Sunday, 7 October 2012

প্ৰতীক্ষা


প্ৰতীক্ষা

বিয়া হোৱাৰ পাচত দুবছৰলৈ সাগৰ আৰু অৰুণিমাই পৰিয়াল বঢ়োৱাৰ কথা ভবা নাছিল | মানুহে ভাল খবৰ সুধিবলৈ লোৱাতহে সিঁহতে সন্তানৰ কথা ভাবিলে | ভবাৰ পাচতো বহু মাহ গ’ল | মাহৰ সেই বিশেষ দিনকেইটালৈ দুয়ো অধীৰ আগ্ৰহেৰে বাট চাই থাকে | দুদিননান আগবাঢ়িলেই মনটো অলপ ভাল লাগে | কিজানিবা ভাল খবৰ ওলায়েই | দিনে দিনে চিন্তা বাঢ়ি গৈছিল |
এদিন অফিছৰ শ‍ইকীয়া বোলা এজনে সুধিলে, “ সাগৰদা, ভাল খবৰ কিবা আছে নেকি ? ”
সাগৰে দুনাই সুধিলে, “কেনেকুৱা কেনেকুৱা ভাল খবৰ ?”
“বিয়াৰ পাচৰ ভাল খবৰ আকৌ ”
“নাই, নাই ” সাগৰ বৰুৱাই সামান্য হাঁহি উত্তৰ দিলে |
ৰাতি সাগৰে অৰুণিমাক ক’লে, “ ৰু, আজিকালিচোন মানুহবিলাকে বৰকৈ ভাল খবৰ সুধিঅবলৈ লৈছে | ”
“সুধিব‍ই | মোৰো কেঁচুৱা দেখিলে মনটো বেয়া | কিমান দিন আৰু এনেকৈ থাকিবা, কিবা এটা কৰিব লাগে |” –অৰুণিমাই ক’লে |
“এৰা ”- সাগৰে ক’লে, “ ভাল স্ত্ৰীৰোগ বিশেষজ্ঞ এজনৰ ওচৰলৈ যাব লাগিব |”
অফিছৰ হেমন্ত বৰাই এদিন কওঁ নকওঁকৈ ক’লে, “ বৰুৱা, বেয়া নাপায় যদি কথা এষাৰ কওঁ |”
“কওঁক, কিয় বেয়া পাম | ”
“আমাৰ ওচৰৰ বিডিঅ’ এজনৰ বহু বছৰ ধৰি সন্তান নাছিল | বহুতো ভাল ভাল ডাক্তৰক দেখুৱাইছিল যদিও ল’ৰা-ছোৱালী হোৱা নাছিল | শেষত এগৰাকী মহিলাই সপোনত পোৱা দৰব খোৱাৰ এবছৰ পাচতেই ছোৱালী এজনী হ’ল | মনৰ আনন্দতে মানুহ গৰাকীক ঢেৰ কিবা কিবি দেলে | এনেয়ে মানুহগৰাকীয়ে তেনেকৈ একো নলয় | ... এবাৰ নহলে নাযায় কিয় | ” অৰুণিমাক দৰৱ আনি খুৱালে | বনগুটি সদৃশ দৰব কেইটা একো হেৰফেৰ নোহোৱাকৈ কুকুৰাই দাক নিদিওতেই খালে | এফালে সোমাই আনফালে ওলাল; সিঁহতৰ সংসাৰলৈ তৃতীয় প্ৰাণীৰ আগমন নহ’ল | এদিন গেৰুৱা বস্ত্ৰধাৰী বাবাজী এজনে জোৰকৰি হস্তৰেখা পৰীক্ষা কৰিলে | বাবা ভোলানাথৰ নামত প্ৰসাদ আগবঢ়াবলৈ একাৱন্ন টকা লৈ গ’ল |
প্ৰতি দেওবাৰে অৰুণিমাহঁতৰ কিট্টি পাৰ্টি | ৰূপচৰ্চা, পৰচৰ্চা, ৰন্ধন-প্ৰনালী, চাচ-বহুৰ চিৰিয়েলকে ধৰি নানা বিষয়ৰ আলোচনা, ফূৰ্তি-তামোচা | কেচুৱা নোহোৱা সকলোলৈ নানা উপদেশ | এজনীয়ে ক’ব সত্যনাৰায়ণ পূজা পাতিব লাগে, এজনীয়ে ক’ব গৰখীয়া গোসাইথালৈ যাব লাগে , কোনোবা এজনীয়ে কয় : গৰখীয়া সবাস পাতিব লাগে , লাড়ুৱা গোপালৰ ফটো শোৱনীকোঠাত আঁৰিব লাগে | গ্ৰহৰত্নৰ কথা কওঁতাৰোতো লেখ নাই | পাচলৈ অৰুণিমাই কিট্টি পাৰ্টিলৈ নোযোৱা হৈছিল |
