায়েই মাহৰ মাজতে মেছ কলাপ্স হৈছিল |বুধ আৰু দেওঁবাৰে মাংস, বৃহস্পতি বাৰে নিৰামিস আৰু বাকী কেইদিনত মাছ বা কণী দিয়ে | দেওঁবাৰে দুপৰীয়া মাংসৰ আঞ্জাৰ লগত অমিতাৰ খাৰ প্ৰায়েই আছিল | সোৱাদো জিভাত লগা(মোৰ বাবে) | অৱস্যে দুই একে সোৱাদ নহ’লে ঠাকুৰক ধমকি দিয়া আৰু থাল দলিয়াও আদি ঘটনাও হৈছিল | মেছৰ পাঁচ খোটালিয়া স্তিলৰ থালখনৰ আটাইকেইটা খোটালিত ব্যঞ্জণ নাছিল | আৰু এটা আমোদজনক কথা – আমাৰ হোষ্টেলৰ কোনোতো মেছতেই ৰাতিপুৱাৰ আহাৰ, চাহ আদিৰ ব্যৱস্থা নাছিল | বাহিৰৰ মানুহে এই কথাটোত আচৰিত হয় | সকলেও নিজাকৈ ব্যৱস্থা কৰি লৈছিল | ব্ৰেড- জেলি/বাটাৰ বা মিনুৰ ৰূমত দি যোৱা ৰুটিৰ ৰোল | (আগলৈ)
৩০//এদিন দন্তচিকিত্সা বিভাগত ক্লিনিক্স কৰিবলৈ গৈছিলোঁ | মোৰ লগত লগত প্ৰদীপ হাতিমতা, ৰাণী গগৈ, ত্ৰিদীপ গগৈ আৰু ৰূপলেখা গোস্বামী আছিল | তেতিয়া মেইন ওপিডি বিল্ডিঙটোতেই এই বিভাগটো আছিল | শৰ্মা চাৰে আমাক ইটো সিটো দেখুৱালে | ৰোগীৰ লগতো কথাবতৰা হ’ল | দুগৰাকী বিশ্ববিদ্যালয়ৰ ছোৱালী দাঁত দেখুৱাবলৈ আহিছে | এগৰাকীৰ আমি ৰোগৰ বুৰঞ্জী ল’লো | ক’লে, - ঠান্ডা বা গৰম পানী বা আন খাদ্য খালে দাঁত সিৰসিৰাই | নামটো তুতুমনী গগৈ বুলি ক’লে | মুখৰ ভিতৰখন চালোঁ | আমাৰ চা চিনাকি দি দিলোঁ | তুতুমনী গগৈ ধুনীয়া ছোৱালী | তাতে চকুত লোৱা কাজলখিনিয়ে আৰু ধুনীয়া দেখাই্ছিল | মাতটোও মৰম লগা | হিষ্ট্ৰী লওতে গম পাইছিলো ঘৰ শিৱসাগৰত বুলি | এদিন হোষ্টেললৈ মাতিলে ফুৰিবলৈ | ৰোগীৰ লগতে দুই তিনি ঘন্টাতে আত্মীয়তা গঢ়ি উঠিল | “ হ’ব, এদিন গৈ ওলাম” কথা দিলোঁ | হোষ্টেললৈ আহিও ক্লিনিক্সৰ কথাবোৰ মনত পৰি থাকিল |
আবেলি ক্লাছলৈ গৈছিলোঁ | লেকচাৰ হ’ল চাৰিত চাৰ্জাৰীৰ ক্লাছ আছে | ছাৰ নহালৈ আমি তাত থকা আমলখিজোপাত ফৰ্মূতিয়াই থাকো | ঘাঁহনিত বহি আদ্দা মাৰো | ১০ মিনিটমান পাছত ক্লাছ আৰম্ভ হয় | কেতিয়াবা আকৌ শ্ৰেণী প্ৰতিনিধি(চি আৰ) প্ৰদীপে বহুত সময় ৰৈ থকাৰ পাছত নীলা