Wednesday, 3 March 2021

আবেগ

 

আবেগ


: মা, আহিলে গাড়ী - বুলি চিঞৰী আনন্দতে জাপ দুটামান মাৰি পৰীয়ে ক’লে : নতুন ডাইনিঙ আহি গ’ল৷ পৰীৰ আনন্দ৷ নতুন বস্তু দেখিলেই তাইৰ ফূৰ্তি৷ সেয়া লাগিলে বেলুনেই হওঁক বা চকী মেজেই হওঁক৷ শিশু মন৷

সংসাৰ আৰম্ভ কৰাৰ পাছৰে পৰা বিপুল আৰু বিনীতাই বহু ঠাই ঘুৰি ফুৰিলে৷ লাম লাকতু এগালমান যোগ হয়৷ কেইটামান কাৰোবাক দি আহে৷ হেতা, কেৰাহি , চকী টেবুল, ৰেকৰ এখন দীঘলীয়া লিষ্ট৷ মধ্যবিত্তীয় পৰিয়াল এটাৰ এইবোৰ সুখৰ দুখৰ লগৰি৷ ইঠাইৰ পৰা সিঠাইলৈ কঢ়িয়াই ফুৰিব লাগে৷ সকলো মৰমৰ বস্ত ৷ গেঞ্জীটো যিমান মৰমৰ কোটটোও সিমান মৰমৰ৷ বিয়াৰ পাচত বিপুলৰ কোৱাটাৰটোত বিশেষ একো নাছিল বুলিলেই হয়৷ এটা হিটাৰ, থাল দুখন, বাতি দুটা, কেৰাহি এখন , গিলাছ এটা- ইমানেই৷ এবছৰমান পাছত ইনষ্টলমেন্টত এটা টিভি আৰু এটা ফ্ৰীজ ললে৷ এই দুপদ বস্তু লোৱাৰ দিনা কিমান যে আনন্দ লাগিছিল৷ বিনীতা অহাৰ পাছত লোৱা দুপদ ডাঙৰ সামগ্ৰী৷

: ডাইনিং এখন লব লাগিছিল৷ কিমান আৰু বিছনাত কাগজ পাৰি ভাত খাবা৷ - বিনীতাই ক’লে৷
: লব পাৰি চেট এটা৷ ভাত এগৰাহ মুখত লৈ বিপুলে ক’লে, “ এইবাৰ দৰমহা পালে লম দিয়া এটা ৷ “ কোনোবা চাহ খোৱা আলহী আহিলেও কাপটো থবলৈ ঠাই অকন লাগে৷

এদিন লৈ আহিল চেট এটা ৷ এখন টেবুল ছখন চকী৷ দাম দৰ কৰি প্লাষ্টিকৰ চেটটো পচিছ শ টকা দি আনিলে৷
বিনীতাৰো ভাল লাগিল৷ অনন্ত: এতিয়া খোৱাৰ সময়ত বাতৰি কাগজ বিচনাত পাৰিব নালাগে৷ প্ৰথম দিনাই মাছ ভাতেৰে ডাইনিঙৰ আৰম্ভণি হৈ গ’ল৷

জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত খবৰটো আহিল৷ বিপুলৰ বদলি হৈছে অৰুণাচললৈ৷ বস্তু বাহিনী বান্ধি সাতবছৰৰ আত্মীয়তা এৰি অন্য এখন পাহাৰীয়া ৰাজ্যলৈ ঢাপলি মেলিলে৷ ডাইনিং চেটটোও ভালকৈ পেক কৰি সৰু ট্ৰাকখনত বোজাই কৰি দিলে৷ “ তাত গৈ আকৌ কিনাতকৈ লৈয়ে লোৱা৷“ ল’লে৷ প্ৰথম কিনা বস্তুত মোহ বেছি৷ এটা চোলাকে বছৰ বছৰ ধৰি ধুই মেলি পিন্ধে সি৷ গতিকে সি ভালেই পালে৷ ই এম আই, ঘৰ খৰচ, ঘৰলৈ টকা পঠাই তাৰ একাউন্টত মাহৰ শেষত শতকৰ ঘৰত পইচা থাকে৷ বহু টানি টুনি চলিব লগা হয়৷ অভাৱত ডাঙৰ হোৱা তাৰ কাৰণে এইবোৰ সৰু কথা৷ সুখটো ডাঙৰ৷ টকা পইচা আজি আছে কাইলৈ নাই৷

