গুৱাহাটীৰ কেইটামান
স্নেপশ্বট
অলপতে গুৱাহাটীলৈ
গৈছিলোঁ | সচাকৈ আজি গুৱাহাটী বিচিত্ৰ |
এতিয়া আৰু গুৱাহাটী হোজা সহজ সৰল মানুহৰ গুৱাৰ হাটী নহয়; চাৰিওফালে জয় জয় ময় ময়
আৰু ঠাই বিশেষে কদৰ্যময় | সুউচ্চ অট্টালিকা, যানবাহন, অহৰহ এক ব্যস্ততা | কাৰো
ৰবলৈ সময় নাই | গুৱাহাটীত মোৰ মনৰ কেমেৰাত বন্দি হোৱা কেইটামান স্নেপশ্বট আগবঢ়াইছো
:
দুই থাপৰ মাৰি এটাক ইয়াৰ পৰা খেদিছোঁ :
সঘনাই ব’ম ফুটা
গনেশগুৰি চাৰিআলিৰ এখন হাস্পতাললৈ বুলি গাড়ী লৈ ওলাই গৈছোঁ | গাড়ী ৰাখিবলৈ ঠাইয়েই
নাই | যেনিয়ে তেনিয়ে নো পাৰ্কি – জিটিপি | ৰচি টানি নো পাৰ্কিং কৰিছে | কি কৰা যায়
| অকনমান ঠাই দেখি আগুৱাই পিছুৱাই গাড়ীখন ৰখাবলৈ লৈছো, তেনেতে এজন ভদ্ৰলোকে তাত
গাড়ী নৰখাবলৈ হাতেৰে দেখুৱাই মোৰ ওচৰ পালেহি | মই কিয় বুলি সোধাত ক’লে, “ দুই
মিনিট বহি ভাৱক, গম পাব | এটাক এতিয়া দুই থাপৰ মাৰি ইয়াৰ পৰা খেদিছোঁ ” | দাম্ভিক
উত্তৰ | নৰখালোঁ | পিচৰ কেইদিন হাস্পতাললৈ গৈ দেখিলো তাত গাড়ী ৰখাইছে; ভদ্ৰলোকে
চাগে থপৰিয়াই থপৰিয়াই ভাগৰি গ’ল | চৰকাৰে পাৰ্কিঙৰ সুব্যস্থা নকৰিলে পৰিস্থিতি
অধিক জটিলহে হ’ব |
নেহি চাহিয়ে চাহাব :
এদিন গৈ বহুদূৰতে
গাড়ী ৰখালোঁ | উপাই নাই – গাড়ী আৰু নো পাৰ্কিঙৰ সমস্যা | থেলাত আইচক্ৰীম বেচা
মানুহ এজনক ক’লো গাড়ীখন অলপ চাবলৈ | কাৰণ গুৱাহাটীৰ প্ৰায়বোৰ গাড়ীতে মৰমৰ চুমাৰ
দাগ | কিছুমান গাড়ীতটো ইমানে পোটোকা দাগ যে দেখিলে শিলাবৃষ্টিত আহত হোৱা যেন লাগে
| মানুহজনক টকা দহটা দিলো | তেওঁ নললে , ক’লে, “ নেহি চাহিয়ে চাহাব ” | এটা সৰল
উত্তৰ | এখন সৰল হৃদয়ৰ বাবে মানুহ ধনী হোৱাৰ আৱস্যক নাই |
ঐ কে.... কি ব্ৰেক মাৰি আছ :
গুৱাহাটীৰ
ৰাজপথেৰে আগবাঢ়িছো | আগে পিছে গাড়ীৰ লানি | ব্ৰেক মাৰি মাৰি আগবাঢ়িব লাগে | মোৰ
গাড়ীৰ গতিবেগ নিৰ্ভৰ কৰিছে আগৰখন গাড়ীৰ গতিৰ ওপৰত | সকলোকে যেন গন্তব্যস্থান অলপ
আগতে পাবগৈ লাগে, কিন্তু কোনেও সময়ত নাপায়গৈ | মইও ৰৈ ৰৈ গৈ আছো | ব্ৰেক,
ক্লাট্চ, এক্সিলেটৰৰ লগত তাল মিলাই মিলাই | হঠাত্ চিঞৰ এটা শুনিলোঁ “ ঐ কে.....
(অশ্লীল), কি ব্ৰেক মাৰি আছ ?” বাইক চলোৱা ডেকাজনৰ সৈতে আছে শাৰী পৰিহিতা এগৰাকী
মহিলা আৰু ফ্ৰক পিন্ধা এজনী ৫-৬ বছৰীয়া ছোৱালী | ডেকাৰ চিঞৰ শুনি মানুহজনীয়ে
হাঁহিছে; ছোৱালীজনী নিৰ্বিকাৰ | এনেকুৱাই গুৱাহাটীৰ ৰাজপথৰ কোলাজ |
বালাজী মন্দিৰ :
চাৰি লেনযুক্ত
হাইৱেৰে গৈ বালাজী মন্দিৰ পালোগৈ | সোমায়ে মনটো ভাল লাগি গ’ল | আহল বহল পৰিষ্কাৰ
ভিতৰৰ ৰাস্তা , চৌহদ, গাড়ী ৰখা ঠাই | সুদৃশ্য বগা ৰঙৰ মন্দিৰ | মাইকত বাজি আছে
ভক্তিমূলক সংগীত | এনেকুৱা ঠাইলৈ গ’লে বাট-পথ লেতেৰাকৰা জনৰো স্বভাৱ সলনি হৈ যায় |
আধাঘন্টা মন্দিৰৰ ভিতৰত থাকি আনন্দেৰে
ওলাই আহিলোঁ | আমাৰ ছশ বছৰ পূৰণি শিৱদৌললৈ মনত পৰিলে অন্য এক ছবিহে মনলৈ আহে |
মজিয়াত ধূপৰ ছাই, পেকেট, চাকিৰ লগতে পাৰ চৰাইৰ বিষ্ঠাৰ এক বিশৃংখ্ল আৰু অপৰিস্কাৰ
পৰিবেশ | হাতত ৰঙাসূতা বান্ধিবলৈ বহি থকা বাবাজীবোৰে আপোনাক চিঞৰি মাতিব; বিনা
দ্বিধাই ভাঙৰ চিলিম হুপিব- আস ! কি এক পৰিবেশ | বালাজী মন্দিৰৰ নিচিনা এটা পৰিৱেশ
গঢ়িব নোৱাৰিনে ? কিহৰ অভাৱ ? মই ভাবো সদ্দিস্যা আৰু পৰিকল্পনাৰ অভাৱ | অৰ্থৰ অভাৱ
নহয় | পৰিস্কাৰ পৰিচ্ছন্ন ধৰ্মীয় প্ৰতিস্থান এটালৈ গৈ এক বিমল আনন্দ পোৱা যায় |
-------------
X.-------------------
No comments:
Post a Comment