বৰ্ডত ডাঙৰ আখৰেৰে লিখি দিয়ে “ NO CLASS TODAY” | আমাৰ ফূৰ্তী লাগে | এটা কথা মনত পৰিলে এতিয়াও হাঁহি উঠে | বেছিভাগ ক্লাছৰূমৰে ডেক্সত আছিল কিছুমান বিচিত্ৰ ভংগীমাৰ ব্লেড বা ডট পেনেৰে কোনোবা ছা্ত্ৰই অঁকা নাৰী-পুৰুষৰ ছবি | উহ বাপৰে | এতিয়া সেইবোৰ মনত পৰিলে এনে লাগে যেন সেই ভাস্কৰ ছাত্ৰসকল খাজুৰোহা, সূৰ্যমন্দিৰ বা মদন কামদেৱৰ শিল্পীতকৈ কম নহয় ! চাৰ ক্লাছলৈ নহালৈ বহুতো ছাত্ৰই এইবোৰ চিত্ৰ অংকনত ব্যস্ত আছিল | এনাটমী , ফিজিওলোজীত ইমান টান টান ছবি আঁকি চাগে এই যুগল ছবিবোৰ তেনেই উজু লাগিছিল | ক্লাছবোৰত মাজে মাজে বেছ জমি উঠিছিল | কেইগৰাকীমান ছাৰৰ হাস্যৰস মানিব লাগিব | তাৰ ভিতৰত এতিয়া মনত পৰিছে টংকেশ্বৰ ভূঞা চাৰ, ডেনজাৰ বৰুৱা চাৰ আৰু নাৰায়ণ উপাধ্যায় চাৰলৈ | কেইগৰাকীমান মহা ব’ৰো আছিল পিছে |
এদিন ৰাতি ৰূমমেট আৰু মই পঢ়া সামৰি শুই পৰিছিলোঁ | হঠাত্ কাৰোবাৰ চিঞৰত সাৰ পাই গ’লো | কি হৈছে গম লবলৈ নৌ পাওতেই ঠাং ঠাং কৈ আমাৰ দুৱাৰৰ আটাইবোৰ গ্লাছ ভাঙি দিলে |পৰ্দাটো তেজ লাগিছিল | বাহিৰ ভিতৰ সকলোতে কাচৰ টুকুৰা | ঘড়ীটোলৈ চাইছিলো : ডেৰ বাজিছিল | আমি দুও আচৰিত | কি হ’ল | দুৱাৰখন খুলি দেখিছিলো ভাস্কৰ দাই চিঞৰি চিঞৰি গৈ আছে | ভাবিলোঁ : পৰীক্ষাৰ ৰিজাল্ট মদৰ নিচা সকলো আমাৰ দুৱাৰৰ গ্লাছকেইখনে সহিব লগা হ’ল | আমাৰ লগত ভাস্কৰদাৰ কোনো শত্ৰুতাও নাছিল | ঠান্ডা-মুন্ডা মানুহজনৰ হঠাত্ কি হৈ গ’ল | পাছত গম পাইছিলো ভাস্কৰদাৰ মানসিক ভাবে হেনো ভাগি পৰিছিল |
৩১//বিহু পূজা আদি উত্সৱবিলাক আহিলে মনটো আনন্দেৰে ভৰি পৰিছিল | কাৰণ বিহু পূজাত আমি প্ৰায়েই ঘৰলৈ গৈছিলোঁ । আৰু ঘৰ মানেই আনন্দ । বহুদিন আগৰে পৰাই ভাল লাগি থাকে । লগৰ কোন কোন ঘৰলৈ যাব তাৰ খবৰ কৰো । আৰু দহদিনমান আগতে গেটৰ নৈশ বাছৰ কাউন্টৰত টিকট বুক কৰো । কোনোবা গুৱাহাটীলৈ কোনোবা বৰপেটালৈ বা কোনোবাজন সৰ্থেবাৰিলৈ যাবলৈ টিকট বুক কৰিছিল । মই নলবাৰীলৈ টিকট বুক কৰো । যিমানে যোৱাৰ দিনটো ওচৰ পায়হি সিমানেই মনৰ আনন্দ বাঢ়ি গৈ থাকে । আৰু এদিন সন্ধিয়া বেগ লৈ ঘৰ বুলি ওলাওঁ । বেগত কিতাপৰ টোপোলা । প্ৰথববাৰ মেডিকেলৰ পৰা ঘৰলৈ যাওঁতে বেগতে মানুহৰ হাড় এদালো লৈ গৈছিলোঁ । গাড়ী গতিত আমাৰ মন দৌৰিছিল । ঘৰলৈ । গান শুনি শুনি কেতিয়ানো শিৱসাগৰত গাড়ী সোমাল গমেই পোৱা নাযায় । শিৱসাগৰৰ অন্নপূৰ্ণা হোটেলত ভাত খাবলৈ গাড়ী ৰখায় । তাতেই ভাত খাইছিলো । মাছ বা মাংস ভাত । হোটেলখনৰ ভিতৰত থকা গ্লাছৰ ভিতৰত থকা ৰাধাকৃষ্ণৰ যুগল মূৰ্তীয়ে মোক বাৰুকৈয়ে আকষৰ্ণ কৰিছিল । টকা এটা দি সেৱা জনাইছিলোঁ । খোৱা-বোৱা হোৱাৰ পাছত গাড়ী পুনৰ চলে । ভিতৰত গীতৰ লহৰ । বিহুৰ বতৰত বিহু আৰু আনসময়ত অন্য জনপ্ৰীয় গীত গাড়ীৰ বাজিছিল । লাহে লাহে গীত বন্ধ হৈছিল আৰু আৰম্ভ হৈছিল দুই এজন যাত্ৰীৰ নাকৰ ঘোৰঘৰনী । কাৰোবাৰ মোজাৰ গোন্ধ , কোনো সহযাত্ৰীৰ মদৰ গোন্ধ । সকলো নীৰবে হজম কৰি কেতিয়ানো টোপনিয়ে বেৰি ধৰিছিল গমেই নাপাওঁ । কেতিয়াবা সমুখৰ আৰামী যাত্ৰীয়ে ইমানেই চীটটো হাওলাই দিয়ে যে টোপনি ভাগি গৈছিল । আৰু কব লগা হৈছিল । মাজত জখলাবন্ধাত গাড়ী ৰৈছিল । সদাযৌৱনা সংগীতমধুৰ জখলাবন্ধা । গৰম ছাহ একাপ ইয়াত খায় লোৱা হৈছিল । কাহিলীপুৱাতেই গুৱাহাটী পাইছিল । যোৰাবাটৰ পাক লগা পাহাৰ বগাই গুৱাহাটীত সোমাওতেই নিজৰ ঠাই পালোহি যেন লাগিছিল । তাৰ পাছত বাইহাটা ৰঙিয়া পাৰহৈ নলবাৰীত সোমাইছিল । গাড়ীৰ পৰা নামি অলপ চাহ দোকানতে মুখ হাত ধুই চাহ একাপ ভাল কৈ খায় লৈছিলোঁ । তাৰ পৰা বৰমালৈ বাট পোনাওঁ । বৰমাৰ পৰা অ’ট’ বা ৰিক্সাত ঘৰলৈ গৈছিলোঁ ।ঘৰলৈ মিঠাই আৰু বিস্কুতৰ পেকেট বৰমাৰ পৰা লৈ লওঁ । বৰমাৰ পৰা ধুলিয়ৰি বাটেৰে ৰিক্সা আগ বাঢ়ে । চিনাকী গাঁৱবোৰ ইখনৰ পাছত সিখনকৈ পাৰ হৈ যাওঁ । আমাৰ ঘৰলৈ যোৱাৰ বাটত বৰমা কলেজ- আমাৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ । তাৰ পাছত গোঁহাই কমল আলি সংলগ্ন মেৰকুছি । তাৰপৰা ৰিক্সা