গ’ল, অৰুণিমাহঁতো গৰখীয়া থানলৈ গৈ বট গছত গামোছা আঁৰিলে, টিলিঙা মন্দিৰলৈ গৈ টিলিঙা ওলোমালে, বগা বাবাৰ মাজাৰত কেন্দেল জ্বলালে, কলনীৰ গৰু নৰখা গৰখীয়াক আদৰি আনি সেৱা কৰিলে | ভকত সেৱা , নামপ্ৰসংগও বহুত কৰিলে | দহো আঙুলিত গ্ৰহৰত্নৰ আঙঠিয়ে ভিৰ কৰিলে | একো বাদ নপৰিল | উপদেশৰ জোৱাৰত সিহঁত বহুত উতিলে | “বেয়া নাপাই যদি কথা এষাৰ কওঁ” বোলোতাক “নকব” বুলি কোৱা হ’ল | অ’ত ত’ত ভালেকেইজন ডাক্তৰক দেখুৱালে | দুবাৰ সৰু অপাৰেচন দুটাও কৰিলে | এনেকৈয়ে সাতটা বছৰ পাৰ হৈ গ’ল | একো নহ’ল | বহুতে এইবাৰ অসমৰ বাহিৰলৈ গৈ দেখুৱাবলৈ উপদেশ দিলে |
মুখ খুলি নকলেও সিহঁতৰ ঘৰে বাহিৰে এক অশান্তিকৰ পৰিবেশৰ সৃষ্টি হৈছিল | কেতিয়াবা কোনোবাই কথাৰ মাজতে সুধি দিয়ে, “ ল’ৰা-ছোৱালী কেইটা?” বা “কোন ক্লাছত পঢ়ি আছে ?”  দুয়োৰো বেয়া লাগে | এটা তেনেকুৱা প্ৰ্শ্ন‍ই কেতিয়া গোটেই দিনটো বিষাদেৰে ভৰাই তোলে | সিহঁতে সন্তান হোৱা-নোহোৱালৈ যিমান চিন্তিত তাতকৈ আন মানুহৰ কথা-কান্ড, হকে-বিহকে দিয়া উপদেশবোৰেহে বেছি আমনি দিয়া হ’ল | বাটত সৰু সাপ এডাল মৰি থাকিলেও য’ত মানুহে জুম পাতি চাবলৈ সময় ওলায় তাত সিহঁতক উপদেশ দিবলৈ ক’ত মানুহৰ অভাৱ হ’ব বুলি সাগৰে ৰু-ক বুজনি দিয়ে |
সাগৰৰ ডাক্তৰ বন্ধু বিশ্বজিতে ফোনত কথা পাতোতে এদিন ক’লে, -“ সাগৰদা, এবাৰ আশা হস্পিতেলত দেখুৱাওক না; মোৰ মিছেচৰ বায়েকৰো তাত আই ভি এফ কৰি ছোৱালী এজনী হৈছে |”
“ কি সমস্যা আছিল বাৰু ? ”- সাগৰে সুধিলে |
“টিউবৰ ব্লক আছিল বুলি কৈছিল | ” –বিশ্বজিতে ক’লে, “ প্ৰথমবাৰ বাইদেউৰো চাকছেচ হোৱা নাছিল, দ্বিতীয়বাৰ হ’ল | গৈ আহক এবাৰ |”
“বিশ্বজিত, আই ভি এফ কৰিলে বহুদিন থাকিব লাগিব নেকি বাৰু ?”- সাগৰ
“ নাই নালাগে, ওচৰৰ লজ বা হোটেলত এমাহমান থাকিলেই হব | ৰিজাল্টৰ পাছত আহিব পাৰিব | ”
আশা হস্পিতেলৰ ডা: হৃদয় মহন্ত‍ই কাউনচেলিঙৰ সময়ত ৰিপোৰ্টবোৰ চাই ক’লে, “ ডিম্ববাহী নলীৰ সমস্যা | দুয়োফালে বন্ধ আছে বাবে কনচিভ কৰা নাই | আই ভি এফ কৰাই ভাল | এই পদ্ধতিত নিৰ্দ্দিষ্ট কিছুমান দৰব ব্যৱহাৰ কৰি মহিলাৰ ডিম্বাশয়ত অধিক ডিম্বৰ সৃষ্টি কৰা হয় | তাৰপাচত সৰু এক পদ্ধতিৰ দ্বাৰা ডিম্ব বাহিৰলৈ আনি শুক্ৰৰ লগত নিষেচন হ’বলৈ দিয়া হয় | নিষেচিত ডিম্ব পাচত মহিলা গৰাকীৰ জৰায়ুত স্থাপন কৰা হয় | চৈধ্য দিন পাচত গৰ্ভধাৰণৰ পৰীক্ষা কৰা হয় | ”
সাগৰে সুধিলে, - “ চাৰ, আই ভি এফৰ সফলতা কিমান ?”
“বিশৰ পৰা পচিশ শতাংশ | ”- ডাক্তৰে ক’লে |
“ কিমান টকা খৰছ হ’ব ? ”- সাগৰে আকৌ সুধিলে |
“ এক –দেৰলাখ টকা খৰচ হয় | অবস্যে দৰব বেছি প্ৰয়োজন হলে খৰছ বেছিও হব পাৰে |”
এটি আশা লৈ দুয়ো ডাক্তৰৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা ওলাই আহিছিল |
তাৰ পাচত বহুতো পৰীক্ষা, আল্ট্ৰাচাউন্ড, এক্স ৰে | অহা যোৱা |

