এখন প্ৰেমৰ চিঠি
মৰমৰ মনীষা,
বছৰৰ শেষ চিঠিখনৰ মৰমখিনি
গ্ৰহন কৰিবা | কি লিখিম ভাবিছোঁ | ছেগা-চোৰোগাকৈ বহু কথাই মনলৈ আহিছে | এখন চিঠিৰ
কথাৰে আৰম্ভ কৰোঁ |
এখন কিতাপ, এটি আশা.....
এখন চিঠি :
১৯৯২ চনৰ কোনো এটি মধুৰ দিন | মনত আছেনে তোমাৰ
? বহুদিনৰ পোহপাল দি ৰখা এটি আশা আৰু এখন আলোচনীৰ (বিস্ময়) বছা বছা ঠিকনা | ঠিকনাৰ
সমাহাৰত মোৰ কলমৰ পৰা শৃষ্টি হৈছিল এখন চিঠি আৰু বহুতো | মিছ..... শিলসাকো,
শিৱসাগৰ; মিছ মনীষা আৰু বহুতো | বহুদিনৰ মূৰত লিখিলো তোমালৈ | পত্ৰবন্ধুত্ব আছিল
মোৰ হবি | তোমাৰো | মৰমৰ অচিনাকী বান্ধবীৰে আৰম্ভ কৰি প্ৰান্তত মই থাকি প্ৰথমখন
চিঠি তোমালৈ পঠালোঁ | মিছ মনীষা বৰা | এখন চিঠিৰ জন্ম | এটী মৰমৰ সম্বন্ধৰ জন্ম |
চিঠিখনত মৰম বেছি মৰম নাছিল, আছিল বহুতো আশা | এমাহ বিৰতিৰ পাছত তোমাৰ চিঠিখন
পালোঁ | পৰীক্ষা দি ৰিজাল্ট দিয়ালৈ ৰৈ থকাৰ নিচিনা এটা উগুল-থুগুল অৱস্থাত তোমাৰ
চিঠিখন আছিল ভাল ৰিজাল্ট | হেই, তুমি মোৰ অচিনাকি নেকি ? বা মই তোমাৰ | নহয়, মই
তোমাক চিনি পাইছোঁ | তুমি এজনী মস্ত বেয়া ভাল ছোৱালী | হয় নে নহয় ? আহা আমি অলপ
আগবাঢ়ি যাওঁ |
মৰমৰ অনা-নিয়া : ্তাৰ পাছত ইখনৰ পাছত
সিখন চিঠি | মৰমৰ চিঠি | বন্ধুত্বৰ আদান প্ৰদান | অধীৰ আগ্ৰহেৰে বাট চাওঁ তোমাৰ
চিঠিৰ বাবে | সময়ত মৰমবোৰ পাওঁ | চিঠিবোৰ বিচাৰি চাওঁ, তুমি কেনেকুৱা ওখ নে চাপৰ,
বগী নে ক’লী, মৰম লগানে ? নে দেখিলে বাঘ যেন লগা ? শাৰীৰিক অবয়ৱ চিঠিখনে দিব পৰা
নাছিল, দিছিল তুমি মৰমিয়াল | মই তোমাক কল্পনা কৰিছিলোঁ, এজনী মৰমলগা সৰু ছোৱালী |
দেখিলেই মৰম লগা ধুনু ধুনু ছোৱালী | ইছ, তাইৰ লাজটো চোৱা | দিম এক থাপৰ | মোক মৰম
দিব পৰা মৰমিয়াল নে ? চিঠিবোৰত বিচাৰি চাওঁ তোমাৰ মৰমিয়াল মনটো | কৰবাত দেখা পোৱা
হ’লে | যাম নেকি এবাৰ | নাই পাছত যাম | নগ’লোঁ | এনেকৈ ভাবৰ বুৰবুৰণি উঠি থাকোতে
তোমাৰ পৰা মৰমেৰে লুতুৰি-পুতুৰি হৈ অহা চিঠি একোখন পাওঁ | কেতিয়াবা “ভালপাওঁ” টো
থাকে সহজে | অচিনাকি ল’ৰা এজনক ( অঘাইতঙো হ’ব পাৰে ) ইমান সহজে ভালপোৱা দিব পাৰিনে
? মই মনটোক সোধোঁ | মনটোৱে বেঙা ল’ৰাটোৰ দৰে কৰে | জুমনে দিগদাৰ কৰিছে নেকি ? এই
জুমন, তোমাক কিটকাট দিম |
গোলাপ : এতিয়া পোৱা হ’লে
ক’লোঁহেঁতেন- চিঠিখন প্ৰেগনেন্ট হৈছে, ইমান পেটুৱা | সেইদিনা ডিচেম্বৰৰ আবেলি
তেনেকৈ ভবা নাছিলোঁ | ভাবিলোঁ গ্ৰীটিংছ কাৰ্ড | আখৰকেইটাই ক’লে- মই মনীষা | ৰূমলৈ
আহি অধীৰ আগ্ৰহেৰে চিঠিখন খুলিলোঁ | দুপাহ গোলাপ ফুলে মোক নতুন বছৰৰ শুভেচ্ছা
জনালে | এটি হাঁহি বিৰিঙি গ’ল | মোৰ ভাল লাগিল, হাঁহিও উঠিল | আচৰিত হ’লোঁ | এতিয়া
হোৱা হ’লে ক’লোঁহেঁতেন, দুষ্ট ছোৱালী, গোলাপ ফুল দি ডেকা ল’ৰাক প্ৰেম নিবেদন
কৰিবলৈ আহিছে ? খং উঠিছে নেকি ? মোৰ উঠা নাই দেই | তুমি মোক ভাল পাইছিলা নেকি ?