অৰুণাচলত প্ৰথম থকা কোৱাটাৰটো প্ৰথম কেইমাহমান ফুৰিবলৈ আৰু চিনাকী হবলৈ বহুতো কলনিৰ মহিলা আহিল৷ ডাইনিঙত বহি গল্প গুজব কৰিলে৷ চাহ মিঠাই পিঠা পনাৰ পৰ্ব চলিয়ে থাকে৷ বিনীতাৰ দেউতাকহঁত এবাৰ আহিল৷ প্ৰথম ভাত খোৱা আলহি৷ ডাইনিঙৰ চকীত বহি বিপুলে আলুৰ বাকলি গুচায়৷ মাংসৰ বাবে নহৰু, পিয়াজৰ বাকলি গুছায়৷ দেউতাকে শিক্ষকতা কৰা স্কুলৰ কাহিনী কৈ থাকে৷ “... ৰাতিপুৱাই হাল লৈ পথাৰলৈ যাওঁ৷ বৌতিয়ে ভাত ৰান্ধে৷ খাই চিধাই স্কুল৷ চাইকেল মাৰি যাওঁ৷ হাৰকিউলিছ চাইকেল৷ ৰবলৈ তৰণি নাই৷ চাইকেলখন এতিয়াও ভালে আছে৷“

: এই খিনি চোৱাচোন ৷ নিমখ হৈছে নেকি৷ বিনীতাই বিপুলৰ হাতত এবাতি মাংসৰ আঞ্জা দি গ’ল৷ শ্ৰীমতীৰ কথাত দেউতাকৰ জীৱনৰ গল্পত যতি পৰিল৷
: ও, বঢ়িয়া ৷ নমাব পাৰা৷ - বিনিতাক ক’লে৷

বহুত আলহি প্লাষ্টিকৰ এই ডাইনিঙটোত বহি বিনীতাৰ হাতৰ ৰন্ধা আহাৰ খালে৷ কোডাক কেমাৰাটোত তোলা ফটোবোৰে স্মৃতিবোৰ সজীৱ কৰি ৰাখিছে৷

: বিনী তুমি বহুত শকত আছিলা দেই৷ মোটি লাগিছে৷ এইখন অৰুণাচলৰ প্ৰথম ফটো৷ দুহাজাৰ সাতৰ ন ?- বিপুলে শুধিলে৷ বিনীতাক মৰমতে বিনী বুলি মাতে৷
: হয়৷ দেউতাহঁত অহাৰ সময়ৰ ৷ ক্ষীণাবলৈ ফিল্ডৰ চাৰিওফালে কিমান চক্কৰ লগালোঁ তেতিয়া৷
: আৰু এয়া নামৰূপৰ খুড়ীহঁত অহাৰ সময়ত তোলা৷ কি কি ৰান্ধিছিলা ! ঢেৰ আইটেম দেখোন ৷
: চিতল মাছ আৰু চিকেন৷ বাকীবোৰ পাহৰিলোঁ৷
: এইখন বিনোদ দা আহোতে তোলা৷ চিল্লি চিকেন৷
এই ডাইনিঙটোত বহুত আলহিক আপ্যায়ন কৰিলোঁ৷ বিনীতাই ক’লে৷
: বহুতদিন মই অকলে খাব লগাও হৈছিল৷ দুই তিনিদিন যে কেতিয়াবা মেঘ দি থাকে ৷ বিপুলৰ কথা শুনি বিনীয়ে পেন্দোৱাকৈ চালে৷
: ও এইখন তুমি ষ্টাইল মাৰি উঠা ফটো ৷ ইয়াৰ এখন চকীত বহি তুলিছিলা৷ সময়বোৰ ধৰি ৰাখিব পৰা হ’লে৷ বিপুলৰ কথাত বিনীয়ে হয়ভৰ দিলে, “ ফটোবোৰ আছে নহয়৷“
: ফটোবোৰটো এটা সময়ত বেয়া হৈ যাব!