*********************************************
অধীৰ আগ্ৰেহেৰে সাগৰে অ’টিৰ সমুখত বহি অপেক্ষা কৰিছে | বহু প্ৰতীক্ষাৰ অন্তত দ্বিতীয়বাৰ আই ভি এফত আশাৰ মুখ দেখিছে | সাগৰে এবাৰ বহিছে, এবাৰ ঠিয় হৈছে | ইফালে সিফালে পাইচাৰি কৰিছে | বাৰে বাৰে ঘড়ীটোলৈ চাইছে | চিনেমাৰ দৃশ্যৰ দৰে হৈ যোৱা ঘটনাবোৰ মনলৈ আহি আছে | প্ৰ্থমবাৰ আই ভি এফৰ বাবে যোৱাৰ দিনটো, দৈনিক বেজি লবলৈ হস্পিতেললৈ অহা যোৱা, পিক-আপ, এম্ব্ৰাইও ট্ৰেন্সফাৰ | এম্ব্ৰাইও ট্ৰেন্সফাৰৰ দিনা ফ্লেটলৈ আহোতে কিমানযে সাৱধানেৰে অকনো জোকাৰণি নোহোৱাকৈ গাড়ী চলাইছিল | বিধে বিধে ভাল ভাল ফল-মূল আনি খুৱাইছিল | প্ৰায় সকলো কাম সি নিজে কৰিছিল | সেই দিনটোৰ কথা- যিদিনা ফলাফলৰ বাবে দুয়ো পৰ দিছিল | সিহঁতৰ লগত ৰৈ আছিল ডিব্ৰুগড়ৰ জিনা হাজৰিকাহঁত, শ্বিলঙৰ গীতা কুমাৰী, পাঁচবাৰ আই ভি এফ কৰিও হতাশ নোহোৱা মিজোৰামৰ হাঁহিমুখিয়া লালডিনপুইহঁত | অৰুণিমা সাগৰহঁতে বুজিছিল যে এনেকুৱা শত-সহস্ৰ লোক আছে যি তথাকথিত নিসন্তান হৈও সন্তানৰ মুখ দেখিছে | দেৱালত আঁৰি থোৱা কেঁচুৱাৰ ফটোবোৰে তাকে কয় | এক বজাত ৰিপোৰ্ট দিয়াৰ কথা আছিল | প্ৰতি মূহুৰ্তত সচকিত হৈ আছিল | ফলাফল ডাক্তৰে কোৱাৰ পাচত সি নিৰুত্তৰ হৈ ৰৈছিল | ঘৰলৈ আহি অৰুণিমাই প্ৰথমে চকুলো টুকিছিল, তাৰপাচত ফেকুৰি ফেকুৰি কান্দি শেষত চিঞৰি চিঞৰি কান্দিছিল | সাগৰেও কান্দিছিল | অৰুণিমাক বুজাবলৈ যেন সাগৰৰ ভাষা হেৰাই গৈছিল | মাথো কৈছিল, - “ ৰু, হতাশ নহ’বাচোন , লালডিনপুইক চোৱাচোন – পাঁচবাৰকৈ অসফল হৈও হাৰি যোৱা নাই; আৰু তাইৰ সেই হাঁহিটো |”
“কংগ্ৰেচুলেশ্বন ” অ’টি দুৱাৰখন সামান্য মেলি ডা: মহন্ত‍ই হাঁহি মাৰি ক’লে , “ এতিয়া সোনকালে মিঠাই আনকগৈ | ”
------------------------- *--------------------

      

No comments:

Post a Comment