ভালপোৱাজনকহে গোলাপ ফুল দিয়ে- ৰঙা গোলাপ |
মনীষাই
মোক ভাল পায় ? মই পাওঁনে ? মই ভালপাওঁ জানো ? মোৰটো তেনেকুৱা অনুভৱ হোৱা নাই | ৰঙা গোলাপৰ অৰ্থ মই বুজিলোঁ | বগা গোলাপৰ অৰ্থ ? এখন
সুবাসিত চিঠি | মন পৰশা | তাত বাৰু হৃদয়ৰ সুবাস আছিল নেকি ? প্ৰেমৰ সুবাস থাকিলেহে
কিজানি সুবাসিত গোলাপ অধিক মধুৰ হয় | সিদিনা গোলাপৰ সুগন্ধত মই পাইছিলোঁ
প্ৰেম-ভালপোৱাৰ চিকমিকনি | সঁচাই | কি উত্তৰ দিওঁ ? পাছত মই যি লিখিলোঁ তাত চাগে
প্ৰকাশ পাইছিল মোৰ অন্তৰৰ খু-দুৱনি | তোমাৰ অভিমানৰ মিঠাবোৰ বহুদিন উপভোগ কৰিছিলোঁ
| গোলাপ দুপাহ আজিও আছে | ভাবি ভাল লাগে |
মুখামুখি : আমাৰ বন্ধুত্বই দুয়োকো
ওচৰ চপাই আনিলে | তোমাৰ অনুৰোধত (“আমাৰ ঘৰলৈ কেতিয়া আহিবা ? ”) আৰু মোৰ মনৰ তীব্ৰ
আকৰ্ষণৰ তাগিদাত এদিন ওলালো | এটি মিঠা পুৱা | কিনকিনীয়া বৰষুণ | গাড়ীত মনটো উৰিছে
| মোৰ টেনচন হৈছিল | এছোৱা খোজকাঢ়ি তোমালোকৰ ঘৰ পালোগৈ | ড্ৰয়িঙ ৰূমত তোমাৰ
অপেক্ষাত |..... মনীষা আহি মোৰ সমুখত | ধুনীয়া | এটি নমস্কাৰেৰে যে তুমি মোৰ লগত
চিনাকী হৈছিলা মনত আছেনে ? লাহে লাহে সহজ হ’লো | দেউতাৰ এটি প্ৰশ্নত থত্মত খালোঁ | “অহাৰ বা উদ্দেশ্য কি ? ” “মই মনীষাৰ
পত্ৰবন্ধু ” | উত্তৰটো কিজানি যথাযথ নাছিল | অন্য কি ক’ব লাগে মই ভাবি পোৱা
নাছিলোঁ | এই প্ৰসংগটো লৈ আজাদে মোক বহুদিন জোকালে | চিনেমাত এনে দৃশ্যৰ অৱতাৰণা
হ’লে মনত পৰে তোমালোকৰ ঘৰৰ প্ৰথম দিনটোৰ কথা | চাহ একাপ খাই লোৱা | তোমাক মই
সিদিনাই ভাল পাই পেলাইছিলোঁ, কিন্তু ক’ব পৰা নাছিলোঁ | হৃদয়ৰ বহু কথাই নোকোৱাকৈ
থাকি যায় কিজানি |
আৱৰ্তন : পূৰা এমাহ নোহোৱাতেই আকৌ
গ’লোঁ | দ্বিতীয়বাৰ | তৃতীয়বাৰ | মোৰ মনৰ কথা তোমাক ক’লো | তুমি মোক বিয়াৰ কথা
কৈছিলা | মই মোৰ সমস্যাৰ কথা কৈছিলো | তুমি মোৰ সৈতে একাত্ম হ’ব পাৰিলানে ক’ব
নোৱাৰিলোঁ | কিছুমান অনাহক তুলনাই মোক হতাশ কৰিছিল | মই ভাবিছিলোঁ – প্ৰেম
ভালপোৱা আমাৰ বাবে নহয় | বেয়া লগিছিল |
এখন কাজিয়া : তোমাৰ এখন চিঠিৰ
প্ৰত্যুত্তৰত মই দুখেৰে, ক্ষোভেৰে লিখিছিলোঁ- কথাবোৰ পাহৰি যাবলৈ | তুমি বহুত
চিঠি দিছিলা | মই দিলোঁ | চুটি চুটি | মই নাযাও বুলি ক’লো |
ডুলীয়াজানলৈ গ’লো | মোৰ ওচৰত ৰৈ গ’ল তোমাৰ দুদিনৰ মৰম | মনত সদায় দোলা দি যায় |