উত্তৰে মূৰ কৰিছিল । পাৰ হৈ যাওঁ আমি “কহিনুৰ থিয়েটাৰ’’ চাবলৈ অহা বৰশিমলুগুৰি । বাটতে দুই এজন আমাৰ গাঁৱৰ মানুহক পাওঁ । মাত লগাইছিল “ কিয়ে, দীপুল, আইহলি । যাহ, এ মই বৰমাক যাং ৰহ” । আপোন গাঁৱৰ আপোন মানুহক দেখি মনটো ঘৰ পায়গৈ । ভাবি থাকোতে কেতিয়ানো থানগুৰী পাইছিলোঁ গমেই নাপাওঁ । সোৱা দূৰৈত জিলিকি আছে মোৰ আপোন বিদ্যালয়- নেহৰু আঞ্চলিক হাই স্কুল । মনটো আনন্দতে নাচি উঠিছিল । দেৱচাৰা চ’ক পাওঁতে ৰিক্সাচালকৰ মাতত বাস্তৱলৈ ঘুৰি আহিছিলো “ইটা কুন ফালে যাম ?” মই কৈছিলোঁ : ও চিধা গৈ থাকক । চ’কত বহুতে মাত লগাইছিল । মইও ভাল বেয়া সুধিছিলোঁ । দলঙখন পাৰ হৈয়েই আমাৰ গাঁৱখন দেখা যায় । পদুলিত ৰিক্সাৰ পৰা নামি ৰিক্সাক বিদায় দিওঁ । ঘৰৰ মাঁ ভন্টীহতে হাঁহিৰে মোৰ বেগটো ঘৰলৈ লৈ যায় । মাঁৰ মুখখন আনন্দত উথলি উঠে । দেউতাই দেওঁৱৰীয়া হাটৰ পৰা মই খাই ভাল পোৱা বিহাৰীৰ চানাচুৰ ভাজা লৈ আহে । ভন্তিয়ে পাৰমাংসৰ আঞ্জা ৰান্ধে । বৰদেউতাহঁতে ভাত খাবলৈ মাতে । মই ডাক্তৰ হলো বুলি ভাবি গাঁৱৰ অতোহা দাদাই গেস্ত্ৰিকৰ দৰব বিচাৰে । হাঁহি ধেমালিৰে দিনবোৰ পাৰ হৈছিল । ঘৰলৈ গলেই মই পথাৰলৈ যাওঁ কাৰণ পথাৰ মই ভাল পাওঁ । এতিয়াও মই পথাৰৰ ভীষণ প্ৰেমিক । অ’লৈ ত’লৈ ফুৰিবলৈ যাওঁ । বেছিভাগে এটা প্ৰশ্ন সুধিছিল : আৰু কেইবছৰ আছে ।
হাঁহি ধেমালিৰ দিনবোৰ টুটি আহিছিল । সকলোকে বিদায় দি এদিন আকৌ ডিব্ৰুগড়লৈ ধাপলি মেলিছিলোঁ । ঘৰৰ পৰা নলবাৰীলৈ আহো ককাইদেউৰ লগত । তাত সম্বন্ধীয় ককাইদেউৰ ঘৰত দিনটো কটাইছিলোঁ । সন্ধিয়া আকৌ নাইট চুপাৰত চফৰ । এইবাৰ এটা গোমা মনলৈ । গৈ গৈ বৰবৰুৱা পালে মনটো অধিক বিষাদে আবৰি ধৰিছিল কিয়নো কলেজ পালোহিয়েই ; আকৌ একেঘেয়ামী জীৱন – ক্লাচ, কেন্টিন, ক্লিনিক্স, পল্টন ।সন্ধিয়া আকৌ মেডিচিনৰ কিতাপ খুলিছিলোঁ । বেগ গধুৰ কৰি কিতাপ ঘৰলৈ লৈ যোৱাহে হৈছিল ; কেতিয়াও খুলিয়ে চোৱা নহয় । (আগলৈ)
৩২//মেডিকেল কলেজৰ হাঁহি চকুলো...
