ঘড়ী
ডা: দীপুল চন্দ্ৰ হালৈ
“ঘড়ীটোৱে কয় শুনা,
টিক্ টিক্ টিক্,
সময় গৈছে উৰি,
ঠিক্ ঠিক্ ঠিক্”
সৰুতে কুঁহিপাতত
পঢ়িছিলোঁ | ঘড়ী পিন্ধাৰ চখ সৰুতেই আৰম্ভ হৈছিল | কেতিয়াবা আনে নেদেখাকৈ ডাঙৰৰ ঘড়ী
হাতত সোমাইও চাইছিলো | নাৰিকল পাতৰ ঘড়ী সাজি পিন্ধিছিলো | নাৰিকল পাতৰ ঘড়ী আৰু
চছমা- আহ্ , কি যে এক ল’ৰালিৰ ধেমালিৰ আহিলা আছিল ! ঘড়ী আছে সময় নেদেখুৱাই; চছমা
আছে গ্লাছ নাথাকে | কিন্তু আনন্দ যে কিমান দিয়ে !
হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলো লোকৰ
ঘড়ী পিন্ধি | সময়হে চাবলৈ লাগে- নিজৰ লোকৰ কি আছে | উচ্চত্তৰ মাধ্যমিকত ককাইদেৱে
এটা ঘড়ী কিনি দিলে | কিনিবলৈ নলবাৰীলৈ ককাইদেউৰ লগত মইও গৈছিলো | মনত এক বুজাব
নোৱাৰা আনন্দ | নলবাৰী চহৰৰ “টাইম চেন্টাৰ” নামৰ ঘড়ীৰ দোকান খনত ঘড়ী চালো | সজাই
থোৱা ঢেৰ ঘড়ীৰ মাজৰ পৰা এটা পচন্দ কৰিলো – এইছ এম টি কহিনুৰ | ক’লা ডায়েলৰ চাবি
দিয়া এটা ঘড়ী | বহুত সময় দামদৰ কৰি
২৮০টকাত ঘড়ীটো কিনিলো, লগতে হাতৰ ঘাম নালাগিবলৈ এখন প্লাষ্টিকৰ গ্লাছো কিনিলো |
ঘড়ীটো প্ৰথম হাতত পিন্ধি এনেকুৱা লাগিছিল যেন সেই সময়ত মোতকৈ আৰু কোনো আনন্দিত নহয়
!
ঘড়ীটোৰ সৈতে জড়ীত হৈ আছে বহুতো সুখৰ-দুখৰ
স্মৃতি | এই ঘড়ীটো পিন্ধিয়েই ৯.১৫বজাত উপস্থিত হোৱাকৈ বজালী কলেজৰ শ্ৰেনীকোঠাত
হাজিৰ হৈছিলো | উভতিছিলো- ভাগৰুৱা হৈ | পৰীক্ষাৰ আগবেলা ভাটিবেলাৰ সময় এই ঘড়ীটোত চাই গৈছিলো |
ৰাতিপুৱা চকুমেলিয়েই প্ৰথমে চকু দিও এই ঘড়ীটোত | সোনকালে সাৰ পালে “ আৰু অলপ শুই
লওঁ ” বুলি ভাবো আৰু দেৰি হলে “ ইচ্ ৰাম, ইম্মান সময় হ’ল ” বুলি হায়ৰাণ হৈছিলো |
এদিন মেডিকেল কলেজলৈ গ’লো | ডিচেকচন হলৰ
শৱদেহ কটাচিঙা কৰাৰ সময়টো মোৰ পেন্টৰ জেপত আছিল মোৰ মৰমৰ ঘড়ীটো | কেতিয়াবা ঘড়ীটোৰ
কাঁটাকেইদালৰ দৰে মোৰো দৌৰা দৌৰি হয় | ৫বজাত উঠা, ৭বজাত মিনুৰ ৰুটি ভাজি,
৭.১৫মিনিটত বাথৰুম, ৮ বজাত ক্লাছ, ৯ বজাত ডিচেকচন হল, ১২বজাত দুপৰীয়াৰ আহাৰ... আহ্
কি যে কাঁটাত বন্ধা সময় | সন্ধিয়া পল্টন বজাৰলৈ যোৱা আৰু ৰাতিৰ ভাত খোৱাৰ সময়টো
ঘড়ীটোলৈ চকু যায় | ৰৈ ৰৈ গৈ থাকে ঘড়ী কাঁটাকেইদাল | দেওবাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ
যোৱা, ৰাষ্ট্ৰীয় সংগীত ৫২চেকেন্ডত গাই শেষ কৰা- প্ৰতি পলে চকু থৰ লাগে এইছ এম্ টি
কহিনুৰত | পৰীক্ষাৰ সময়ত ঘড়ীটোলৈ এক অহেতুক ভয় লাগে | ভাব হয় সময়বোৰ যেন বেগাই
গৈছে | প্ৰ্শ্নোত্তৰ লিখি শেষ হোৱা নাই- সময় কম ; আহ্ যে এক ভয়াৰ্ত অনুভুতি !