পৰীৰ প্ৰথম জন্মদিনটো ডাইনিঙখনতে কেকটো কাটিছিল৷ বাৰ্বি কেক৷ পৰী চাৰি বছৰ হওঁতেই আকৌ বদলি৷ অন্য এখন পাহাৰীয়া ৰাজ্যলৈ৷ দুখে ভয়ে এদিন বিনিতাহঁত আকৌ এখন নতুন ঠাইৰ আলহি হ’ল৷ পিছে মানুহে কোৱাৰ দৰে ঠাইখন আৰু মানুহবোৰ ইমান বেয়া নহয়৷ ডাইনিঙ চেটটোৰ মোহ এৰিব নোৱাৰিলে৷ নতুন ঠাই বস্তু বাহিনী কি পাই গম পোৱা নাযায়৷ আন বস্তু বাহিনীৰ লগত ডাইনিং চেটও লৈ গ’ল৷

প্ৰতিবেশী সুমীতৰ পৰিয়ালটোক এদিন খাবলৈ মাতিলে৷ বিনীতাৰ হাতৰ ৰন্ধা খাই বেয়া পোৱা মানুহ পোৱা নাই৷ ইমান ভাল পালে যে চুজি মাজি খালে৷ তাইৰ মন ভৰি গ’ল ৷
: মই এনেকৈ খোৱা মানুহেই ভাল পাওঁ৷ একো এটা লোকচান কৰা নাই৷ বিনীতাই ক’লে৷
: মোৰো ভালকৈ খালে ভাল লাগে৷ কিছুমান আলহিয়ে আধা খায় আধা নাখায়৷ অপব্যয় কৰে ৷ বিপুলেও ভাল পালে৷
: অংশে কেলেই চামুচেৰে খাই মা ? - পৰীৰ প্ৰশ্ন৷
: দেউতাকে তেনেকৈ শিকাইছে৷ তুমিও হোটেলত চামুছেৰে খাবা৷ আৰু ঘৰত হাতেৰে খাবা৷ মাকে পৰীক ক’লে৷
: হব মা৷

প্লাষ্টিকৰ ডাইনিঙ চেটটোৰ কুৰি বছৰৰ বেছি হ’ল৷ পাহাৰে ভৈয়ামে বগাই গৃহষ্ঠ আলহী অতিথিক ভোজন গ্ৰহন কৰিবলৈ দি আহিছে৷ নিৰামিষ, আমিষ, মাছ, মাংখ, পনীৰ, হটকেছ, হেতা, থালৰ গোন্ধ আৰু ভৰ সহি এতিয়াও চলি আছে৷ বিপুলহঁতে গাঁৱৰ খেৰৰ ঘৰত পীৰাত বহিয়ে ভাত খাই ডাঙৰ হ’ল৷ কলেজলৈ যাওঁতেহে হোষ্টেলত ডেস্কত ভাত খাইছিল৷ সেয়াই আৰম্ভণি৷ বেঞ্চত বহি ডেস্কত ভাত খাইছিল৷ ঘৰলৈ গ’লে আকৌ পীৰা৷ মাটিৰ মজিয়াত পীৰা পাৰি দিয়ে বায়েকে৷ মাকে পাকঘৰৰ পৰা কাহৰ কাহি বাতিত ভাত আঞ্জা লৈ ভাগে ভাগে দি যায়৷ আটায়ে একেলগে খায়৷ মাক বায়েকহঁত পাচত বহে৷ পীৰাত বহি মাকে ৰন্ধা ভাত আঞ্জাৰ সোৱাদ হোষ্টেললৈ আহিলেও পাহৰিব পৰা নাছিল৷ হোষ্টেলত বহুত মছলা দি ৰন্ধাবোৰো সোৱাদ লগা নাছিল৷