মেডিকেল কলেজৰ হোষ্টেলৰ খোৱা-বোৱাৰ ক্ষেত্ৰখন বৰ ভোগালী নহয়। হোষ্টেলৰ খানা সদায় একেধৰণৰ। ঘৰলৈ গ’লে সেয়েহে মাৰ হাতৰ ৰন্ধা আঞ্জাখন খাই অমৃত খোৱা যেন লাগিছিল। আহি হোষ্টেলত দুদিনমান পেটলৈ ভাত ঠেলি হেঁচি পঠাব লগা হৈছিল। তথাপিও জী থাকিবলৈ খাইছিলোঁ । পিছে হোষ্টেলৰ মেছৰ কেইখনমান আঞ্জা-ভাজিৰ সোৱাদ মই আজিকোপতি পাহৰিব পৰা নাই। খোৱাৰ পাছত আৰু খাম আৰু খাম লাগি আছিল। আমাৰ নতুন ছাত্ৰাবাসৰ মাজৰ মেছৰ বাহাদুৰ কাইৰ আলুৰ মুৰমুৰিয়া ভাজিৰ সোৱাদ জিভাত লাগি আছে। প্ৰথম দি যোৱাৰ পাছত আকৌ খুজি খুজি খাইছিলোঁ। এতিয়াৰ দোকানৰ আলুৰ চিপছে পাত্তাই নাপাব। মই নিজেও দুবাৰমান এনেকৈ আলুৰ চিপছ ভাজিবলৈ চাইছিলোঁ পাছে মুৰমুৰিয়া নহয় গতিকে বাহাদুৰ কাইৰ জুতিটো পোৱা নাযায়। কণীৰ ভুজিয়াও বৰ সোৱাদলগাকৈ ভাজিছিল। দুটা কণী বাহাদুৰ কাইক দিলে ধুনিয়াকৈ কণী ভুজিয়া ভাজি দিছিল। সঁচা কৈছো কাষত ভাত খাবলৈ বহাজনক অলপ দিবলৈ মনেই নগৈছিল। পিছে দিছিলোঁ। এতিয়া দোকানে-পোহাৰে কণী ভুজিয়া খালেও তেনে সোৱাদ নাপাওচোন। জানো, কণীয়ে ভেজাল নে মছলাৰে আধিক্য। মাজে মাজে মেছত অমিতাৰ খাৰ ৰান্ধিছিল। বিশেষকৈ দেওঁবাৰে মাংসৰ লগত। এনেয়ে খাৰ খোৱা (নামনীৰ) অসমীয়া গতিকে বৰ হেঁপাহেৰে ভাত কেইটা খাইছিলোঁ। নামনিৰ মানুহে এনেও খাৰৰ আঞ্জা খাই ভাল পায়। আৰু এবিধ ভাজি সোৱাদ লাগিছিল। সেয়া হ’ল তিতা কেৰেলাৰ সুকান ভাজি। অলপ দেই যোৱাকৈ ভজা এই ভাজিখনো দুই নং মেছৰ অন্যতম আছিল। অৱস্যে কেতিয়াবাহে কেৰেলা ভাজিছিল। আমাৰ হোষ্টেলৰ ৰাতিপুৱাৰ খাদ্যবিধ পিছে বৰ ভাল লগা নাছিল।সাতমান বজাত মিনু বোলা মানুহ এজনে আমাৰ ঘৰতে বনাই অনাই কিবা-কিবি ৰূমত দি গৈছিল। কিবা-কিবিত আছিল ভেজিটেবল ৰোল, এগ ৰোল, হালুৱা, পপ, ঘুগুনী ইত্যাদি। ৰূমত আহি পাই মানে এইবোৰ একেবাৰে ঠাণ্ডা হৈ গৈছিল। গতিকে ৰূমতে হীটাৰত একাপ এভ্ৰিডে গাখীৰেৰে চাহ পগাই ৰাতিপুৱাৰ আহাৰ পৰ্ব সামৰিছিলোঁ। ইয়াৰ ভিতৰত এগ ৰোলটো খাই অলপ ভাল লাগিছিল যদিও বাজেট নিমিলে বাবে সদায় খাব নোৱাৰিছিলোঁ। তাৰ পাছত গা ধুই ক্লাছলৈ গৈছিলোঁ। আহি আকৌ বাৰ বজাত হোষ্টেলৰ খানা। আবেলি কেন্টিনত দুই টকাৰ কুপন লৈ কিবা এটা খাইছিলোঁ নহলে পল্টন বজাৰৰ বিহাৰী হোটেললৈ গৈছিলোঁ।