এদিন ডাক্তৰ হ’লো | লাজ লাজ কৈ ডিঙিত
ষ্টেথ’ ওলমাই ৱাৰ্ডলৈ গ’লো | বহু সময়ৰ সাক্ষী হৈ ৰ’ল মোৰ ঘড়ীটো | কোনো দিন দুৱাৰ
বন্ধ নোহোৱা প্ৰসুতি গৃহলৈ(লেবাৰ ৰুম) যোৱাৰ সময়টো পিন্ধি লওঁ ঘড়ীটো আৰু খুলি
পকেটত লওঁ ডেলিভাৰীৰ সময়ত | লেবাৰৰুমৰ ঘড়ীটোৰ প্ৰায়ে বেটাৰী ডাউন হৈ থাকে বাবে বহু
বিনু, লালমণী, ববিতাহতঁৰ কেঁচুৱা জন্মৰ সময়ো লিখিছিলো মোৰ এই ঘড়ীটো চাই |
জন্মহোৱাৰ সেই পৱিত্ৰ মূহুৰ্তৰ কিমান সময় যে চালো ঘড়ীটোত |
জন্ম হ’লে মৃত্যু থাকিবই | মনটো বিষাদেৰে
ভৰি পৰে যেতিয়া কাৰোবাৰ মৃত্যু হয় | মৃত্যুৰ সময় যেতিয়া হাত ঘড়ীটোলৈ চাই লিখিব লগা
হয় তেতিয়া আৰু বেয়া লাগে | হৃদয় স্তব্ধ হৈ যায়- চলি থাকে ঘড়ী টিক্ টিক্ কৈ | মনত
পৰিছে প্ৰথম মৃত্যু দেখিছিলো হস্পিতালৰ কোনো এটি ৱাৰ্ডত নিশা ২.৩০ বজাত | চিষ্টাৰৰ
পৰা কল পাই নিশা প্ৰায় দুই বজাত লৰ দিছিলো ৱাৰ্ডলৈ | দেখিছিলো এজন ৰোগী দীঘল
দীঘলকৈ উশাহ লৈ আছে | অক্সিজেন লগাই দিলো | জীৱন দায়িনী দৰবৰ বেজি দিয়ালো | এটা
সময়ত ঘড়ীটোলৈ চকু গ’ল | অক্সিজেন ,জীৱন দায়িনী দৰব সকলো অসাৰ কৰি হৃদয় স্তব্ধ হৈ
গ’ল | এজন মানুহ এটা মৃতদেহলৈ পৰিবৰ্তিত হ’ল | ৱাৰ্ডত কান্দোনৰ ৰোল উঠিল | সময়
তেতিয়া ২.৩০| লিখিলো মৃত্যুৰ প্ৰমান পত্ৰ- জীৱনৰ প্ৰথম প্ৰমান পত্ৰ | এখন মৃত্যু
প্ৰমান পত্ৰ ! এনেকৈয়ে কত জন্ম মৃত্যুৰ সাক্ষী হৈ ৰ’ল ঘড়ীটো | আমাৰ মৰমৰ আইতাৰ
মৃত্যুৰ সময়ত মোৰ হাতত ঘড়ীটো আছিল; চাও নাচাওকৈ ঘড়ীটোলৈ চাইছিলো |
বহু বছৰ পাৰ হৈ গ’ল | নিৰ্বিকাৰ ভাবে চলি
আছে ঘড়ীটো | কত প্ৰেম-বিৰহৰ সাক্ষী হ’ল এই নিৰ্জীৱ আহিলাটো | অইল চিকিত্সালয়ত
আবাসিক চিকিত্সক হিচাপে কাম কৰিছিলো | ৰোগীৰ টিকটত সততে সময়ৰ লগতে তাৰিখ দিব লগা
হয় | আৰু তাৰিখ ভুল হৈ যায় কেতিয়াবা | এদিন বৰদলৈ চাৰে ক’লে : হালৈ কি তাৰিখ ভুল
কৰি থাকা | তাৰিখ বাৰ উঠা ঘড়ী এটা কিনি লোৱা | কিনিয়ে পেলালো এটা ধুনিয়া টাইটানৰ
সোনালী ঘড়ী- তাৰিখ বাৰৰ অসুবিধা আতৰিল | পূৰণা মৰমৰ মোৰ জীৱনৰ প্ৰথম ঘড়ীটোৰ দুটা
দশক পাৰ হৈ গ’ল | এতিয়াও চলি আছে | মইহে চাবি দি দি ভাগৰি গৈছো; ভাগৰা নাই মোৰ
ঘড়ীটো ||
No comments:
Post a Comment