এই ডাইনিঙটোতে বিপুলৰ শ্ৰীমতীয়ে কিমান থালি ৰান্ধি খালে আৰু খুৱালে হিচাপ নাই৷ ফেচবুকত ফটোবোৰ ভৰি আছে৷ লাইক কমেন্টেৰে ভৰি আছে৷ ফটো উঠিবলৈ লাজ কৰা ছোৱালীজনীয়ে নিজেই ৰন্ধাৰ ফটো ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটচাপত আপলোড দিয়া হ’ল৷ বিশেষ ৰান্ধিবলৈ মাথো এটা অজুহাত লাগে৷ মূহূৰ্ততে বিবিধ ব্যঞ্জন ৰান্ধি সজাই পৰাই ফটো তুলি আপলোড দিয়ে৷ ৰন্ধন ,পৰিবেশন , আৰু তাৰ ফটোগ্ৰাফীত বিনীতা পাকৈত ৷ কিছুমান থীম কেনেকৈ জীৱন্ত কৰি তোলে বিপুলৰ ভাবি আচৰিত লাগে৷ আৰু বাপেক আৰু পৰীয়ে টকালি টকালি পাৰি খায়৷ কেতিয়াবা এই বিশেষ ব্যঞ্জন ফেঞ্চিং পাৰহৈ প্ৰতিবেশীৰ ঘৰো পায়৷ ধুনীয়া ধুনীয়া কোমেন্ট বতাহ উৰি আহে৷ বিনীতাৰ মুখত এক আনন্দ আৰু সন্তুষ্টি ফুটি উঠে৷ এয়াইতো জীৱনৰ সুখ৷

হঠাৎ বিনীতাই নতুন ডাইনিঙ চেট লোৱাৰ কথা কোৱাত বিপুলে প্ৰথম আচৰিত হ’ল৷
: কি হ’ল৷ একো নকোৱা দেখি বিনিতাই প্ৰশ্ন কৰিলে: :
: একো নকলা যে !
: এইখন দেখোন ভালেই আছে৷ বিপুলৰ উত্তৰ৷
: হব এইখনতে বহি থাকিবা তুমি৷ ভেকাহি মাৰি বিনীতাই আতৰি গ’ল৷

এখন লোৱাই ভাল৷ ফ্লিপকাৰ্টত চালে সি ৷ তাৰ ঠাইলৈ নাহে৷ অহা কেইটা আকৌ পচন্দ নালাগে৷ তাৰ বন্ধুৰ এজনৰ পৰা যোৰহাটৰ দোকান কেইখনমানৰ ফোন নম্বৰ লৈ ফোন কৰিলে৷ হোৱাটচাপত কেইটামান ছখন চকীৰ ছেটৰ ফটো পথাই দিলে৷ চালে ৷ দুওৰো এটা পচন্দ হ’ল৷ একাউন্টত টকাৰ সংখ্যাটো চালে৷ শ্ৰীমতীৰ একাউন্টটো টকা অলপহে আছে৷ তাৰেই অলপ ধাৰে লৈ যেনেতেনে ছেটৰ দামটো যোগাৰ কৰিলে৷ ফ্ৰেব্ৰুৱাৰী মাৰ্চ মাহত টকাৰ টনাটনি প্ৰতিবছৰেই হয়৷ জীৱন বীমাৰ প্ৰিমীয়াম, ইনকাম টেক্স আদি পৰিশোধ কৰোতেই খাতা খালী হৈ যায়৷ মধ্যবিত্তীয় সংসাৰৰ এইবোৰ দৈনন্দিন পাটিগনিত৷ কেতিয়াবা উত্তৰ বিয়োগত ওলায় , কেতিয়াবা অংক আধাতে সামৰিব লগা হয়৷ বয়সত স্বৰ্ণজয়ন্তী পাৰ কৰা বিপুলে জীৱনৰ এই যোগ বিয়োগৰ গনিতবোৰ বহুত কৰিল৷ তথাপিও তাৰ মাজতেই সুখবোৰ বিচাৰি লয়৷