এদিন ভাত খাই থাকোতে মোৰ লগৰ মৃণালে ক’লে, “ অ’ই হালৈ, নেচনেল স্কোলাৰশ্বিপ আহিছে বোলে। গম পাৱ নেকি?” “নাপাওঁ দেখোন” । আবেলি দুয়ো গৈ খবৰ কৰিলোঁ। হয় আহিছে আৰু অহা সোমবাৰে দিব বুলি কেৰাণীগৰাকিয়ে কৈছিল। মনটো আনন্দ লাগি গৈছিল। মাহে ৩০০টকাকৈ বাৰ মাহৰ ৩৬০০টকা। বাহ! ভাবিয়ে ভাল লাগি গৈছিল। সন্ধিয়া ৰূমলৈ আহি কি কি কিনিব লগা আছে তাৰ হিচাপ এটা কৰিয়ে পেলাইছিলোঁ। বহুত বস্তু টকাৰ অভাৱৰ বাবে লব পৰা নাছিলোঁ। সোমবাৰটো নাপায় হি যেন লাগিছিল। পাইছিলোঁ নগদ ৩৬০০টকা। তেতিয়া নগদ টকাহে দিছিল; চেকৰ কাৰবাৰ নাছিল। বৰ সজতনে জেপত টকাখিনি লৈ মুখত এটা সন্তোসৰ হাঁহি লৈ প্ৰশাসনীয় ভৱনৰ পৰা ওলাই আহিছিলোঁ। ইমানখিনি টকা চাগে একেলগে প্ৰথম দেখিছিলোঁ। তাৰ পাছত এদিন নতুন বজাৰলৈ গৈছিলোঁ লগৰ দুজনমানৰ লগত। সিহঁতেও বৃত্তি পাইছিল। সেইদিনা ডায়েৰীত এনেদৰে লিখা আছেঃ
২২ জুলাই, ১৯৯৩ বৃহস্পতি-
খৰছ:
১। জোতা(বাটা) : ৫৮৬/-
২। চোলা :১৬৭/-
৩।পেণ্ট :২৩৫/-
৪। ছাতি(মদত্ত) :১২৫/-
৫।কিতাব :২৫৪/-
৬।চছমাৰ লেন্স :২১০/
৭।কলেজ ফীজ :১৭৬/-
৮।মেছ দিউজ :৩২৫/-
৯।ঘৰলৈ মানি অৰ্ডাৰ :৭০০/-
১০। অন্যান্য :১০০/-
মুঠতে :২৮৭৮/-
বজাৰত ভালকৈ মোগলাই পৰঠা খাই হোষ্টেল পাওঁতে সন্ধিয়া ভালকৈ লাগিছিল। এই মোগলাই পৰঠাটোও বৰ ভাল লগা আছিল। সেইখন হোটেলৰ মোগলাই পৰঠা বিখ্যাত আছিল। পিছে হোটেলখনৰ নামটোহে এতিয়া মনত পেলাব পৰা নাই। নিউ মাৰ্কেটৰ আৰোৰা চিনেমা হলৰ ওচৰত আছিল। তেতিয়া ডিব্ৰুগড়ৰ মেডিকেলৰ গেটৰ পৰা টাউনলৈ মূৰ থকা চিটিবাছ চলিছিল। ভাৰা আছিল মাত্ৰ ১টকা। অহা যোৱা মুঠতে ২টকা আছিল। ৰাষ্ট্ৰীয় বৃত্তিৰ টকা কেইটামান বেংকটো জমা কৰিছিলোঁ। (আগলৈ)০৪/০১/১৪
৩৩//মেডিকেল কলেজৰ হাঁহি চকুলো...