তুমি সদায় চকুপানী মচা বুলি কৈছিলা | চকুপানী বাকী আছেগৈ নে ? ঘৰলৈ গ’লে তোমালোকৰ
ঘৰখনলৈ চাওঁ | ভাল লাগে | তুমি কি কৰি আছা ভাবো | আহোঁ, যাওঁ | তোমাৰ পৰা চিঠি
নোপোৱা হ’লোঁ | তোমাক কেতিয়াবা লগ পাম বুলি ভাবো | চিঠিৰে আৰম্ভ কৰা মৰম-ভাল্পোৱা
ইমান সোনকালে শেষ হৈ যাবনে ? মই বৰ আশাবাদী আছিলোঁ | এই সময়ত মোৰ হৃদয়ত কাকো
স্থান দিয়া নাছিলোঁ | কোনোবাই আহিলেও বাধা দিছিলোঁ | এই বছৰকালত কোনোবা মৰম আকলুৱা
তোমাৰ হৃদয়ত সোমাইছিল নেকি ? মই নাজানো | বেয়া নোপোৱা যদি আৰু অলপ লিখোঁ |
অগ্নিপৰীক্ষা নাছিল : আমাৰ এবছৰ এৰা-এৰি হ’ল |
এয়া চাগৈ অসময়ত বিয়াৰ কথাৰ ফলশ্ৰুতি আৰু মোৰ অঁকৰামিৰ ফল | এদিন তুমি পুনৰ আহিলা |
মোৰ হৃদয়ত তোমাক নতুনকৈ বিচাৰিব লগা নহ’ল | তোমাৰ পুনৰাগমনে মোক আশা দিলে, মৰম
দিলে | আগতকৈ বেছি | মই পুনৰ হাহিলোঁ | তোমাৰ চকুপানী হাঁহিলৈ ৰূপান্তৰিত হ’লনে ?
গোলাপ দুপাহে হাঁহিয়েই আছে |
হৃদয়ৰ পৰা হৃদয়লৈ –
অভিমান : “অভিমানৰো এটা সীমা আছে ”- ক’ম বুলি ভাবিও নকোৱা যেন লাগে | কিমান যে খং কৰো,
কাজিয়া কৰো তোমাৰ সৈতে | বুজিলো মই অলপ বেছি জেদী, অভিমানী | ভাল মানুহ হ’বলৈ
যত্ন কৰো | - এই ভাল মানুহ কাক কয় ? তুমিও অভিমানী হ’লা | এই বিষয়ত মই তোমাৰ
শিক্ষক | মোৰ গুৰু দক্ষিণা নিদিয়া কিয় ? দিবাদেই | আচলতে মোৰ ভালপোৱাৰ বাবে বাবে মই
অভিমানী | তোমাৰ ওচৰত | তুমিও | প্ৰেমৰ অভিমান খিনি মিঠা | চাহত চেনি নিদিলেও হ’ব
| অলপ অভিমান কৰি দিবা |
দৌলৰ পূৱ-প্ৰান্ত- এন. আই
. চি. এম : দৌলৰ বেৰবোৰে, গছলতিকাই তোমাক-মোক চিনি পোৱা হ’ল | যদিও আমি ভালকৈ চিনা নাই |
বহি থকা মুহুৰ্তবোৰ ভাল লাগেনে ? মোৰ লাগে | আগগুৰি নোহোৱা কথাবোৰ | নীৰৱ
মূহুৰ্তবোৰ | সবতে কিবা এক মাদকতা আছে | এন.আই.চি. এমৰ পৰা দৌললৈ মিঠা
জোকাৰণিবোৰ,... ছ’ৰি, জাৰ্নিটো | ভাল লাগেনে ? আহি বহিবলৈ ঠাই নাপালে সমানেই বেয়াও
লাগে |
মনৰ বেমাৰ- দেহাৰ বেমাৰ : আকৌ কাজিয়া | আজিৰ পৰা
আৰু এমাহ তোমাৰ ওচৰত নবহোঁ | বহা নাছিলোঁ | আৰু শূন্য দিন বাকী আছিল | তোমাৰ
অসুস্থতাই মোক এজন প্ৰেমিক হিচাবে নহলেও এজন ডাক্তৰ হিচাবে ওচৰত বহিবলৈ বাধ্য
কৰিলে | হৃদয়ৰ ওচৰলৈ তুমি আহিলানে ?