: তোমাৰ ইমান সোনকালে পচন্দ হ’ল যে!
: ভাল বস্তু এবাৰতেই ভাল লাগে৷ বিপুলৰ প্ৰশ্নত বিনীতাৰ চমূ উত্তৰ ৷

বিল অনলাইন পৰিশোধ কৰি ডাইনিঙ ছেট লৈ আহিল৷ ড্ৰাইভাৰ আৰু লগত অহা ল’ৰাজনক বিনীতাই নিজে বনোৱা কেকেৰে চাহ একাপ খুৱালে৷

পৰীৰ নতুন গ্লাছ আৰু কাঠৰ ডাইনিঙ ছেটটো দেখি আনন্দৰ সীমা নাই৷ কোন কোনখন চকীত বহিব তাই কৈ গ’ল৷ নিজক হিচাপ কৰিবলৈ পাহৰিলে৷ দেউতাকে তাইক শুধিলে , “ তুমি কোনখন চকীত বহিবা?“
তাই ক’লে, “ এই খনত“ বহি থকা চকীখন দেখুৱাই তাই ক’লে৷

এইখন ডাইনিঙ চেটতে মাকে পৰীক তাই জনা হোৱাৰ পৰাই পঢ়াইছিল৷ আফটাৰ নাম্বাৰ, বিফোৰ নাম্বাৰ, মিডিল নাম্বাৰ আদি কিমান পঢ়াব লগা হৈছিল৷ পৰীৰ সদায় বিফোৰ নাম্বাৰটোত খেলিমেলি লাগে৷ সৰু হাতৰ বি আৰু ডি আখৰদুটাত লিখোতে গোণ্ডগোল লগায়৷ মাকৰ এটা সময়ত খং উঠে৷ দুই এঠাপৰ দিয়ে৷ পৰীৰ কন্দা কটা৷ “ হেহ, অলপ মৰমেৰে পঢ়াব নোৱাৰা নেকি ! কিয় মাৰি পিটি পঢ়াইছা৷“ - বিপুলে অইনটো কোঠাৰ পৰা চিঞৰে৷ “ এনেকুৱা কৰে তাই যেন আই এ এছ পৰীক্ষাহে দিব“- বিপুলে ভোৰভোৰাই উঠে৷ “ হব, আজিৰ পৰা তুমি পঢ়াবা৷ মই নপঢ়াওঁ৷ পৰীক্ষাত শূণ্য পাই যি পায় পাব৷ নিজে পঢ়াব নোৱাৰে লেকচাৰ দিয়ে৷“ - বিনী উঠি যায়৷ “ মা বহা না৷ হাঁহাঁ না প্লিজ৷“ - পৰীয়ে মাকৰ হাতত ধৰি জোকাৰি দিয়ে৷ ... কভিডৰ বাবে লকডাউনৰ পৰা স্কুল কলেজ বন্ধ৷ ইয়াৰ চকী এখনত বহিয়ে তাই সকলো হোম ৱৰ্ক কৰিলে, ঘৰতে পৰীক্ষা লিখিলে ৷ মাকে লিখাবোৰ ফটো তুলি মিছলৈ হোৱাটচ্আপত পথাই দিয়ে৷ ৰূমটোত ভালকৈ পোহৰ পৰে বাবে ফটো ভাল হয়৷

পূৰণা ডাইনিঙ খন খুলি বিপুলে পাছফালৰ ৰূমটোত থলেগৈ৷
“ কেতিয়াবা বাৰ্থ দে বা পাৰ্টিত কামত আহিব“ বিনিতাই ক’লে৷
“ হয়“ ৷ চকীকেইখন দাঙি নিওঁতে বিপুলৰ ক্ষনিকৰ বাবে মনটো বেয়া লাগিল৷


মধ্যবিত্তীয় আবেগ এটাই তাক হেঁচা মাৰি ধৰিলে৷

ডা: দীপুল হালৈ৷


No comments:

Post a Comment