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত আমাৰ কলেজৰ ভাল সম্পৰ্ক আছিল। এবাৰ মুখ্যমন্ত্ৰীৰ কোটাক লৈ হোৱা আন্দোলনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও যোগদান কৰিছিল। সেই সূত্ৰে মোৰ এগৰাকী ছোৱালীৰ লগত চিনাকী হৈছিল আৰু পাছলৈ ঘৰুৱা বাইদেউ হৈ পৰিছিল। তেখেতৰ বিয়ালৈও মই গৈছিলো । শিৱসাগৰৰ টুটুমণী বাইদেৱে মোৰ প্ৰায়ে খবৰ লৈছিল। ফোনো কৰিছিল। আৰু মোলৈ জীৱনৰ প্ৰথম ফোনকলটো(দূৰৈৰ পৰা অহা) আহিছিল এই গৰাকী বাইদেউৰ পৰা। মোৰ যেনেকৈ বিশ্ববিদ্যালয়ত যেনেকৈ বাইদেউ আছিল তেনেকৈ বহুতৰে ভন্তী আছিল, অনেকৰ প্ৰেমিকাও আছিল। গতিকে আহ-যাহ চলি থাকে। অৱশ্যে কেতিয়াবা বিশ্ববিদ্যালয় আৰু আমাৰ কলেজৰ ল’ৰাৰ মাজত কাজিয়াও হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদৰ নাহৰবোৰলৈ এতিয়াও মনত পৰে। আমাৰ কলেজতকৈ চৌহদটো প্ৰাকৃতিক ভাবে ধুনীয়া আছিল।
দেওঁবাৰে পলমকৈ উঠাতো এটা অভ্যাসেই আছিল। দুপৰীয়া গা-পা ধুই হোষ্টেলৰ চৌহদৰ চোতালত অলপ আদ্দা মাৰিছিলোঁ। গা-পা ধোৱাৰ কথা কওঁতে এটা কথা মনত পৰিছে। আমাৰ ছাত্ৰাবাসত কিছুমান বৰ লেতেৰা ল’ৰা আছিল। শৌচাগাৰ যেনেকৈ ব্যৱহাৰ কৰিছিল নহয় – দেখিলে বমি আহি গৈছিল। এবাৰ গৈ দেখো লেট্ৰিনৰ পেনত প্ৰায় ১কেজিমান সতেজ ময়লা ! ওলায় আহিলো আৰু লেট্ৰিনৰ বেৰত লিখি দিলোঁ “ গৰুৱেহে হাগি পানী নাঢালে”। নাজানো বুজিলে নে নুবুজিলে। নাজানো কিয় এনেকুৱা কৰিছিল। আমাৰ ছাত্ৰাবাসত পানী নহোৱা ঘটনাও কাচিৎহে হৈছিল।