হৃদয়ে নুবুজে : এদিনো কেতিয়াবা বহু দীঘল
যেন লাগে | যেতিয়া হৃদয়ৰ প্ৰতি হৃদয়ৰ আকৰ্ষণ থাকে | যিকোনো সময়ত তোমাক লগ পাবৰ মন
যায় | সমাজলৈ ভয় নলগা হ’ল | সদায় গ’লো | তোমাৰ খবৰ লবলৈ | কিবা কথা শুনিব লাগিব
বুলি ভাবিছিলোঁ | সেয়ে হ’ল | এদিন গধুৰ মন লৈ উভতি আহিলো | কিছুদিন নাযাও বুলি ঠিক
কৰিছিলোঁ | .... তোমাৰ অনুৰোধত আকৌ গ’লো | চিনাকি পৰিবেশটো মোৰ অসহজ যেন লাগিছিল |
ড্ৰয়িৰূমত তোমাৰ সৈতে আৰু “বিস্ময়” কেইখনৰ
সৈতে কথাপাতি উভতি আহিলো | হাঁহি উঠা কোতুক পঢ়িও হাঁহি নুঠিল | অনুমান কৰিছিলো এটা
ভাল নলগা পৰিবেশৰ সৃষ্টি হৈছিল | এতিয়া কিছু সহজ | আকৌ যাবলৈ ল’লো | মৰম বিচাৰি ,
মৰম দিবলৈ | মোৰ হৃদয়ত থকা তুমি জনীয়ে যেন বাৰে বাৰে কয়- আহিবানে ? তোমাক ভাল পাও
বাবে আকৌ গ’লো | তুমি কৈছিলা পাহৰি যাবলৈ | এতিয়া ভাবো- যাম, গালি খালেও ভাবি লম
এয়া আমাৰ প্ৰেমৰে ফচল |
বিশ্বাস- সাহস : ইজন-সিজনৰ প্ৰতি বিশ্বাস
থাকিলেহে মানুহ সাহসী হয় আগবাঢ়ি যোৱাৰ বাবে | অকলে লগ পালেও বেয়া নালাগে | অন্য
মানুহৰ উপস্থিতি অসহজ নলগা হ’ল | অকলে আহিবলৈ সাহস পালা | মোৰ প্ৰতি তোমাৰ বিশ্বাস
থকা বাবেই পাৰিছা বুলি ভাবিছো | বিশ্বাস, ভালপোৱা, আৰু পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা হ’ব
লাগে প্ৰেমৰ মূলমন্ত্ৰ | অবিশ্বাস, অশ্ৰদ্ধাই প্ৰেমক নাৰকীয় কৰি তুলিব পাৰে | আমনি
লাগিছে নহয়; আৰু অকন মান লিখো |
নতুন বছৰলৈ শুভেচ্ছাৰে : পূৰণি বছৰটিৰ বিদায়
সমাগত | এটি নতুন বছৰ বাটচ’ৰা পাইছেহি | এই বছৰটিৰ তিতা-মিঠাবোৰ গ্ৰহন কৰিছোঁ |
এয়া থাকিবই | সংঘাত থাকিবই | আগত বছৰটো হওক আশাৰ, ৰঙৰ আনন্দৰ- তাৰেই কামনা কৰিছো
| ভগৱান হওক আমাৰ সাৰথি | আহা, দুয়ো হাতে হাত ধৰি আগবাঢ়ি যাওঁ এটি নতুন প্ৰভাতলৈ |
শুভেচ্ছাৰে সামৰিছোঁ-
ইতি,
তোমাৰ দীপুল,
৩০/১২/৯৮
No comments:
Post a Comment