সন্ধিয়া প্ৰায়ে দূৰদৰ্শনৰ কাৰ্যসূচী অলপ চাইছিলোঁ। তেতিয়া আৰু দূৰদৰ্শন নাচাই উপায় নাছিল। কাৰণ ছাত্ৰাবাসৰ টিভিত এটা চেনেল আহিছিল। এই টিভি টোতে আমি বহু চিনেমা, ধাৰাবাহিক চাইছিলো। সুস্মিতা-ঐশ্বৰ্যকো এই টিভিতেই বিশ্বসুন্দৰী হোৱা দেখিছিলোঁ। এবাৰ টিভিত নিশা মেডোনাৰ লাইভ কাৰ্যসূচী দিয়াৰ কথা। বেছি ভাগ ল’ৰাই খাপ পিটি বহি আহিছিল। হোষ্টেলৰ পল্লৱদাই ক’লে, “ ঐ লাভ নাই, মেখেলা চাদৰ পিন্ধি ওলাব”। কমন ৰূমত হাঁহিৰ ৰোল উঠিছিল। মেডোনা তেতিয়া বহুতো ৰূমৰ হট পোষ্টাৰ। মেডোনা পিছে সিদিনা মেখেলা-চাদৰ পিন্ধি নোলাল। তেতিয়া আমি “ঋতু আহে ঋতু যায়” নামৰ ধাৰাবাহিক খন চাই আছিলো। আৰু এখন ধাৰাবাহিক চাই বৰ আমোদ পাইছিলোঁ। এটা খণ্ডও বাদ নিদিয়াকৈ চাইছিলোঁ। সেইখন আছিল – বৃকোদৰ বৰুৱাৰ বিয়া। সদায় ভাবিছিলোঁ: আজি চাগে বৃকোদৰৰ কইনা পচন্দ হ’ব। পিছে নহয়। এদিনতো এটা বাতৰিও ওলাইছিল: বৃকোদৰ বৰুৱাৰ বিয়া হ’ল বুলি। পাছতহে গম পালোঁ সেয়া সপোনহে আছিল। এতিয়াও পুনৰ প্ৰচাৰ কৰিলে চাগে ৰাইজে আদৰি ল’ব। কিন্তু অৱশেষত বৃকোদৰৰ বিয়াখন বৰ হুৰ-মূৰকৈ পাতিলে।
আমাৰ ওপৰৰ মহলাৰ কমন ৰূমৰ পৰা “লেডিজ হোষ্টেল-৭”টো ভালকৈ দেখা যায়। লাইন গ’লে- বিভিন্ন চিঞৰে সন্ধিয়াটো ৰঙীন কৰি তুলিছিল। ৭অৰ ভন্তীহ’তলৈ দাদাহঁতে চিঞৰি আবদাৰ কৰিছিল। এটা দুটাকৈ লেডিজ হোষ্টেলৰ ৰূমবোৰ কেণ্ডেলৰ পোহৰত জিলিকি উঠিছিল। হঠাৎ লাইনটো আহি গ’লে সকলো হৈ পৰিছিল শান্ত সিষ্ট বষিষ্ঠ। একোজন বাধ্য ছাত্ৰ। কেতিয়াবা পোহৰো ভাল নালাগে চাগে। সেয়ে হয়তো আমাৰ ছাত্ৰাবাসৰ সমুখৰ ষ্ট্ৰীট লাইটো বেয়া হৈ থাকে। কম পোহৰত প্ৰেমালাপৰ মজাই বেলেগ চাগে। কমন ৰূমৰ পৰা দুটি ছায়া-মূৰ্তীৰ প্ৰেমালাপ প্ৰায়ে প্ৰত্যক্ষ কৰিছিল। আমাৰ দেখিয়ে ভাল লাগিছিল। পিছে সেই ছায়া-মূৰ্তী হোৱাৰ সৌভাগ্য নহ’ল।(আগলৈ)